ডিজিটেল ডেস্কঃ কামাখ্যাৰ অম্বুবাচী মহাযোগত অংশগ্ৰহণ কৰা তীর্থযাত্ৰীসকলৰ বাবে সুবিধাজনক আৰু আৰামদায়ক যাত্ৰা সুনিশ্চিত কৰাৰ বাবে উত্তৰ-পূব সীমান্ত ৰে'লৱেই ব্যাপক ব্যৱস্থা কৰিছে। এই গুৰুত্বপূৰ্ণ আধ্যাত্মিক অনুষ্ঠানত অংশগ্ৰহণ কৰা ভক্তসকলৰ ভিৰ নিয়ন্ত্ৰণৰ বাবে ধাৰাবাহিক ব্যৱস্থা গ্রহণ কৰি থকা হৈছে। যাত্ৰীৰ বৰ্ধিত চাহিদা পূৰণৰ বাবে উত্তৰ-পূব সীমান্ত ৰে'লৱেই কামাখ্যা আৰু গুৱাহাটী ষ্টেছনত বিশেষ টিকট কাউণ্টাৰ স্থাপন কৰিছে।
তীর্থযাত্ৰীসকলৰ বাবে দ্রুত আৰু সুবিধাজনক টিকটৰ ব্যৱস্থাৰ বাবে অতিৰিক্ত কাউণ্টাৰসমূহ দিন-ৰাতি কার্যক্ষম হৈ আছে। ভক্তসকলক সহায় কৰাৰ এক পদক্ষেপ হিচাপে উত্তৰ-পূব সীমান্ত ৰে'লৱে মহিলা কল্যাণ সংস্থাৰ সভানেত্রী শালিনী শ্রীবাস্তৱৰ নেতৃত্বত সংস্থাৰ তৰফৰ পৰা কামাখ্যা ষ্টেছন আৰু ইয়াৰ কাষৰীয়া অঞ্চলসমূহত খাদ্য আৰু পানীয় বিতৰণৰ ব্যৱস্থা গ্রহণ কৰিছে। ভক্তসকলৰ যাত্ৰাৰ সময়ত সু-স্বাস্থ্যৰ নিশ্চয়তাৰ বাবে পৰিষ্কাৰ আৰু স্বাস্থ্যসন্মত খাদ্যৰ পেকেট আৰু পানীৰ বটল বিতৰণ কৰা হৈছে। ইয়াৰ উপৰি অতিৰিক্ত যাত্ৰীৰ ভিৰ নিয়ন্ত্ৰণৰ বাবে উত্তৰ-পূব সীমান্ত ৰে'লৱেই দুখন বিশেষ অসংৰক্ষিত ৰে'লৰ চলাচলৰ ব্যৱস্থা কৰিছে।
ইফালে উত্তৰ-পূব সীমান্ত ৰে'লৱেই যাত্ৰীৰ সহায়, শৃংখলা ৰক্ষা আৰু ভিৰ নিয়ন্ত্ৰণৰ বাবে অতিৰিক্ত ৰে'লৱে সুৰক্ষা বাহিনী আৰু চৰকাৰী ৰে'ল আৰক্ষী জোৱানৰ লগতে বাণিজ্যিক আৰু কাৰিকৰী কৰ্মচাৰীক মোতায়েন কৰিছে। দর্শনার্থীসকলক তথ্য আৰু প্রয়োজনীয় সহায় আগবঢ়াবলৈ হেল্প ডেস্ক আৰু অনুসন্ধান বুথ স্থাপন কৰা হৈছে। উত্তৰ-পূব সীমান্ত ৰে'লৱেই অম্বুবাচী মেলাৰ সময়ত নিৰাপদ আৰু সুবিধাজনক ৰে'ল সেৱা প্ৰদানৰ বাবে প্রতিশ্রুতিবদ্ধ হৈ আছে আৰু যাত্ৰীসকলক ৰে'লৱে কৰ্মচাৰীৰ সৈতে সহযোগিতা কৰি যাত্রা সুগম কৰাৰ বাবে অনুৰোধ জনাইছে।