ডিজিটেল ডেস্ক : শক্তিপীঠ মা কামাখ্যাৰ অম্বুবাচীৰ মহাযোগ উপলক্ষে নীলাচলৰ বুকুত দেশ-বিদেশৰ বিভিন্ন প্ৰান্তৰ ভক্ত আৰু সাধু-সন্ন্যাসীয়ে আহি ভিৰ কৰিছে। সোমবাৰে অম্বুবাচীৰ দ্বিতীয় দিনটোতো হাজাৰ হাজাৰ ভক্তৰ সমাগম ঘটে। উৎকট গৰমকো নেওচি মা কামাখ্যাৰ আশিস লাভৰ আশাত নিজৰ মনোবাঞ্ছা পূৰণৰ কামনাৰে আহিছে ভক্তসকল। দেশৰ ৫১খন শক্তিপীঠৰ ভিতৰত অন্যতম মা কামাখ্যাৰ এই ঐতিহাসিক অম্বুবাচীৰ প্ৰতি অতীতৰে পৰা ভক্তসকলৰ মাজত বিভিন্ন পুৰণি বিশ্বাস আছে। সেইবাবেই এই সময়ছোৱাত লোকাৰণ্য হৈ পৰে নীলাচল পাহাৰ। সমান্তৰালভাৱে নীলাচলৰ বুকুত এতিয়া একপ্ৰকাৰ অলৌকিক পৰিৱেশৰ সৃষ্টি হৈছে। তন্ত্র-মন্ত্র বা বিভিন্ন অলৌকিক কাৰ্যৰে সাধু-বাবাসকলে সকলোৰে দৃষ্টি আকৰ্ষণৰ চেষ্টা কৰিছে। শেহতীয়াকৈ নীলাচললৈ আহিছে বিভিন্ন উপাধিধাৰী বাবা-সাধু। প্ৰতিবছৰৰ দৰে এইবাৰো অম্বুবাচীত ভক্তসকলৰ সা-সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি কামাখ্যা দেৱালয় পৰিচালনা সমিতিৰ লগতে আৰক্ষী-প্রশাসনে বিশেষ ব্যৱস্থা গ্রহণ কৰিছে। সমগ্ৰ নীলাচল পাহাৰত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলাৰ লগতে ভক্তসকলে যাতে কোনোধৰণৰ অসুবিধাৰ সন্মুখীন নহয় তাৰ বাবে প্রশাসন, মন্দিৰ পৰিচালনা সমিতিয়ে তৎপৰতা অব্যাহত ৰাখিছে।
অম্বুবাচী মহাযোগৰ প্ৰবৃত্তি উপলক্ষে ২২ জুনৰ দুপৰীয়া ২ বাজি ৫৬ মিনিট ২৭ ছেকেণ্ডৰ পৰা দেৱালয়ৰ দুৱাৰ ভক্তৰ দৰ্শনৰ বাবে বন্ধ ৰখা হৈছে। নিবৃত্তিৰ পাছত ২৬ জুনৰ পুৱা দেৱী স্নান, নিত্য পূজাৰ পাছত মন্দিৰৰ দুৱাৰ পুনৰ মুকলি কৰা হ'ব। ইতিমধ্যে আইন-শৃংখলা ৰক্ষা আৰু তীর্থযাত্ৰীৰ সুৰক্ষাৰ বাবে দেৱালয়ৰ নিজা ১২০জন স্থায়ী সুৰক্ষা কৰ্মী, ৪০০জন স্কাউট-গাইড, ১৫০জন স্বেচ্ছাসেৱক, ২৫০জন অস্থায়ী সুৰক্ষা কৰ্মীক নিয়োগ কৰা হৈছে। দেৱালয়ৰ চৌপাশে ৫০০ চি চি টিভি কেমেৰা স্থাপন কৰাৰ লগতে পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি গুৰুত্ব দি দেৱালয়ৰ নিজা ২০০জন চাফাই কৰ্মীৰ উপৰি ১১০জন অস্থায়ী চাফাই কর্মী নিয়োগ কৰা হৈছে। ইফালে ভক্তৰ ভিৰৰ প্ৰতি লক্ষ্য ৰাখি সন্ধিয়া ৬ বজাৰ পৰা নীলাচল পাহাৰত ভক্তসকলৰ প্ৰৱেশ বন্ধ কৰা হৈছে। পাণ্ডুৰ পৰা কামাখ্যা মন্দিৰ সংযোগী পথটো ভূমিস্খলনৰ বাবে বন্ধ ৰাখিছে। অম্বুবাচী মহাযোগৰ সময়ত তীর্থযাত্ৰীৰ বাবে ২৪ ঘণ্টীয়া পানী, বিদ্যুৎ, স্বাস্থ্য সেৱা, শৌচালয়ৰ ব্যৱস্থা কৰা হৈছে। আনহাতে, ২২ জুনৰ পৰা ২৭ জুনলৈকে
কামাখ্যাত ভি আই পি বা বিশেষ দৰ্শনৰ সুবিধা বন্ধ ৰখা হৈছে। যিকোনো সাহায্যৰ বাবে ভক্তসকলক জৰুৰীকালীন হেল্পলাইন নম্বৰ ১১২ ডায়েল কৰিবলৈ অনুৰোধ জনোৱা হৈছে।
লক্ষণীয়ভাৱে মা কামাখ্যা দেৱালয়ৰ অতিকে আকর্ষণীয় আৰু বৈচিত্র্যময় ধর্মোৎসৱ অম্বুবাচী মেলাক এই বাৰ অম্বুবাচী মহাযোগ হিচাপে আয়োজন কৰা হৈছে। বিশেষকৈ অম্বুবাচীৰ নিবৃত্তিৰ পাছত মা কামাখ্যাৰ আশিস ল'বলৈ ভক্তসকলে অপেক্ষা কৰে। যাৰ ফলত লাখ লাখ ভক্তৰ সমাগমেৰে মুখৰিত হৈ পৰে নীলাচলৰ বুকু। অম্বুবাচী মহাযোগ পৰিচালনা সমিতিৰ তৰফৰ পৰা ভক্তসকলক শৃংখলাবদ্ধভাবে শাৰী পাতি পাহাৰৰ ওপৰলৈ যাবলৈ আৰু মন্দিৰ পৰিক্ৰমা কৰি উভতি আহি ধর্মীয় পৰিৱেশ অক্ষুণ্ণ ৰখাত সহায় কৰিবলৈ অনুৰোধ জনোৱা হৈছে। অম্বুবাচী মহাযোগ উপলক্ষে গুৱাহাটীত জনসাধাৰণৰ সুৰক্ষা আৰু সঠিক যাতায়াত ব্যৱস্থাপনাৰ উদ্দেশ্যে গুৱাহাটী মহানগৰৰ যান-বাহন শাখাই ২২ জুনৰ পৰা ২৫ জুনলৈ কিছু বিশেষ পৰিবহণ বিধি জাৰি কৰিছে। আনহাতে, ২৬ জুনৰ দিনা দেৱীৰ দৰ্শনৰ বাবে সমবৱত হোৱা দৰ্শনাৰ্থীৰ সুবিধার্থে বংশীবাগানত অস্থায়ী জিৰণি চ'ৰা, চিকিৎসা সেৱা, প্রস্রাৱগাৰ, খোৱাপানীৰ ব্যৱস্থা কৰা হ'ব। ২৬ জুনৰ পুৱা মন্দিৰ দৰ্শনৰ বাবে ভক্তসকল বংশীবাগান খেলপথাৰত একত্ৰিত হ'ব লাগিব। তাৰ পৰা নির্দিষ্ট স্বেচ্ছাসেৱকে তেওঁলোকক শাৰী পাতি মন্দিৰ দৰ্শনৰ বাবে লৈ যাব।