অমিত শ্বাহক অসমলৈ আদৰণি জনাইছোঁ কিন্তু আহি কেৱল মিছা প্ৰতিশ্ৰুতি দি গ'লে নহ'ব

Kakali Deka August 28, 2025

ডিজিটেল ডেস্কঃ   ২৯ আগষ্টত অসমলৈ আহিব কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ। কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীয়ে উক্ত দিনটোত কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। ইয়াৰ ভিতৰত আছে নৱনিৰ্মিত ৰাজভৱন মুকলিৰ কাৰ্যসূচীও। গৃহ মন্ত্ৰী অমিত শ্বাহক অসমভূমিলৈ আদৰণি অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈৰ ।

 লুৰীণজ্যোতি গগৈয়ে কয় যে গৃহ মন্ত্ৰী অমিত শ্বাহক অসমলৈ আদৰণি জনাইছোঁ, কিন্তু পুনৰবাৰ অসমত আহি কেৱল মিছা প্ৰতিশ্ৰুতি দি গ'লে নহ'ব। চৰকাৰে বাংলাদেশী অসমৰ পৰা কিমান খেদিলে তাৰ হিচাপ বা শ্বেতপত্ৰ প্ৰকাশৰ দাবী জনালে গগৈয়ে। 

তেওঁ লগতে কয় যে কেন্দ্ৰীয় নেতা বাৰম্বাৰ অসমলৈ আহি ভাওনাৰ বচন গাই থাকিলে নহ'ব। নিৰ্বাচনৰ বাবে ভোটাৰক প্ৰলোভন দিলেই নহ'ব। অসমৰ জ্বলন্ত সমস্যাসমূহৰ ওপৰত গৃহ মন্ত্ৰীয়ে উত্তৰ দি যাব লাগিব।

বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদনখন কি কৰিলে উত্তৰ দিব লাগিব। অসম চুক্তিৰ ৬নং দফাৰ প্ৰতিবেদন সন্দৰ্ভত প্ৰধানমন্ত্ৰী, গৃহ মন্ত্ৰীক জবাবদিহি অজাপৰ। অসম চুক্তিৰ ৬নং দফা সন্দৰ্ভত সদনত গৃহ মন্ত্ৰীয়ে দিয়া ভাষণ প্ৰদৰ্শন অজাপৰ।


২০১৬ চনতে, 'চৰাই এটাও সোমাব নোৱৰাকৈ ভাৰত-বাংলা সীমান্ত ছীল কৰিম বুলি কৈছিল গৃহ মন্ত্ৰী অমিত শ্বাহে', '২১ত ৰাষ্ট্ৰীয় টেলিভিছনত পুনৰবাৰ একেখিনি কথাই কৈছিল। সীমান্ত ছীল কৰাৰ বৈঠকৰ কথা সোঁৱৰণ লুৰীণজ্যোতিৰ।

কোটি কোটি টকা খৰচ কৰি ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীখন কিয় পেলাই থ'লে কেন্দ্ৰই? প্ৰতীক হাজেলা যদি জগৰীয়া কিয় তেওঁক অসমৰ পৰা যাবলৈ দিয়া হ'ল ? এইবোৰ কথাৰ উত্তৰ দিব লাগিব কেন্দ্ৰীয় গৃহ মন্ত্ৰীজনে।

অমিত শ্বাহে  ৬ বছৰ পূৰ্বে  অসমৰ বানপানীৰ স্থায়ী সমাধানৰ বাবে কি কৈছিল, সেই কথা দোহাৰে লুৰীণে। ছেটেলাইটৰ জৰিয়তে অসমৰ বানপানীৰ সমাধানসূত্ৰৰ কি হ'ল !

ডাঙৰ ডাঙৰ পুখুৰী-গাঁত খান্দি পানী বোৱাই অসমৰ বানপানী নিয়ন্ত্ৰণৰ প্ৰতিশ্ৰুতি আছিল কেন্দ্ৰৰ। ৬ জনগোষ্ঠীৰ জনজাতিকৰণ কেতিয়াকৈ দিব ? সংবাদমেলত অজাপৰ সভাপতিয়ে জবাবদিহি কৰে দেশৰ কেন্দ্ৰীয় গৃহ মন্ত্ৰীক।

Share This