আজি অসমলৈ আহিব অমিত শ্বাহ

dainik janambhumi December 28, 2025

ডিজিটেল ডেস্ক : দুদিনীয়া ভ্রমণ-সূচীৰে আজি অসমলৈ আহিব কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহ। নির্বাচনলৈ মাজত মাত্র তিনি মাহ বাকী থকা অৱস্থাত অসমলৈ আহিব লগীয়া কেন্দ্রীয় গৃহ মন্ত্ৰীগৰাকীয়ে আজি গুৱাহাটীৰ কইনাধৰাস্থিত ৰাজ্যিক অতিথিশালাত নিশা কটাব। সোমবাৰে পুৱা তেওঁ গুৱাহাটীৰ বৰাগাঁৱত থকা শ্বহীদ স্মাৰক ক্ষেত্ৰলৈ যাব। ইয়াৰ পাছত নগাঁও জিলাৰ বটদ্ৰৱাত অসম চৰকাৰে নতুনকৈ নিৰ্মাণ কৰি উলিওৱা ঐতিহাসিক বটদ্ৰৱা প্ৰকল্পৰ উদ্বোধন কৰিব। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাক কলা-সংস্কৃতি আৰু আধ্যাত্মিকতাৰ অন্যতম প্রাণকেন্দ্র হিচাপে গঢ়ি তোলাৰ লগতে পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ কৰি তোলাত এই প্রকল্পই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। 

একেদিনাই গৃহ মন্ত্রী শ্বাহে গুৱাহাটীৰ নতুন আৰক্ষী কাৰ্যালয় আৰু দুহেজাৰৰো অধিক চি চি টিভি নিৰীক্ষণেৰে সমৃদ্ধ কেন্দ্ৰ উদ্বোধন কৰিব। এই কেন্দ্রই ৰাজ্যত সুৰক্ষা আৰু জৰুৰীকালীন সেৱাৰ ব্যৱস্থাক শক্তিশালী কৰি তুলিব বুলি আশা কৰা হৈছে। ইয়াৰ উপৰি, তেওঁ খানাপাৰাত নিৰ্মাণ কৰা জ্যোতি-বিষ্ণুৰ নামেৰে নামকৰণ কৰা এটা প্রেক্ষাগৃহও উদ্বোধন কৰিব। জানিব পৰা মতে, আজি নিশা কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীৰ সৈতে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ'ব। এই বৈঠকতে অনাগত বিধানসভাৰ নিৰ্বাচনৰ সন্দৰ্ভত ৰণ-কৌশল প্ৰস্তুত কৰাৰ লগতে মিত্ৰতাক লৈ আলোচনা কৰা হ'ব। 

ইতিমধ্যে মুখ্যমন্ত্রী ড° শৰ্মাই মিত্ৰতাৰ সন্দৰ্ভত কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীৰ সৈতে আলোচনা কৰা হ'ব বুলি স্পষ্ট কৰি দিছে। দলীয় সূত্ৰৰ মতে, প্ৰধানমন্ত্ৰীৰ অগমনৰ পাছত কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীৰ অসম ভ্রমণে অনাগত নির্বাচনত বিশেষ প্রভাৱ পেলাব। ক'বলৈ গ'লে অমিত শ্বাহে সোমবাৰে বটদ্ৰৱাৰ পৰাই অনাগত বিধানসভাৰ নিৰ্বাচনৰ ৰণডংকা বজাব।

Share This