ডিজিটেল ডেস্কঃ কামপুৰ উৰণ সেতুত সংঘটিত হৈছে ভয়াৱহ পথ দুৰ্ঘটনা৷ তীব্ৰবেগী ট্ৰাকে মহতিয়াই নিলে যাত্ৰীবাহী টমটম৷ বিদ্যালয়লৈ ৫গৰাকী ছাত্ৰ-ছাত্ৰী কঢ়িয়াই নিছিল টমটমখনে৷
দুৰ্ঘটনাত ৩গৰাকী ছাত্ৰ-ছাত্ৰী আহত হৈছে৷ আহতসকলক ততাতৈয়াকৈ কামপুৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ জব্দ কৰিছে ASN 5044 নম্বৰৰ ট্ৰাকখন৷ দুৰ্ঘটনা সংঘটিত কৰি ট্ৰাক চালকজনে পলায়ন কৰে। স্কুলৰ সময়ত গধুৰ যান-বাহনৰ চলাচল বন্ধ কৰিবলৈ বাৰম্বাৰ আহ্বান জনোৱাৰ পিছতো কুম্ভকৰ্ণ নিদ্ৰাত কামপুৰ পৌৰসভা আৰু প্ৰশাসন।
দুদিনমান নাটকৰ আখৰা কৰাৰ দৰে বিদ্যালয় আৰম্ভ আৰু ছুটীৰ সময়ত গধুৰ যান-বাহনৰ চলাচল প্ৰশাসন আৰু পৌৰসভাই বন্ধ কৰিছিল যদিও বৰ্তমান দৈনিক পাৰ হয় শ শ ট্ৰাক-ডাম্পাৰ৷