৫.৯ প্রাবল্যৰ  ভূমিকম্পৰ তীব্ৰ জোকাৰণি, ৰাজ্যজুৰি হাহাকাৰ

Kakali Deka September 15, 2025

ডিজিটেল ডেস্কঃ একাধিক প্রবল ভূমিকম্পত কালি ৰাজ্যত বিস্তৰ ক্ষয়-ক্ষতি হোৱাৰ উপৰি কেইবাজনো লোক আহত হয়। দেওবাৰে বিয়লি চাৰিটাকৈ ভূমিকম্পই ৰাজ্যবাসীক সন্ত্রসিত কৰি যায়। বিয়লি প্রায় ৪-৪১ বজাত প্রথমটো প্রবল ভূমিকম্পই ৰাজ্য জোকাৰি যায়। তাৰ পাছতে তিনিটাকৈ 'আফটাৰ শ্বক' আহে। চৰকাৰী

তথ্য অনুসৰি প্ৰথমটো ভূমিকম্পৰ প্রাবল্য বিখটাৰ স্কেলত ৫.৮ মেগনিটিউট আছিল। সন্ধ্যা ৪-৫৮ বজাত ৩.১ প্রাবল্যৰ দ্বিতীয়টো জোকাৰণি অনুভূত হয়। তাৰ পাছতে ৫-২১ বজাত তৃতীয়টো আৰু ৬-১১ বজাত চতুৰ্থটো জোকাৰণি অনুভূত হয়। এই ভূমিকম্পকেইটাৰ প্রাবল্য ক্রমে ২.১ আৰু ২.৮ মেগনিটিউট আছিল। ৰাষ্ট্ৰীয় ভূমিকম্প বিজ্ঞান কেন্দ্রই এই তথ্য প্রকাশ কৰে। আনহাতে, ৰাজ্যত একেদিনাই অনুভূত হোৱা চাৰিটাকৈ ভূমিকম্পত বিস্তৰ ক্ষয়-ক্ষতি হোৱাৰ তথ্য আহিছে। কেইবাজনো লোক আহত হোৱাৰ তথ্যও আহিছে। ইফালে ভূমিকম্পৰ পাছতে ৰাজ্যিক দুর্যোগ প্রশমন কর্তৃপক্ষই হেল্পলাইন নম্বৰ মুকলি কৰাৰ লগতে কেইবাখনো ৰে'ল সাময়িকভাৱে স্থগিত ৰাখি এন এফ ৰে'লৱেই ৰে'লপথৰ সুৰক্ষা নিশ্চিত কৰিবৰ বাবে পৰীক্ষা কৰে। উল্লেখযোগ্য যে দেওবাৰে আবেলি ধাৰাসাৰ বৰষুণৰ মাজতে প্রায় ৪-৪১ বজাত প্ৰথমটো ভূমিকম্পই ৰাজ্য জোকাৰি যায়। প্রায় ১ মিনিট সময় অব্যাহত থকা এই ভূমিকম্পই ৰাজ্যৰ বিভিন্ন স্থানত বিস্তৰ ক্ষয়-ক্ষতি কৰাৰ খবৰ আহিছে। অসমৰ লগতে দেশৰ অন্য কেইবাখনো ৰাজ্য, চীন, ম্যানমাৰ, ভূটান, নেপাল আৰু বাংলাদেশ আদি মুঠ ছখন দেশত এই ভূমিকম্পৰ জোকাৰণি অনুভূত হোৱা বুলি জানিব পৰা গৈছে। চৰকাৰী তথ্য অনুসৰি এই ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল দৰং জিলাৰ খাৰুপেটীয়াৰ পৰা প্ৰায় ১২ কিঃমিঃ উত্তৰ-পূব আঁতৰত ওদালগুৰি জিলাৰ ভূগৰ্ভৰ প্রায় ৫ কিঃমিঃ গভীৰতাত। দ্বিতীয় আৰু চতুর্থ ভূমিকম্প দুটাৰো অভিকেন্দ্র ওদালগুৰি জিলাতে আছিল। অৱশ্যে তৃতীয়টো ভূমিকম্পৰ অভিকেন্দ্র শোণিতপুৰ জিলাত আছিল। ইতিমধ্যে ৰাজ্যৰ ভিন্ন প্ৰান্তৰৰ পৰা ভূমিকম্পৰ ক্ষয়-ক্ষতিৰ খবৰ আহিছে। ভূমিকম্পৰ ফলত গুৱাহাটীৰ উপৰি শোণিতপুৰ, নলবাৰী, গহপুৰ, নগাঁও আদি কেইবাখনো জিলাত বিস্তৰ ক্ষয়-ক্ষতি হোৱাৰ খবৰ লাভ কৰা গৈছে। ভূমিকম্পত অট্টালিকা হাউলি পৰাৰ উপৰি মাটিত ফাট মেলা আৰু দেৱালত ফাট মেলাৰ লগতে ছাদ খহি পৰাৰ খবৰ আহিছে। গুৱাহাটীৰ ফাঁচিবজাৰ মাখন ভোগ চাৰিআলিৰ ইউকো বেংক থকা অট্টালিকাটো ক্ষতিগ্রস্ত হৈছে। ভূমিকম্পৰ ফলত ফাঁচিবজাৰত থকা অট্টালিকাটো হাউলি পৰে। নলবাৰীৰ কেন্দুকুছিৰ নামঘৰৰ মজিয়াত ফাট মেলাৰ লগতে নামঘৰটোৰ চিলিং খহি পৰে। গহপুৰত ঘৰৰ দেৱালত ফাট মেলে। মিছামাৰীৰ ভিন্ন প্ৰান্তৰত মাটিত ফাট মেলে। অভিকেন্দ্ৰৰ সবাতোকৈ কাষত থকা খাৰুপেটীয়াত দেৱাল খহি ৭জন লোক আহত হয়। তেজপুৰত ভূমিকম্পত গণেশ মন্দিৰৰ ক্ষতিসাধন হৈছে। মন্দিৰৰ পকী দেৱাল ভাঙি খহি পৰাৰ লগতে গণেশ মূর্তিৰো ক্ষতিসাধন হয়। গোলাঘাট জিলাৰ নুমলীগড়ত ভূমিকম্পৰ জোকাৰণিত অট্টালিকাৰ পৰা পৰি এজন যুৱক আঘাতপ্রাপ্ত হয়। নুমলীগড়ত প্ৰধানমন্ত্ৰীৰ অনুষ্ঠানৰ পাছত এন আৰ এলত কৰ্মৰত ফলঙনিৰ বলীন ফুকন নামৰ যুৱকজনে লৱণঘাটত এটা অট্টালিকাত কাম কৰি থকা অৱস্থাত ভূমিকম্পৰ সময়ত পৰি আহত হয়। গুৱাহাটীৰ কাহিলিপাৰাত এটা ঘৰৰ ছাদ খহি পৰাৰ ফলত এগৰাকী যুৱতী আহত হোৱাৰ খবৰ পোৱা গৈছে। ইফালে ভূমিকম্পৰ জোকাৰণিত নগাঁও ইনড'ৰ ষ্টেডিয়ামৰ বিস্তৰ ক্ষতিসাধন হয়। ষ্টেডিয়ামখনৰ ছাদ খহি পৰাৰ ফলত কেইবাজনো খেলুৱৈৰ কথমপি প্ৰাণৰক্ষা পৰে। ইফালে ভূমিকম্পৰ পাছতে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমত প্রতিক্রিয়া প্রকাশ কৰি তেতিয়ালৈ কোনো বৃহৎ ক্ষতিৰ খবৰ জানিব পৰা হোৱা নাই বুলি প্ৰকাশ কৰি পৰিস্থিতিৰ ওপৰত সক্রিয়ভাৱে নজৰ ৰখাৰ কথা উল্লেখ কৰে। ইফালে ভূমিকম্পৰ কথা গম পোৱাৰ পাছত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে তেওঁলৈ ফ'ন কৰি পৰিস্থিতিৰ বুজ লোৱাৰ কথাও সদৰী কৰে। আনহাতে প্রবল ভূমিকম্পৰ পাছতে ৰাজ্যত ট'ল ফ্রী নম্বৰ মুকলি কৰে ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে। ১০৭৯/১০৭০/৯৪০১০৪৪৬১৭ ট'ল ফ্রী নম্বৰ তিনিটা মুকলি কৰি এই নম্বৰত ক্ষয়-ক্ষতিৰ বাতৰি জনাবলৈ আহ্বান জনায়। ইফালে ভূমিকম্পৰ পাছত উত্তৰ- পূব ৰে'ল সংমণ্ডল কর্তৃপক্ষই কেইবাটাও স্থানত কেইবাখনো ৰে'লৰ চলাচল সাময়িকভাৱে স্থগিত ৰাখে। সেই ৰে'লপথছোৱাৰ ভুমিকম্পত ক্ষয়-ক্ষতি হৈছে নেকি সেয়া পৰীক্ষা কৰিবৰ বাবে ৰে'লৰ চলাচল স্থগিত ৰখা বুলি কর্তৃপক্ষই সদৰী কৰিছে। ইফালে মহানগৰীৰ কাহিলিপাৰাতো এগৰাকী মহিলা আহত হোৱাৰ খবৰ পোৱা গৈছে।

Share This