কণমানি দুই কন্যাক হত্যা কৰি মৃতদেহৰ সৈতে শুই থাকিল মাতৃ

Jyoti Borah September 02, 2023

ডিজিটেল ডেস্কঃ কাছাৰত দুই অবুজ কন্যা সন্তানক মাতৃয়ে হত্যা কৰাৰ এটা ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। মাতৃ আজমিৰা বেগম লঙ্কৰে ১০ মহীয়া আৰু ৩ বছৰীয়া কন্যা সন্তান দুটাক হত্যা কৰে। এই নৃশংস আৰু ভয়ানক ঘটনা সোণাই সমষ্টিৰ হাতীখালৰ বাউৰীকান্দি অঞ্চলত সংঘটিত হয়। যোৱা কালি পুৱা এই ঘটনা পৰিয়ালটোৰ আন সদস্যসকলৰ দৃষ্টিগোচৰ হয়। বর্তমান কচু ধৰ্মৰ আৰক্ষীয়ে আজমিৰা বেগমক গ্ৰেপ্তাৰ কৰাৰ লগতে থানাত জেৰা অব্যাহত ৰাখিছে। স্থানীয় ৰাইজে জনোৱা মতে, মহিলাগৰাকীয়ে পুৱা কন্যা সন্তান দুটাৰ সৈতে একেলগে শুই আছিল। 


কিন্তু পৰিয়ালৰ লোকে তেওঁক জগাবলৈ যাওঁতে আজমিৰাক দহ মহীয়া ফাতিমা বেগম লস্কৰ আৰু তিনি বছৰীয়া ৰেজিনা বেগম লস্কৰ নামৰ সন্তান দুটাৰ সৈতে শুই থকা দেখা পায়। মাত দিয়াৰ পাছতো বিছনাৰ পৰা উঠি নহা দেখি কম্বলখন আঁতৰাই দিওঁতে দেখা পায়, মাতৃ আৰু দুটা সন্তানৰ কাপোৰ তিতি থকাৰ লগতে বিছনাত পৰি আছিল শিশু দুটিৰ নিথৰ দেহ। ইয়াৰ পাছতে ঘৰত চিঞৰ-বাখৰ আৰু কান্দোন আৰম্ভ হয়। পৰিয়ালৰ লোকে মহিলাগৰাকীক সোধা-পোছা কৰাত ঘটনাটো পোহৰলৈ আহে। 

স্থানীয় পঞ্চায়ত প্ৰতিনিধিয়ে জনোৱা মতে, মহিলাগৰাকীয়ে স্বীকাৰ কৰা মতে ৩১ আগষ্টৰ নিশাৰ ভাগতে সন্তানসহ তেওঁক ঘৰৰ পৰা বাহিৰলৈ ওলাই যাবলৈ ভাবুকি দিয়া হৈছিল। তেতিয়া তেওঁ নিজৰ সন্তান দুটাক পুখুৰীৰ পানীত উটুৱাই দি পুৱা প্ৰায় ছয় বজাত ঘৰলৈ লৈ আহে। অৱশ্যে এই নৃশংস আৰু হৃদয়বিদাৰক ঘটনাৰ আঁৰত আন কিবা কাৰণ আছে নে নাই সেই কথা আৰক্ষীৰ তদন্তত পোহৰলৈ আহিব বুলি পঞ্চায়ত প্ৰতিনিধিগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয় যে এই খবৰ বিয়পি পৰাৰ পাছতে কচুধৰ্মৰ আৰক্ষীয়েও ঘৰত উপস্থিত হৈ মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰি থানালৈ লৈ যায়। এই ঘটনাই সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰে। উল্লেখযোগ্য যে আজমিৰা বেগম বাউৰীকান্দিৰ ৰেবুল হক লস্কৰৰ দ্বিতীয় পত্নী।

Share This