ডিজিটেল ডেস্ক : অসম ৰাজ্যিক অংগনৱাড়ী কর্মী আৰু সহায়িকা সন্থাৰ নগাঁও জিলা সমিতিয়ে বৃহস্পতিবাৰে নগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্রতিবাদ সাব্যস্ত কৰে।
কেন্দ্ৰীয় চৰকাৰে এফ আৰ এছ পদ্ধতিৰে সংহত শিশু উন্নয়ন আঁচনিৰ (আই চি ডি এছ) হিতাধিকাৰীৰ সংখ্যা হ্রাস কৰাৰ ষড়যন্ত্ৰত লিপ্ত হোৱাৰ প্ৰতিবাদত অংগনৱাড়ী কর্মী আৰু সহায়িকাসকলে ক'লা দিৱস পালন কৰে। এফ আৰ এছ পদ্ধতি বাতিল কৰাৰ দাবীত ক'লা দিৱস পালন কৰা হয়।
কর্মী আৰু সহায়িকাসকলে বিভিন্ন ধ্বনি দি পৰিৱেশ উত্তাল কৰি তোলে। কাৰ্যসূচীৰ অন্তত জিলা আযুক্তৰ জৰিয়তে কেন্দ্ৰীয় মহিলা আৰু শিশু উন্নয়ন মন্ত্রীলৈ এখন স্মাৰক-পত্ৰ প্ৰেৰণ কৰি এফ আৰ এছ পদ্ধতি বাতিল কৰিবলৈ দাবী জনায়।