বাংলাদেশ-বিৰোধী প্ৰতিবাদত উত্তাল ৰাজ্য

dainik janambhumi December 24, 2025

ডিজিটেল ডেস্ক: বাংলাদেশত হিন্দুৰ ওপৰত হোৱা নিৰ্যাতনক লৈ ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত আছে। ইছলামিক জেহাদীৰ দ্বাৰা বাংলাদেশত অবিৰত হিন্দু হত্যা আৰু অত্যাচাৰৰ বিৰুদ্ধে বিভিন্ন দল-সংগঠনে প্রতিবাদ সাব্যস্ত কৰিছে। 

কালি গুৱাহাটীৰ আমবাৰীত ৰাষ্ট্ৰীয় বজৰং দলে বাংলাদেশত‌ হৈ থকা হিন্দুৰ ওপৰত অত্যাচাৰৰ বিৰুদ্ধে তীব্র প্রতিবাদ সাব্যস্ত কৰে। প্রতিবাদকাৰীসকলে বাংলাদেশৰ বৰ্তমানৰ অন্তৰ্বর্তীকালীন চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছৰ পুত্তলিকা দাহ কৰে। দেশখনত হিন্দুৰ ওপৰত আক্ৰমণ বন্ধৰ দাবী জনাই ৰাষ্ট্ৰীয় বজৰং দলে বাংলাদেশত হিন্দুৰ ওপৰত হোৱা ঘটনা কোনো কাৰণতে মানি লোৱা নহ'ব বুলি উল্লেখ কৰাৰ লগতে 'বাংলাদেশী গ' বেক' ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে।

Share This