অসম বিদ্যুৎ নিয়ামক আয়োগলৈ এ পি ডি চি এলৰ প্ৰস্তাৱ
বিদ্যুৎ নিৰিখৰ ৩ তৰপীয়া নতুন ব্যৱস্থা
ডিজিটেল ডেস্কঃ অসম শক্তি বিতৰণ কোম্পানী লিমিটেডে [এ পি ডি চি এল] ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বিদ্যুৎ তিনিটা শ্ৰেণীত বিভক্ত কৰি মাচুল নিৰ্ধাৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে৷ মাচুলৰ নতুন গাঁথনি অনুসৰি দিনটোৰ বাবে তিনিটা শ্ৰেণীৰ সময় থাকিব৷ ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাবে প্ৰস্তাৱিত মাচুল সন্দৰ্ভত অসম বিদ্যুৎ নিয়ামক আয়োগলৈ প্ৰেৰণ কৰিব লগীয়া প্ৰস্তাৱত এ পি ডি চি এলে তিনিটা শ্ৰেণীত মাচুল নিৰ্ধাৰণৰ প্ৰস্তাৱ আগবঢ়াইছে বুলি জানিব পৰা গৈছে৷ এই তিনিটা শ্ৰেণীৰ ভিতৰত থাকিব নিশাৰ সময় [নাইট আৱাৰ], সৌৰ পোহৰ থকা সময় [ছ’লাৰ আৱাৰ] আৰু শীৰ্ষ চাহিদাৰ সময় [পিক আৱাৰ]৷
দিনটোৰ এই তিনিটা সময়ত বিদ্যুৎ মাচুলৰ নিৰিখ হ’ব পৃথক পৃথক ৷ এই নতুন ব্যৱস্থাৰ ফলত বিদ্যুৎ মাচুলৰ নিৰিখ বৰ্তমানে থকা শীৰ্ষ চাহিদাৰ সময় [পিক আৱাৰ] আৰু কম চাহিদা থকা সময় [অফ পিক আৱাৰ] নাইকিয়া হৈ পৰিব৷ বৰ্তমানে সন্ধিয়া ৫ বজাৰ পৰা নিশা ১০ বজালৈ, আনহাতে নিশা ১০ বজাৰ পৰা পিছদিনা সন্ধিয়া ৫ বজালৈ অফ-পিক আৱাৰ হৈ আছে৷ এ পি ডি চি এলৰ সময়ৰ গাঁথনি সলনি কৰি নিশাৰ সময় মাজনিশা ১২ বজাৰ পৰা পুৱা ৬ বজালৈ, সৌৰ সময় পুৱা ৬ বজাৰ পৰা বিয়লি ৫ বজালৈ আৰু শীৰ্ষ সময় (সন্ধিয়া৫ বজাৰ পৰা ১২ বজালৈ অৰ্থাৎ মাজনিশালৈ তিনিটা শ্ৰেণীত মাচুল সংগ্ৰহৰ প্ৰস্তাৱ বিদ্যুৎ নিয়ামক আয়োগলৈ প্ৰেৰণ কৰিছে৷ দুঘণ্টা বৃদ্ধি কৰা হৈছে পিক আৱাৰ৷ ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাবে সময়ভিত্তিত মাচুলৰ প্ৰস্তাৱ এ পি ডি চি এলে নিয়ামক আয়োগক দিছে যদিও আয়োগে মাচুলৰ ক্ষেত্ৰত আগেয়ে জাৰি কৰা নিৰ্দেশনা মানি চলিছে বুলি উল্লেখ কৰিছে৷ এ পি ডি চি এলৰ মতে তেওঁলোকৰ প্ৰস্তাৱত ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাবে সময়ভিত্তিক নিৰিখে সকলো শ্ৰেণীৰ বাবে গড়ভিত্তিত ব্যয় একে ৰাখিব৷ অৰ্থাৎ, বিদ্যুৎ গ্ৰাহকসকলে হঠাৎ মাচুল বৃদ্ধিৰ বোজা বহন কৰিবলগীয়া নহয়৷ এ পি ডি চি এলে ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাবে সকলো শ্ৰেণীৰ গ্ৰাহকৰ বাবে কোনোধৰণৰ মাচুল বৃদ্ধি নকৰাকৈ, ২০২৪ চনৰ ২৭ জুনত আয়োগে অনুমোদন জনোৱা প্ৰচলিত মাচুলৰ নিৰিখ অব্যাহত ৰাখি প্ৰস্তাৱ আগবঢ়াইছে বুলি উল্লেখ কৰিছে৷ কিন্তু প্ৰস্তাৱত দিয়া তালিকাখনত মাচুল গাঁথনিৰ পৰিৱৰ্তন স্পষ্ট হৈ পৰিছে৷ ৫ কিল’ৱাটৰ পৰা ৩০ কিল’ৱাটৰ ওপৰৰ সংযোগ থকা ঘৰুৱা-[বি ] গ্ৰাহকৰ বাবে বৰ্তমানৰ শক্তি চাৰ্জ প্ৰতি ইউনিটত ৮.৭৪ টকা হিচাপে দিয়া হৈছে৷ প্ৰস্তাৱিত মাচুল গাঁথনিত নিশাৰ সময়ত নিৰিখ হ’ব ৮.৯৪ টকা, সৌৰ সময়ত ৬.৯৯ টকা আৰু শীৰ্ষ সময়ত নিৰিখ হ’ব ৯.৬২ টকা৷ ০.৫ কিল’ৱাটৰ পৰা ৩০ কিল’ৱাটৰ ওপৰত সংযুক্ত লোড থকা বাণিজ্যিক গ্ৰাহকৰ বাবে বৰ্তমানৰ মাচুল প্ৰতি ইউনিটত ৯.১৯ টকা৷ প্ৰস্তাৱিত মাচুল গাঁথনিত ৰাতিৰ সময়ত ৯.৩৯ টকা, সৌৰ ঘণ্টাত ৭.৩৫ টকা আৰু শীৰ্ষ সময়ত ১১.০২ টকা হ’ব৷
লগতে, ৩০ কিল’ৱাট পৰ্যন্ত চৰকাৰী প্ৰাথমিক, মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বাবে বৰ্তমানৰ শুল্ক প্ৰতি ইউনিটত ৮.১৪ টকা৷ ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাবে প্ৰস্তাৱিত মাচুল ৰাতিৰ সময়ত ৮.৩৪ টকা, সৌৰ সময়ত ৬.৫১ টকা আৰু শীৰ্ষ চাহিদাৰ সময়ত হ’ব ৮.৯৫ টকা৷ এল টি শিতানৰ ইলেক্ট্ৰিক ভেহিকল্ চাৰ্জিং ষ্টেছনৰ বাবে এই পৰিৱৰ্তন অধিক স্পষ্ট হৈছে৷ য’ত বৰ্তমানৰ শুল্ক প্ৰতি ইউনিটত ৭.১৯ টকা৷ প্ৰস্তাৱিত মাচুল অনুসৰি ৰাতিৰ সময়ত ৯.৭৫ টকা, সৌৰ সময়ত ৭.৬৪ টকা আৰু শীৰ্ষ সময়ত ১০.৫০ টকা হ’ব৷ ইফালে শক্তি মন্ত্ৰী প্ৰশান্ত ফুকনে সংবাদ মাধ্যমৰ আগত কয় যে বৰ্তমানে বিদ্যুৎ মাচুল বৃদ্ধি কৰাৰ প্ৰয়োজন নাই৷ এ পি ডি চি এলে এইবাৰ অতিৰিক্ত ৬০০ কোটি টকা ৰাজহ সংগ্ৰহ কৰিছে৷ বিভিন্ন উৎসৰ পৰা বিদ্যুৎ উৎপাদনৰ প্ৰচেষ্টাও চলি আছে৷ সেয়েহে মাচুল বৃদ্ধি কৰা কথাৰ কোনো প্ৰাসংগিকতা নাই৷