ডিজিটেল ডেস্ক: অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতি যুগমীয়া কৰাৰ বাবে গঠন কৰা জুবিন গাৰ্গ ন্যাসলৈ ৰাজ্য চৰকাৰে পাঁচ কোটি টকা আগবঢ়াব। আনহাতে শিল্পীগৰাকীক হত্যা কৰাৰ সন্দৰ্ভত আদালতত চলি থকা গোচৰটো সুচাৰু ৰূপে আগবঢ়াই নিয়াৰ বাবে চৰকাৰে পাঁচ গৰাকী বিশিষ্ট আইনজ্ঞও নিয়োগ কৰাৰ সিদ্ধান্ত লৈছে। কালি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত দিছপুৰত অনুষ্ঠিত কেবিনেট বৈঠকত এই সিদ্ধান্ত গ্রহণ কৰা হয়।
বৈঠকৰ পাছত অনুষ্ঠিত এখন সংবাদমেলত মুখ্যমন্ত্রী ড° শৰ্মাই কয়, 'আজিৰ কেবিনেটে জুবিন গাৰ্গৰ হত্যাৰ বিচাৰ প্ৰক্ৰিয়াত অসম চৰকাৰৰ হৈ আদালতত যুক্তি প্ৰদৰ্শনৰ বাবে বিশেষ লোক অধিবক্তাৰ এটা দল গঠনত অনুমোদন জনায়। দলটোৰ সদস্যসকল হৈছে- গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা জিয়াউল কামাৰ (বিশেষ লোক অধিবক্তা), অধিবক্তা ব্রজেন্দ্র মোহন চৌধুৰী (অতিৰিক্ত বিশেষ লোক অধিবক্তা), অধিবক্তা কিশোৰ দত্ত, প্রাঞ্জল দত্ত আৰু বিকাশ জামাৰ (সহকাৰী বিশেষ লোক অধিবক্তা)। এই দলটোৱে আদালতত ন্যায়িক প্রক্রিয়াটো আগুৱাই নিয়াত সহায় কৰিব। আনহাতে কালিৰ কেবিনেটে জুবিন গাৰ্গৰ পৰিয়াল আৰু বন্ধুসকলে জুবিন গাৰ্গ ন্যাস আৰম্ভ কৰাত কেবিনেটে আদৰণি জনায় বুলি জনাই তেওঁ কয়- সদ্যহতে কেবিনেটে ন্যাসলৈ পাঁচ কোটি টকা বৰঙনি আগবঢ়োৱাৰ সিদ্ধান্ত লৈছে। ইতিমধ্যে 'ৰৈ ৰৈ বিনালে' ছবিখনৰ জি এছ টিৰ টকাও দিয়া হৈছে। পৰৱৰ্তী সময়ত ন্যাসে আন আঁচনি দিলেও সহায় কৰা হ'ব।
ইফালে কালিৰ কেবিনেটে বড়ো সাহিত্য সভাক গুৱাহাটীৰ বেতকুছিত এক বিঘা মাটি আরণ্টন দিয়াত অনুমোদন জনোৱাৰ কথা ব্যক্ত কৰি তেওঁ কয় যে আজি প্ৰধানমন্ত্ৰীৰ অসম আগমনৰ সন্দৰ্ভতো বিস্তৃতভাবে আলোচনা কৰা হয়। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ দুদিনীয়া অসম আগমনৰ বিস্তৃত তথ্য প্ৰকাশ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, 'অহা ১৭ জানুৱাৰীৰ বিয়লি গুৱাহাটীত প্রধানমন্ত্রী গৰাকী উপস্থিত হৈ সৰুসজাইত বাগৰুম্বা নৃত্য প্ৰদৰ্শনৰ এক অনুষ্ঠানত ভাগ ল'ব। আঠৰ পৰা দহ হাজাৰ শিল্পীয়ে এই অনুষ্ঠান প্ৰদৰ্শন কৰিব। নিশা ৰাজ্যিক অতিথিশালাত কটাই পিছদিনা তেওঁ কলিয়াবৰৰ মৌচন্দা পথাৰত অনুষ্ঠিত হ'ব লগীয়া এখন ৰাজহুৱা অনুষ্ঠানত অংশ গ্রহণ কৰিব। এই অনুষ্ঠানতে তেওঁ কাজিৰঙা এলিভেটেড কৰিডৰৰ শিলান্যাস কৰিব।
৬৯৫৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰিব লগীয়া ৩৪ কিল'মিটাৰ দৈৰ্ঘ্যৰ এই কৰিডৰ নিৰ্মাণ কৰাৰ ফলত বানৰ সময়ত পথ অতিক্ৰম কৰা বন্যপ্ৰাণীৰ মৃত্যু নোহোৱা হ'ব। আনহাতে কৰিডৰটো হ'লে বোকাখাতৰ পৰা কলিয়াবৰ বিছ মিনিটত পাব পাৰিম বুলি জনাই তেওঁ কয় যে এতিয়া এই পথছোৱা অতিক্রম কৰিবলৈ এক ঘণ্টা পোন্ধৰ মিনিট সময় লাগে। একেদৰে যোৰহাট-গুৱাহাটীৰ যাত্ৰাৰ সময়ো চাৰে চাৰি ঘণ্টালৈ হ্রাস পাব। অসমে ইয়াৰ আগতে এনে মেগা প্রজেক্ট লাভ কৰা নাছিল বুলি উল্লেখ কৰি তেওঁ কয় যে এই নতুন পথটো হ'লেও এতিয়া থকা পথটো বন্ধ কৰা নহয়। দুয়োটা পথ ব্যৱহাৰ কৰিব পাৰিব। কাজিৰঙালৈ যোৱা গাড়ী পূৰ্বৰ পথেৰেই যাব পাৰিব। মাথোঁ নিত ট্রাক বা বাছবোৰ এলিভেটেড কৰিডৰেৰে যাব লাগিব। এই প্রকল্পটো অসমক প্রদান কৰাৰ বাবে প্ৰধানমন্ত্ৰী আৰু পথ পৰিবহণ তথা ৰাষ্ট্ৰীয় ঘাই পথ দপ্তৰৰ মন্ত্রী নীতিন গডকাৰিক মুখ্যমন্ত্ৰীগৰাকীয়ে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইফালে বন্দে ভাৰত ৰে'লখনৰ উপৰি অসমে আৰু দুখন ৰে'ল লাভ কৰিব বুলি জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, 'গুৱাহাটী আৰু কলকাতাৰ মাজত চলিব লগীয়া ভাৰতৰ প্ৰথমখন শ্লিপাৰ বন্দে ভাৰত ট্রেইন ১৭ জানুৱাৰীত কলকাতাৰ পৰা প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিব। ইয়াৰ পাছত তেওঁ ১৮ জানুৱাৰীত আৰু অসমত দুখন ৰে'ল মুকলি কৰিব। ইয়াৰে এখন গুৱাহাটীৰ পৰা ৰোহটকলৈ আৰু এখন ডিব্ৰুগড়ৰ পৰা লক্ষ্মৌলৈ চলিব। ইফালে বিছ ফেব্ৰুৱাৰীত মহিলাসকলে অৰুণোদয়ৰ ধন পাব বুলি জনাই তেওঁ কয় যে এটি কলি দুটি পাত নামৰ এখন আঁচনিৰ অধীনত চাহ শ্রমিকক পাঁচ হাজাৰ টকাৰ উপহাৰ দিয়া হ'ব। ২৫ জানুৱাৰীত এই কাৰ্যসূচী ডুমডুমাত ৰূপায়ণ হ'ব। ইয়াৰ পাছত ২৯ ফেব্ৰুৱাৰীত ডিব্ৰুগড়ত অসম বিধানসভাৰ দ্বিতীয়টো চৌহদ নিৰ্মাণৰ কাম কেন্দ্রীয় গৃহ মন্ত্ৰীয়ে আৰম্ভ কৰিব বুলি জনাই তেওঁ কয়- অহা ১১ জানুৱাৰীত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে উত্তৰ গুৱাহাটীত উচ্চ ন্যায়ালয়ৰ নতুন চৌহদৰ আধাৰশিলাও স্থাপন কৰিব।
সংবাদমেলখনত মুখ্যমন্ত্রীয়ে কংগ্রেছকো চোকা ভাষাৰে সমালোচনা কৰে। তেওঁ কয়, 'কংগ্ৰেছৰ গোটেই নির্বাচনটো অবৈধ বাংলাদেশীৰ ভোটৰ ওপৰত নিৰ্ভৰ কৰিব। দুর্ভাগ্যৰ কথা অসমৰ মিঞা মুছলমানসকলে কংগ্রেছক ধনে-জনে সহায় কৰে। কিন্তু দুখৰ সময়ত কংগ্ৰেছে তেওঁলোকৰ কোনো খবৰ নলয়। উচ্ছেদৰ সময়ত কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ উচ্ছেদথলীলৈ গৈছে নেকি বুলি প্রশ্ন তুলি তেওঁ কয়, 'কংগ্ৰেছৰ লক্ষ্য মাথোঁ ভোট আৰু টকা।' ইফালে যোৰহাটৰ সাংসদ গৌৰৱ গগৈক সমালোচনা কৰি তেওঁ কয়, 'যোৰহাটৰ সাংসদগৰাকীয়ে এম পি ফাণ্ডত কৰা কামবোৰ চাব। তেতিয়া গম পাব তেওঁলোকে কিমান প্রবঞ্চনা কৰিছে। কংগ্ৰেছ কাৰো বন্ধু নহয়।' কংগ্ৰেছৰ ভিতৰ চ'ৰাক কন্দল চলি আছে বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। তেওঁ কয়, 'কংগ্ৰেছ নেতাই টিকট দিম বুলি তিনি-চাৰি কোটি টকা লৈছে। ডাঙৰ ডাঙৰকৈ বিয়া পাতিছে। পাছত যেতিয়া এইবোৰ লোকে প্রার্থিত্ব নাপাব, তেতিয়া ডাঙৰ ঘটনা হ'ব। ধুবুৰীত আৰক্ষীয়েও পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব নোৱাৰা হ'ব। কিয়নো এখন অসনৰ বিপৰীতে চাৰি-পাঁচজন লোকে ধন দি দিছে।
উল্লেখযোগ্য যে অহা এপ্রিল মাহত খালী হ'ব লগীয়া ৰাজ্য সভাৰ তিনিখন আসনতে এইবাৰ বিজেপিয়ে প্রার্থী থিয় কৰাব। মুখ্যমন্ত্রীয়ে এই কথা অৱগত কৰি কয় যে পূৰ্বতে তিনিখন আসন খালী হওঁতে অজিত কুমাৰ ভূঞাক ভাল লোক বুলি ভাবি আমি এখন আসনত প্রার্থী দিয়া নাছিলোঁ। কিন্তু তেওঁ সাংসদ পুঁজিৰ ধন কি কৰিলে সকলোৱে দেখিছে। গতিকে এইবাৰ আমি তিনিখন আসনতে প্রার্থী থিয় কৰাম।'