ডিজিটেল ডেস্ক: দশম বার্ষিক চৰাইদেউ মহোৎসৱৰ বাকৰিত কালি যেন ইতিহাসৰ পুনৰাবৃত্তি ঘটিল। আহোমৰ সবাতোকৈ শ্রেষ্ঠ উপাসনাস্থলী লাংকুৰি দেওশালত বগা ঘোঁৰা বলি দি স্বৰ্গদেৱে শিঙৰি ঘৰত উপবিষ্ট হোৱা পৰম্পৰাক যেন কালি জীৱন্ত ৰূপত উপস্থাপন কৰা হ'ল মহোৎসৱৰ বাকৰিত।
চৰাইদেউ মহোৎসৱৰ কালি দ্বিতীয় দিনৰ কাৰ্যসূচী অনুসৰি প্ৰতীকীৰূপত স্বৰ্গদেউক তিনিজনা মন্ত্ৰী ক্রমে বুঢ়াগোহাঁই, বৰগোহাঁই আৰু বৰপাত্ৰ গোহাঁয়ে শতাধিক সৈন্য-সামন্তৰে পৰিৱেষ্টিত হৈ শিঙৰি ঘৰত বহুওৱাৰ পূৰ্বে লাংকুৰি দেওশালৰ পৰা পূজা-অর্চনাৰ অন্তত স্বৰ্গদেউ সদলবলে হাতীৰ পিঠিত উঠি মহোৎসৱৰ থলীলৈ আগমন ঘটে। তাৰ পাছত টাই ম'লুং নৃপেন মহনৰ নেতৃত্বত হোৱা ফুৰালুং পূজাত স্বর্গদেৱে অংশগ্রহণ কৰি দেশ-জাতিৰ মংগলৰ হকে আশীৰ্বাদ বিচাৰে আৰু তাৰ পাছতে প্রতীকীৰূপত ৰাজসভাত বহে। প্রতীকী স্বৰ্গদেউৰ বৃহৎ দলটোৱে চৰাইদেউ মৈদামৰ পাদদেশত অৱস্থিত লাংকুৰি দেওশালৰ পৰা ঐতিহাসিক ধোদৰ আলিয়েদি শৱ নিয়া আলিয়েদি প্ৰায় চাৰি কিল'মিটাৰ দৈৰ্ঘ্যৰ পথছোৱা পদব্রজে আহি মহোৎসৱৰ মূল থলীলৈ অহাৰ সময়ত পথৰ দুয়োকাষে শ শ জনতাই 'পেয়ং লি' ধ্বনিৰে স্বৰ্গদেউক আদৰণি জনায়।
আনহাতে, চৰাইদেউ মহোৎসৱৰ কালি দ্বিতীয় দিনা পুৱা সমূহীয়া দৌৰ প্রতিযোগিতা উদ্বোধন কৰে চৰাইদেউ জিলাৰ জ্যেষ্ঠ আৰক্ষী বিষয়া সুৰজিৎ সিং পানেছৰে। ইয়াৰ পাছতে থলুৱা পৰম্পৰাগত খেল-ধেমালি প্রতিযোগিতা আৰু ছাত্র-ছাত্ৰীসকলৰ মাজত ৰচনা আৰু চিত্রাংকণ প্রতিযোগিতা অনুষ্ঠিত হয়। সন্ধিয়ালৈ স্বৰ্গদেউসকলৰ উপাসনাস্থলী লাংকুৰি দেওশালত সমূহীয়া বন্তি প্রজ্বলন কৰা হয়। ইফালে শুকুৰবাৰে সন্ধিয়া অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্রতি শ্রদ্ধা জনাই প্রায় পাঁচ হাজাৰ লোকে 'মায়াবিনী' গীতটো পৰিৱেশন কৰে। আনহাতে, মহোৎসৱৰ খাদ্য মেলা আৰু আন বিপণীসমূহত আজি দৰ্শনাৰ্থীৰ ভিৰ পৰিলক্ষিত হয়।