ডিজিটেল ডেস্ক: মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্যৰ বিজেপি চৰকাৰখনৰ অন্তিমখন বিধানসভাৰ অধিৱেশন অহা ১৬ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব।
ৰাজ্যপালৰ ভাষণেৰে আৰম্ভ হ'বলগীয়া এইবাৰৰ অধিৱেশন ৪ দিনীয়াকৈ অনুষ্ঠিত হ'ব। পঞ্চদশ অসম বিধানসভাৰ অন্তিমখন অধিৱেশনৰ দ্বিতীয় দিনা অর্থাৎ ১৭ ফেব্ৰুৱাৰীত সদনত উত্থাপন কৰা হ'ব আগন্তুক বিত্তীয় বৰ্ষৰ বাবে লেখানুদান।
বিধানসভাৰ নিৰ্বাচনৰ বাবেই পূৰ্ণাংগ বাজেটৰ সলনি উত্থাপন হ'ব লেখানুদান। সদনত লেখানুদান বিত্ত মন্ত্রী অজন্তা নেওগে দাখিল কৰিব বুলি জানিবলৈ দি কালি সাংবাদিকৰ আগত বিধানসভাৰ প্ৰধান সচিব দুলাল পেগুৱে কয় যে সদনত এখন সংশোধনী বিধেয়কো উত্থাপন হ'ব। একেদৰে ৰাজ্য চৰকাৰখনে পৰিপূৰক দাবী মঞ্জুৰীও উত্থাপন কৰাৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰিছে পেগুৱে।