গ্ৰন্থপ্ৰেমীৰ ভিৰত জীপাল গুৱাহাটীৰ অসম গ্রন্থমেলা, ৯ দিনত ৪.৭০ কোটি টকাৰ গ্ৰন্থ বিক্ৰী

dainik janambhumi January 02, 2026

ডিজিটেল ডেস্ক: নৱবৰ্ষৰ কালি পহিলা দিনটোত উৎসাহী পুথিপ্ৰেমীৰ বিপুল সমাৱেশ হয় অসম গ্রন্থমেলা, গুৱাহাটীত। পুৱা গ্ৰন্থমেলাৰ দ্বাৰ মুকলি কৰাৰ পৰা আৰম্ভ হোৱা জনস্রোতে সন্ধিয়ালৈ বিৰ দি বাট নোপোৱা অৱস্থাৰ সৃষ্টি কৰে খানাপাৰা বাকৰিত।

নতুন বছৰৰ প্ৰথম দিনটো গ্ৰন্থৰ সান্নিধ্যৰে আদৰিবলৈ পুথিপ্রেমী বিদ্বৎ সমাজ, জ্ঞানান্বেষী শিক্ষার্থী আৰু লেখক-সাহিত্যিকৰ বিশাল সমাৱেশে গ্রন্থমেলাত উছৱৰ লহৰ সৃষ্টি কৰে। বিপণীত হেঁপাহৰ গ্ৰন্থ ক্ৰয় কৰি নৱবৰ্ষ ২০২৬ক স্বাগতম জনায় পঢ়ুৱৈ সমাজে। কালি কিতাপৰ বিক্ৰীও আশাব্যঞ্জক বুলি সদৰী কৰিছে অসম প্রকাশন পৰিষদৰ লগতে আন আন প্রকাশন গোষ্ঠীসমূহে। যোৱা ২৪ ডিচেম্বৰৰ পৰা কালি ১ জানুৱাৰী পর্যন্ত অর্থাৎ ন দিনত প্রায় ৪ কোটি ৭০ লাখ টকাৰ গ্রন্থ বিক্ৰী হোৱা বুলি জনাইছে উদ্যোক্তাসকলে। 

ইপিনে কালি বিয়লি ২-৩০ বজাত অসম প্রকাশন পৰিষদে গ্ৰন্থমেলাৰ জুবিন গাৰ্গ সোঁৱৰণী অস্থায়ী প্রেক্ষাগৃহত আয়োজন কৰে 'গল্পগাথা' শীর্ষক এটা মনোজ্ঞ অনুষ্ঠান। এই অনুষ্ঠান উদ্বোধন কৰে বিশিষ্ট ঔপন্যাসিক-গল্পকাৰ, অসম সাহিত্য সভাৰ প্রাক্তন সভাপতি ড° ধ্ৰুৱজ্যোতি বৰাই। তেওঁ কয়, 'গল্প লেখাটো সহজ কাম নহয়। গল্প এবিধ বর্ণনাত্মক কলা। গল্প বুলিলে কাহিনী এটা থাকেই যদিও কাহিনী নথকা গল্পক লৈও বিভিন্ন সম্পৰীক্ষা হৈছে। গল্প আৰু উপন্যাসৰ চৰিত্ৰগত পার্থক্য যেন লাহে লাহে নোহোৱা হৈ আহিছে। এই কলাটোক আজিকালি 'ফিক্সন' বুলি কোৱা হৈছে। গল্প মানে 'শ্বর্ট ফিক্সন' আৰু উপন্যাস মানে 'লং ফিক্সন'ৰ ধাৰণাটো গ্ৰহণ কৰিব পৰা হৈ আহিছে।' তেওঁ লগতে কয় যে বিশ্ব সাহিত্যলৈ দৃষ্টি দিলে বুজিব পাৰি আজিকালি নতুন চিন্তা-ধাৰণাৰ সমাহাৰ ঘটিছে কথাশিল্পত। অসমীয়া সাহিত্যতো এনেধৰণৰ ৰসোত্তীৰ্ণ সৃষ্টি হৈছে। কিন্তু জনপ্রিয় হোৱাৰ পৰিকল্পনাৰে ৰচনা কৰা সাহিত্যৰ স্থায়িত্ব কম। জনপ্রিয়তা অৰ্জনৰ ফর্মুলাৰে ভাল সাহিত্য সৃষ্টি নহয়। সাহিত্যিক বিচাৰ আৰু 'পপুলাৰিটী'ৰ মাজত পাৰ্থক্য আছে। গল্প, কবিতা সকলো ক্ষেত্ৰতে এয়া পৰীক্ষিত সত্য। 

বিশিষ্ট গল্পকাৰ অতনু ভট্টাচাৰ্যই পৰিচালনা কৰা আৰু গীতালি বৰাই আঁত ধৰা 'গল্পগাথা' অনুষ্ঠানত অংশগ্ৰহণ কৰি গল্পকাৰ অপূৰ্ব কুমাৰ শইকীয়া, শিৱানন্দ কাকতী, বিতোপন বৰবৰা, প্রশান্ত কুমাৰ দাস, মণিকা দেৱী, অপু ভৰদ্বাজ, অৰূপ কুমাৰ নাথ, অৰ্চনা বৰঠাকুৰ, মনস্বিনী ৰুণুমী মহন্ত, পংকজ দত্ত, জিন্তু গীতাৰ্থই নিজৰ সৃষ্টিৰ বিষয়ে কোৱাৰ উপৰি সাম্প্ৰতিক অসমীয়া গল্প সাহিত্য, বিশ্ব সাহিত্যত বৰ্তমানৰ কথাশিল্পৰ ৰূপ, স্থিতি, পৰীক্ষা-নিৰীক্ষাৰ বিষয়ে মতামত আগবঢ়ায়। ইয়াৰ পাছত সন্ধিয়া এলানি মন পৰশা সাংস্কৃতিক প্রতিযোগিতা অনুষ্ঠিত হয় জুবিন গাৰ্গ সোঁৱৰণী প্রেক্ষাগৃহৰ মঞ্চত। এই সাংস্কৃতিক প্রতিযোগিতাত যোগদান কৰে এছ বি অ' এ পাব্লিক স্কুল, গড়চুক, নৱোদয় জাতীয় বিদ্যালয়, হেঙেৰাবাৰী আৰু ৰাধাগোবিন্দ বৰুৱা মহাবিদ্যালয়ে ।

Share This