অসমৰ মুখ্যমন্ত্ৰীয়ে কেতিয়াও মিছা কথা নকয়

dainik janambhumi May 20, 2025

ডিজিটেল ডেস্ক : মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা আৰু কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ মাজত চলি থকা বাকযুদ্ধ তুংগত উঠিছে। সাংসদ গৌৰৱ গগৈৰ সন্দৰ্ভত কোৱা এটাও কথা যদি মিছা হয় তেনেহ'লে ৰাজনীতি এৰিম আনকি ঘৰতো নোসোমাওঁ বুলি কালি ঘোষণা কৰা মুখ্যমন্ত্ৰীগৰাকীয়ে কালি পুনৰ কয়- 'হিমন্ত বিশ্ব শর্মাই মিছা কথা ক'লেও অসমৰ মুখ্যমন্ত্ৰীজনে কেতিয়াও মিছা কথা নকয়।' 

সাংসদ গৌৰৱ গগৈয়ে মুখ্যমন্ত্রীয়ে ৯৯ শতাংশই মিছা কথা কৈছে বুলি উত্থাপন কৰা অভিযোগৰ প্ৰত্যুত্তৰ দি মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য-'মুখ্যমন্ত্ৰী এগৰাকীয়ে মিছা কথা ক'ব নোৱাৰে। কাৰণ অসমৰ মুখ্যমন্ত্ৰীয়ে যদি মিছা কথা কয় তেনেহ'লে বিধানসভাত মোৰ বিৰুদ্ধে প্ৰস্তাৱ উত্থাপন হ'ব। ন্যায়ালয়লৈও মোক চমন দিব পাৰিব। হিমন্ত বিশ্ব শৰ্মাই হাজাৰটা মিছা কথা ক'ব পাৰে। কিন্তু অসমৰ মুখ্যমন্ত্ৰীয়ে মিছা কথা ক'ব নোৱাৰে।' ইফালে আমি সোধা প্রশ্নসমূহৰ সঠিক উত্তৰ গৌৰৱ গগৈয়ে দিয়া নাই বুলি মত প্রকাশ কৰি তেওঁ লগতে কয় যে আমি পাঁচটা প্রশ্ন সুধিছিলোঁ, তেওঁ তাৰ এটাৰো উত্তৰ দিয়া নাই। তেওঁ পাকিস্তানলৈ গৈছিল নে নাই? তেওঁৰ সন্তানৰ নাগৰিকত্ব কি? তেওঁৰ পৰিবাৰে পাকিস্তানৰ পৰা বেতন লাভ কৰিছিল নে নাই? এই কথাবোৰৰ উত্তৰ তেওঁ দিয়াৰ পৰা বিৰত আছে। 

আনহাতে এইবোৰ কথা এছ আই টিৰ আগত কিয় সাংবাদিকৰ আগত কৈ দিলেই হ'ল বুলিও কয় ড° শর্মাই। প্রণিধানযোগ্য যে মুখ্যমন্ত্রী ড° শর্মা বাংলাদেশলৈ যোৱাৰ সন্দৰ্ভত কালি গৌৰৱ গগৈয়ে যি কথা প্রকাশ কৰিছিল তাৰো  উত্তৰ দিয়ে তেওঁ। ড° শর্মাই কয়- বাংলাদেশৰ সৈতে আমাৰ কি আছে? বাংলাদেশৰ সৈতে আমাৰ অহা-যোৱা আগৰে পৰাই আছিল। মহম্মদ ইউনুছ অহাৰ পাছতহে আমাৰ অহা-যোৱাটো বন্ধ হ'ল। শ্বেখ হাছিনা থাকোঁতে বাংলাদেশ আমাৰ আটাইতকৈ বন্ধু দেশ আছিল। সেই কথা সকলোৱে জানে। আজিও তাত ভাৰতৰ মানুহ আছে। পাকিস্তানৰ সৈতে বাংলাদেশৰ ৰিজনি ঠিক নহয়। অৱশ্যে আজিৰ তাৰিখত বাংলাদেশলৈ যোৱাটো অপৰাধ বুলিও কয় মুখ্যমন্ত্ৰীয়ে। তেওঁৰ মতে এতিয়া বাংলাদেশৰ মুৰব্বী ইউনুছ ভাৰত বিৰোধী। ইফালে সাংসদ গৌৰৱ গগৈয়ে সংবাদমেল দি সাংবাদিকসকলক ঠগিব খুজিছে বুলিও কয় মুখ্যমন্ত্রীয়ে।

Share This