ডিজিটেল ডেস্ক : অসম চাইক্লিং সন্থাৰ বৰ্তমানৰ কাৰ্যনিৰ্বাহক সমিতিখনৰ শেহতীয়া কর্মকাণ্ডই লজ্জানত কৰিছে সচেতন ৰাইজক। ৰাজ্যখনৰ আৰক্ষী বিভাগটোৰ মুৰব্বী হৰমিত সিং (আই পি এছ) সভাপতি আৰু ড° তপন দাস সাধাৰণ সম্পাদক হৈ থকা ৰাজ্যিক ক্রীড়া সন্থাটোৰ ভিতৰ চ'ৰাত এতিয়া অৰাজক পৰিস্থিতি বিৰাজমান। খেল-খেলুৱৈৰ প্ৰতি গুৰুত্ব, দায়িত্ব আৰু দায়বদ্ধতা প্রকাশ নকৰাকৈয়ে তেওঁলোকে চলাই গৈছে কার্যকাল। যাৰ ফলত শেহতীয়াকৈ ওড়িশাৰ চম্বলপুৰত যোৱা ২-৬ ডিচেম্বৰত অনুষ্ঠিত ৩০সংখ্যক ৰাষ্ট্ৰীয় ৰ'ড চাইক্লিং চেম্পিয়নশ্বিপত অংশগ্রহণ কৰিবলৈ যোৱা অসমৰ খেলুৱৈয়ে ভাৰালৈ লোৱা চাইকেলেৰে প্রতিদ্বন্দ্বিতা আগবঢ়োৱা কাৰ্যই নজিৰ সৃষ্টি কৰে।
ভাৰতীয় চাইক্লিং ফেডাৰেশ্যনে (চি এফ আই) ছাব-জুনিয়ৰ, জুনিয়ৰ, য়ুথ, অনূর্ধ্ব-২৩ আৰু পুৰুষ-মহিলা শাখা সামৰি আয়োজন কৰা ৰাষ্ট্ৰীয় প্রতিযোগিতাখনত অংশগ্ৰহণ কৰিবলৈ গৈছিল অসমৰ ২০জনীয়া দল এটাই। প্রতিযোগিতাখনত অসম দলৰ কোনো খেলুৱৈয়ে পদকৰ মুখ নেদেখিলে। অৱশ্যে সফলতানো আহিব কেনেকৈ? অসম দলক প্রতিনিধিত্ব কৰা খেলুৱৈয়ে ক'ত কেনেদৰে অনুশীলন চলাইছিল, খেলুৱৈসকলৰ প্রয়োজনীয় ক্রীড়া সঁজুলি কেনেদৰে যা-যোগাৰ কৰিছে! সেই খবৰসমূহ ৰাখিবলৈ সময় ওলাইছিলনে অসম চাইক্লিং সন্থাৰ বিয়াগোম বিষয়ববীয়াসকলৰ? কাৰণ যিকোনো ৰাষ্ট্ৰীয় প্রতিযোগিতাৰ পূৰ্বে শক্তিশালী অসম দল এটা গঠনৰ বাবে যাৱতীয় প্রস্তুতি, প্রশিক্ষণ, অনুশীলনৰ প্ৰয়োজন। সেই কথা সকলোৰে জ্ঞাত। তাৰ বিপৰীতে কাৰ্যত দায়িত্ববাহী অসম চাইক্লিং সন্থাই সেই দিশত একোৱেই নকৰিলে। আগতেও কৰা নাই। জোঁৰ পুৰি হাত পোৱা অৱস্থাত কেৱল যেন ফেডাৰেশ্যনৰ স্বীকৃতি বৰ্তাই ৰখা তাগিদাতহে দল প্ৰেৰণ কৰিবলৈ খদমদম লগায়। যাৰ ফলত অসম দলে সদ্যসমাপ্ত ৰাষ্ট্ৰীয় প্রতিযোগিতাখনত শোচনীয় প্ৰদৰ্শন দাঙি ধৰে। অৱশ্যে তাৰ মাজতো অসমৰ ৰূপজ্যোতি কাকতী, চয়নিকা গগৈয়ে (এন এৰ আৰ) নিজা ইভেণ্টত সপ্তম স্থান, মেঘালী দলে নৱম, টিংকল গগৈয়ে সপ্তদশ আৰু দেবানুজ শইকীয়াই ৩৬সংখ্যক স্থান অর্জন কৰিবলৈ সক্ষম হয়।
পৰিতাপৰ বিষয়টো হ'ল অসম দলৰ খেলুৱৈসকলে ৰাষ্ট্ৰীয় প্রতিযোগিতালৈ যোৱাৰ বেলিকা ৰাজ্যিক চাইক্লিং সন্থাটোৰ পৰা সহায়-সাহযোগিতাৰ নামত ফুটা কঢ়ি এটাও নাপালে। অহা-যোৱা, থকা-খোৱা সকলো কৰিব লগা হ'ল গাঁঠিৰ ধন ভাঙি। আনহে নালাগে, কাব্যনীল নামৰ অসমৰ চাইক্লিষ্টগৰাকীয়ে প্রতিযোগিতালৈ বুলি চাইকেল ভাৰাত লৈ যাবলগীয়া অৱস্থা হ'ল। খেলুৱৈয়ে সকলোবিলাক যদি নিজা প্রচেষ্টাতে কৰিব লাগে তেন্তে ৰাজ্যিক চাইক্লিং সন্থাটোৰণো কি কাম। বিষয়টোক লৈ অসমৰ চাইক্লিং ক্রীড়াক্ষেত্ৰত বিৰূপ প্রতিক্ৰিয়াৰ সৃষ্টি হৈছে।