পেহেলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহতৰ পৰিয়াললৈ অসম চৰকাৰে আগবঢ়াব ৫ লাখ টকাৰ আৰ্থিক সাহায্য

Rashmi April 25, 2025

ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰৰ পেহেলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ঘটনাই জোকাৰি গৈছে সমগ্ৰ দেশ। এই ঘটনাত ২৬ জন লোক নিহত হোৱাৰ লগতে কেইবাজনো আহত হয়। সন্ত্ৰাসবাদীৰ এই আক্ৰমণৰ প্ৰত্যুত্তৰ দিবলৈ ইতিমধ্যে সাজু হৈছে ভাৰত।

ইয়াৰ মাজতে সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ঘটনাত নিহতসকলৰ পৰিয়াললৈ আৰ্থিক সাহায্যৰ কথা ঘোষণা কৰে অসম চৰকাৰে। সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে এই ঘটনাত নিহতসকলৰ পৰিয়াললৈ অসম চৰকাৰে ৫ লাখ টকাৰ আৰ্থিক সহায় আগবঢ়াব।

তেওঁ সামাজিক মাধ্যমত লিখে- পেহেলগামত সন্ত্ৰাসবাদৰ বলি হোৱা লোকসকলৰ ত্যাগক সোঁৱৰণ কৰি আৰু তেখেতসকলৰ পৰিয়ালক শ্ৰদ্ধাৰ চিনস্বৰূপে আমাৰ অসম চৰকাৰে প্ৰতিগৰাকী মৃতকৰ পৰিয়াললৈ ৫ লাখ টকাৰ আৰ্থিক সহায় আগবঢ়াবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। বহুদিন ধৰি আমাৰ ৰাজ্যখনো সন্ত্ৰাসবাদত আক্ৰান্ত হৈ আছিল বাবে আমি তেনে ভুক্তভোগী পৰিয়ালসমূহৰ যন্ত্ৰণা আৰু দুখ-কষ্ট বুজি পাওঁ আৰু এই শোকৰ মুহূৰ্তত আমি অসমবাসী তেওঁলোকৰ সৈতে সহমৰ্মিতাৰে নিশ্চয়কৈ থিয় দিম৷
তেওঁ আগলৈ কয়- পেহেলগামত সন্ত্ৰাসবাদৰ বলি হোৱা লোকসকলৰ ত্যাগক সোঁৱৰণ কৰি আৰু তেখেতসকলৰ পৰিয়ালক শ্ৰদ্ধাৰ চিন স্বৰূপে আমাৰ অসম চৰকাৰে প্ৰতিগৰাকী মৃতকৰ পৰিয়াললৈ ৫ লাখ টকাৰ আৰ্থিক সহায় আগবঢ়াবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। বহুদিন ধৰি আমাৰ ৰাজ্যখনো সন্ত্ৰাসবাদত আক্ৰান্ত হৈ আছিল বাবে আমি তেনে ভুক্তভোগী পৰিয়ালসমূহৰ যন্ত্ৰণা আৰু দুখ-কষ্ট বুজি পাওঁ আৰু এই শোকৰ মুহূৰ্তত আমি অসমবাসী তেওঁলোকৰ সৈতে সহমৰ্মিতাৰে নিশ্চয়কৈ থিয় দিম৷

উল্লেখ্য যে,এই আক্ৰমণ ঘটনাত সন্ত্ৰাসবাদীসকলে ধৰ্ম সুধি হত্যাকাণ্ড সংঘটিত কৰিছিল। পোহৰলৈ অহা ভিডিঅ' আৰু তথ্য অনুসৰি সন্ত্ৰাসবাদীয়ে পৰ্যটকসকলক কলিমা পঢ়িবলৈ দিছিল আৰু যিয়ে পঢ়িব পৰা নাছিল সেইসকলক হত্যা কৰিছিল। এই ঘটনাৰ পাছতে ভাৰত আৰু পাকিস্তানৰ মাজৰ উত্তেজনা তীব্ৰ গতিত বৃদ্ধি পাইছে। দেশ দুখনে পৰস্পৰে পৰস্পৰৰ বিৰুদ্ধে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। ভাৰতে সিন্ধু জল চুক্তি স্থগিত, অৰ্টাৰী সীমান্ত বন্ধ কৰাৰ বিপৰীতে পাকিস্তানে বাঘা সীমান্ত বন্ধ, ভাৰতীয়ৰ ভিছা কৰ্তনকে ধৰি বিভিন্ন পদক্ষেপ গ্ৰহণ কৰে।

উৎস: প্ৰাগ নিউজ ডিজিটেল

Share This