ডিজিটেল ডেস্ক: আন্দোলন বিৱৰ্জিত পৰিৱেশৰ বাবেই অসম বিকাশৰ ক্ষেত্ৰত দেশৰ ভিতৰত প্ৰথম শাৰীত আগবঢ়া বিকশিত ৰাজ্যৰূপে পৰিগণিত হৈছে। কিয়নো ভাৰতীয় ৰিজার্ভ বেংকে অসমক ২০২০ৰ পৰা ২০২৫লৈকে সকলোতকৈ ক্ষিপ্ৰতাৰে বিকাশ কৰা ৰাজ্য হিচাপে বিবেচনা কৰিছে।
কালি ইংৰাজী নতুন বছৰৰ প্ৰথম দিনটোত ৰাজ্যৰ সাংবাদিকসকলৰ সৈতে কৰা মত বিনিময়ত এই কথা প্রকাশ কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই কয় যে ২০২০-২০২৫ চনত আৰ বি আয়ে সমগ্র দেশৰ ভিতৰতে সৰ্বাধিক দ্রুতগতিত বিকাশ কৰা ৰাজ্য হিচাপে অসমক স্বীকৃতি দিছে। ৰাষ্ট্ৰীয় গড় আছিল ২৯ শতাংশ আৰু অসমৰ বৃদ্ধি আছিল ৪৫ শতাংশ। অসমৰ অৰ্থনীতিত জি এছ ডি পিৰ সৈতে এক শক্তিশালী ৰূপান্তৰ ঘটিছে আৰু বৰ্তমানৰ মূল্য ২০২১-২২ চনত ৪.১০ লাখ কোটি টকাৰ পৰা ২০২৫-২৬ বৰ্ষৰ ভিতৰত ৭.৪১ টকালৈ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।
মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে ৰাজ্যখনৰ জনমূৰি আয় ৫৪ শতাংশ হাৰত বৃদ্ধি পাইছে, ২০২১ চনত জনমূৰি আয় আছিল ১.০৩ লাখ টকা। এতিয়া এই আয় বৃদ্ধি হৈছে ১.৫৯ লাখ টকালৈ। ৰাজ্যৰ ৰাজহ ৫৩ শতাংশ হাৰত বৃদ্ধি পাইছে। অসম আজি সুস্থিৰ ব্যৱস্থাপনাৰে সুস্থিৰ ৰাজ্য হিচাপে পৰিগণিত হৈছে। মুখ্যমন্ত্ৰীয়ে সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত কয় যে ৰাজ্যখনৰ আইন-শৃংখলাৰ পৰিস্থিতি দ্রুতভাবে উন্নত হৈছে। যাৰ ফলত গোচৰৰ সংখ্যা হ্রাস পোৱাৰ লগতে দোষী সাব্যস্ত হোৱা অপৰাধীৰ হাৰ বৃদ্ধি পালেগৈ। তেওঁ কয় যে গৃহ পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ মতে নতুন অপৰাধ আইন ৰূপায়ণৰ ক্ষেত্ৰত অসম সকলো ৰাজ্যৰ ভিতৰত প্ৰথম স্থানত আছে, দ্বিতীয় স্থানত থকা ৰাজ্য হ'ল হাৰিয়ানা। ২০২১ চনত ১,৩৩,২৩৯টা গোচৰ পঞ্জীয়ন হৈছিল, আৰু ২০২৫ চনত ৪৩,৭৪৮টা গোচৰলৈ হ্রাস পাইছে। আদালতত চার্জশীট দাখিল ৮১ শতাংশ বৃদ্ধি পাইছে। ২০২১ চনত দোষী সাব্যস্ত হোৱাৰ হাৰ আছিল ৬ শতাংশ, বর্তমান ই বৃদ্ধি পাই ২৬.৩৮ শতাংশ হৈছেগৈ। এইক্ষেত্রত ৰাষ্ট্ৰীয় হাৰ হৈছে ৩৫ শতাংশ। যোৱা বছৰটোত ২৯১৯ কোটি টকাৰ ড্ৰাগছ জব্দ কৰা হয়। তেওঁ লগতে ঘোষণা কৰে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জানুৱাৰী মাহত ৩২ কিল'মিটাৰ দৈর্ঘ্যৰ কাজিৰঙা এলিভেটেড কৰিড'ৰৰ আধাৰশিলা আৰু ফেব্ৰুৱাৰী মাহত প্ৰস্তাৱিত গেলেফু ৰে'লপথ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব।
মুখ্যমন্ত্রীয়ে কয় যে বিগত পাঁচ বছৰত আন্তঃগাঁথনিৰ ক্ষেত্ৰত বহু কাম কৰা হৈছে। ব্রহ্মপুত্র নদীৰ ওপৰত চাৰিখন নতুন দলং নিৰ্মাণৰ কাম চলি আছে। ফেব্ৰুৱাৰী মাহত গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলংখন মুকলি কৰিব পৰা যাব। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে মুঠ প্রায় ৩৪.৪৫ কিল'মিটাৰ দৈৰ্ঘ্যৰ কাজিৰঙা এলিভেট কৰিডৰৰ আধাৰশিলা স্থাপন কৰিব, যাৰ আনুমানিক খৰচ ৬৯৫৭ কোটি টকা । তেওঁ লগতে কয় যে গহপুৰৰ পৰা নুমলীগড়লৈ সংযোগ কৰা পানীৰ তলেৰে সুৰংগপথ নিৰ্মাণৰ প্ৰস্তাৱ আছিল যদিও প্রধানমন্ত্ৰীয়ে এই সুৰংগ পথৰ লগত ৰে'লপথ সংলগ্ন কৰাৰ পৰামৰ্শ দিয়ে। যাৰ ফলত প্ৰস্তাৱিত ব্যয় আগৰ ১২ হাজাৰ কোটি টকাৰ পৰা ২০ হাজাৰ কোটি টকালৈ বৃদ্ধি হ'ব এই প্ৰকল্পৰ বাবে কেন্দ্রীয় বিত্ত মন্ত্র্যালয়ে ইতিমধ্যে অনুমোদন জনাইছে। মুখ্যমন্ত্রী শর্মাই আৰু কয় যে লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমান বন্দৰৰ পৰা জালুকবাৰীলৈ এটা এলিভেটেড কৰিড'ৰ নিৰ্মাণৰ প্ৰস্তাৱ লোৱা হৈছে। তদুপৰি ৬৮ একৰ মাটিত এৰ'চিটি নিৰ্মাণ কৰা হ'ব। ১২০ মেগাৱাট কপিলী জলবিদ্যুৎ প্রকল্প শীঘ্রেই কার্যক্ষম হৈ শক্তি উৎপাদনক্ষম হ'ব। ৰাজ্যৰ ঔদ্যোগিক ক্ষেত্ৰৰ বিকাশৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ভাৰত চৰকাৰে বিনিয়োগৰ ক্ষেত্ৰত অসমক বিশ্বৰ মানচিত্ৰত স্থান দিয়াৰ প্ৰচেষ্টা হাতত লৈছে। যাৰ ফলত অন্ধ্র প্রদেশ, মহাৰাষ্ট্ৰৰ লগত অসমক স্থান দি ভাৰতীয় দলক প্রতিনিধিত্ব কৰাৰ সুযোগ দিছে। তিনিওখন ৰাজ্যৰ মুখ্যমন্ত্রীকেইগৰাকীয়ে এইক্ষেত্রত বিনিয়োগৰ সম্ভাৱনা সুযোগ সন্দর্ভত বিদেশত কার্যসূচীত অংশগ্রহণ কৰিব।
মুখ্যমন্ত্রীয়ে কয় যে এই প্রচেষ্টাই অসমক ঔদ্যোগিকৰণৰ কেন্দ্ৰবিন্দুত পৰিণত কৰিব। মুখ্যমন্ত্ৰীয়ে জাগীৰোডৰ ছেমি কণ্ডাক্টৰ, চাপৰ শক্তি প্ৰকল্পৰ কথা উল্লেখ কৰাৰ লগতে ধান ক্ৰয়ৰ হাৰ ৮০ শতাংশলৈ বৃদ্ধি পোৱাৰ তথ্যও সদৰী কৰে। তেওঁ আৰু কয় যে ৰাজ্যত চৰকাৰী চাকৰিত নিযুক্তিয়ে চলিত জানুৱাৰীত ডেৰ লাখ অতিক্ৰম কৰিব। ফেব্ৰুৱাৰীত নিযুক্তি দিয়াৰ পাছত নিযুক্তিয়ে দুই লাখৰ দিশলৈ গতি কৰিব। শিক্ষা খণ্ডৰ বিকাশৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে আধাতে বিদ্যালয় এৰা শিক্ষাৰ্থীৰ সংখ্যা হ্রাস পাইছে। ২০১৫ চনত প্রাথমিক বিদ্যালয়ত ৭.৪ শতাংশই আধাতে বিদ্যালয় এৰিছিল। এতিয়া এই হাৰ হ্রাস পাইছে ৩.৮ শতাংশলৈ। উচ্চ প্রাথমিকত ৭.১ শতাংশৰ পৰা ৫ শতাংশলৈ আৰু মাধ্যমিক স্তৰত ৩০ শতাংশৰ পৰা ১৭ শতাংশলৈ হ্রাস হৈছে। বৰ্তমানৰ চৰকাৰৰ কার্যকালত ৭১খন নতুন আইন প্রণয়ন কৰাৰ লগতে সময়ৰ লগত খাপ নোখোৱা ৩৭৩খন আইন বাতিল কৰিছে আৰু ৭০খন নতুন নীতি প্রণয়ন কৰিছে। বিদেশ চৰকাৰৰ কাৰ্যকালত প্ৰধানমন্ত্ৰীয়ে ৩৭ বাৰ অসম ভ্ৰমণ কৰাটো স্বাধীনতাৰ ৭৫ বছৰত এক অভিলেখ বুলি দাবী কৰে মুখ্যমন্ত্রী ড° শৰ্মাই। এই চৰকাৰৰ কাৰ্যকালত অনুষ্ঠিত হোৱা ১৮৮খন কেবিনেট বৈঠকত ২৫৮৯টা সিদ্ধান্তত অনুমোদন জনোৱা হয়। ২০২৫ বর্ষতে ৪৩খন কেবিনেট বৈঠক অনুষ্ঠিত হয়। তেওঁ আৰু কয় যে আগতে সংসদত দিয়া ভাষণত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে মোগলৰ আক্ৰমণৰ প্ৰসংগত কেৱল শিৱাজীৰ নাম উচ্চাৰণ কৰিছিল, এতিয়া শিৱাজীৰ লগতে লাচিতৰ নামো একে সমানে উচ্চাৰণ কৰাটো চাৰিশ বছৰীয়া লাচিতৰ জন্মজয়ন্তীত এক বিশেষ স্বীকৃতি হিচাপে পৰিগণিত হৈছে।
মুখ্যমন্ত্ৰীয়ে আৰু উল্লেখ কৰে যে ২০২৫ বৰ্ষত ৰাজ্যত এটাও গঁড় নিধন হোৱা নাই। কাজিৰঙাত সোণালী বাঘৰ অৱস্থিতি পোৱাৰ পাছত কাজিৰঙা আৰু কাৰ্বি পাহাৰৰ লেণ্ড স্কেপত ৩৫ বছৰৰ পাছত বনৰীয়া ৱাইল্ড ডগৰ অৱস্থিতি পোৱা গৈছে বুলিও মুখ্যমন্ত্রীয়ে কয়। তেওঁ কয় যে আগতে আন্দোলনকাৰী ৰাজ্য হিচাপে অসম পৰিচিত আছিল। আজি সেই পৰিৱেশ নাই যাৰ ফলত আজি একেখন ৰাজ্যই প্ৰথম স্তৰৰ বিকাশৰ ৰাজ্যৰূপে আগবাঢ়িবলৈ সক্ষম হৈছে বুলি উল্লেখ কৰে মুখ্যমন্ত্রী ড° শৰ্মাই।