অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ নৱনিৰ্বাচিত সভাপতি গৌৰৱ গগৈক অভিনন্দন অসম জাতীয় পৰিষদৰ

Rashmi May 26, 2025

ডিজিটেল ডেস্ক : অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ নতুন সভাপতি হিচাপে নিযুক্তি পোৱা লোক সভাৰ বিৰোধী উপ-দলপতি তথা যোৰহাটৰ সাংসদ গৌৰৱ গগৈক অভিনন্দন জনাইছে অসম জাতীয় পৰিষদে৷

এক প্ৰেছবাৰ্তাত দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই কয়, ‘লোক সভাৰ বিৰোধী উপ-দলপতি তথা যোৰহাটৰ সাংসদ গৌৰৱ গগৈক এই নতুন দায়িত্বৰ বাবে অভিনন্দন আৰু শুভেচ্ছা জনাইছোঁ৷ আমি আশা কৰিছোঁ, আগন্তুক সময়ত আমি সামূহিকভাৱে চলাই অহা বিজেপি-বিৰোধী যুঁজখনে এতিয়াৰে পৰা নতুন গতি লাভ কৰিব৷’ 

গগৈ আৰু ভূঞাই লগতে কয়, ‘বিজেপি চৰকাৰখনৰ স্বেচ্ছাচাৰিতা আৰু অগণতান্ত্ৰিক শাসন ব্যৱস্থাৰ বিৰুদ্ধে এই খবৰ নিঃসন্দেহে বিজেপি-বিৰোধী শিবিৰৰ বাবে আশাপ্ৰদ৷ অসমত বিজেপি চৰকাৰখনক উৎখাত কৰিবলৈ বিজেপি-বিৰোধী সকলো শক্তি একত্ৰিত হোৱাটো সময়ৰ জৰুৰী আহ্বান৷ এই আহ্বানৰ উপলব্ধিৰে প্ৰদেশ কংগ্ৰেছৰ নতুন সভাপতিগৰাকীয়ে বিৰোধী ঐক্যক অধিক শক্তিশালী কৰিবলৈ তৎপৰতা অৱলম্বন কৰিব বুলি আমি আশা কৰিছোঁ৷’

উৎস: প্ৰাগ নিউজ ডিজিটেল

Share This