পিকনিকৰ বাবে কঠোৰ এছ অ' পি জাৰি অসম আৰক্ষীৰ

dainik janambhumi December 20, 2025

ডিজিটেল ডেস্ক: আহি গ'ল আকৌ পিকনিকৰ বতৰ। নতুন বছৰৰ আগমনৰ প্ৰাকমুহূৰ্তত ৰাইজ এতিয়া ব্যস্ত হ'ব আপোনজনৰ লগত একেলগে প্ৰকৃতিৰ বুকুত এসাঁজ খাই লগে ভাগে বনভোজ উদযাপন কৰাত। কিন্তু এইবাৰ পিকনিক খাবলৈ যাওঁতে সকলো বিশেষভাৱে সাৱধান হ'ব লাগিব। কাৰণ অসম আৰক্ষীয়ে জাৰি কৰিছে পিকনিকৰ কঠোৰ এছ অ' পি। এছ অ' পিৰ নিৰ্দেশনাৱলী ভংগ কৰিলে সন্মুখীন হ'ব লাগিব শাস্তিৰ। 

আৰক্ষীয়ে পিকনিকৰ আয়োজন কৰোঁতে পালন কৰিবলগীয়া আৰু কি কি কৰিব নালাগিব তাৰ স্পষ্ট নির্দেশনা জাৰি কৰিছে। ইয়াৰ ভিতৰত প্ৰতিটো পিকনিক পার্টিয়ে সুৰাপান নকৰা গাড়ীচালকেৰে গাড়ী চলোৱা, ভ্ৰমণৰ উপযোগী বাহন ব্যৱহাৰ কৰা, যাত্রীবাহী বাহন ব্যৱহাৰ কৰা, গাড়ীত ছীটবেল্ট আৰু মটৰচাইকেলত হেলমেট ব্যৱহাৰ কৰা, যান-বাহন আইন মানি গাড়ী চলোৱা, নিৰ্ধাৰিত বা সুৰক্ষিত স্থানতহে বাহন পার্কিং কৰা, জৰুৰীকালীন অত্যাৱশ্যকীয় ফাষ্ট এইড কীট লগত ৰখা নিশ্চিত কৰিবলৈ নির্দেশনা দিছে। 

আনহাতে, অতিমাত্রা বেগত গাড়ী নচলোৱা, সুৰাপান কৰি গাড়ী নচলোৱা, আসনৰ ক্ষমতাতকৈ অধিক লোক বাহনত নোযোৱা, মালবাহী গাড়ীত পিকনিকলৈ নোযোৱা, ডাঙৰ শব্দত গান নবজোৱা, ভ্ৰমণৰ অনুপযোগী বাহন ব্যৱহাৰ নকৰা, অনুমতিবিহীন স্থানত যান-বাহন পার্কিং নকৰা, ডাঠ কুঁৱলী বা প্রতিকূল বতৰত যাত্ৰা নকৰা, সূর্যোদয়ৰ আগত আৰু সূর্যাস্তৰ পাছত যাত্রা নকৰাটো নিশ্চিত কৰিবলৈ আৰক্ষীয়ে নিৰ্দেশ জাৰি কৰিছে।

Share This