জনমূৰি আয়ৰ তালিকাত তলৰ ফালৰ পৰাহে অসম পঞ্চম স্থানত
Kakali Deka
July 31, 2024
দৈনিক জনমভূমিঃ দেশৰ শীৰ্ষ পাঁচখন ৰাজ্যৰ ভিতৰত নহয়, জনমূৰি আয়ৰ তালিকাত দেশৰ ভিতৰতে অসমে তলফালৰ পৰাহে পঞ্চম স্থান অধিকাৰ কৰিছে৷ যি সময়ত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ বিকাশৰ গতি ক্ষিপ্ৰ হোৱা বুলি দাবী কৰি আহিছে সেই সময়তে আজি সংসদৰ মজিয়াত ৰাজ্যখনৰ এই পুতৌজনক ছবিখন দাঙি ধৰিছে খোদ কেন্দ্ৰীয় চৰকাৰে৷
ৰাজ্য সভাত কেন্দ্ৰীয় বিত্ত মন্ত্ৰ্যালয়ৰ ৰাজ্য মন্ত্ৰী পংকজ চৌধুৰীয়ে প্ৰকাশ কৰা মতে, জনমূৰি আয়ৰ ক্ষেত্ৰত দেশৰ চ্ছখন ৰাজ্যৰ ভিতৰত অসমৰ স্থান হৈছে ২২৷ ২০২২-২৩ বৰ্ষত অসমৰ ঘৰুৱা জনমূৰি আয় হৈছে মাত্ৰ ৰ,২০,৩৩৬ টকা৷ অসমৰ এই শোচনীয় অৱস্থাৰ বিপৰীতে জনমূৰি আয়ৰ এই তালিকাৰ প্ৰথম স্থানত আছে গোৱা৷ গোৱাৰ ঘৰুৱা জনমূৰি আয় হৈছে প্ত,৩২,৮৫৪ টকা৷ আনহাতে, দ্বিতীয় স্থানত থকা ছিকিমৰ জনমূৰি আয় প্ত,১৯,৯৬৪ টকা আৰু তৃতীয় স্থানত থকা দিল্লীৰ জনমূৰি আয় হৈছে চ্ছ্ৰ,৩০,১২০ টকা৷ আনকি অসমৰ তুলনাত উত্তৰ-পূৰ্বাঞ্চলৰ অৰুণাচল প্ৰদেশ, নগালেণ্ড, ত্ৰিপুৰাৰ দৰে ৰাজ্যৰো জনমূৰি আয় বহু বেছি৷ গুজৰাট, উত্তৰাখণ্ড, তেলেংগানা, তামিলনাডু, কেৰালা, হিমাচল প্ৰদেশ, হাৰিয়ানা আদি ৰাজ্যৰ জনমূৰি আয় অসমতকৈ দুগুণৰো অধিক৷
উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ ব্যাপক উন্নয়ন হোৱা বুলি দাবী কৰি আহিছে৷ কিন্তু কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিবেদনতে স্পষ্ট হৈছে অসমৰ উন্নয়নৰ প্ৰকৃত ছবিখন৷ প্ৰকৃতাৰ্থত ঋণ লৈহে ৰাজ্য চলাই আছে মুখ্যমন্ত্ৰী ড॰ শৰ্মাই৷ ইফালে, প্ৰতি মাহে ঋণ লোৱাৰ ফলত ৰাজ্যবাসীৰ মূৰৰ ওপৰত থকা ঋণৰ বোজাৰ লগতে সুতৰ পৰিমাণো বৃদ্ধি পাইছে৷
কিন্তু ভোটৰ অংকত ইখনৰ পাছত সিখনকৈ হিতাধিকাৰী আঁচনি ৰূপায়ণত ব্যস্ত হৈ থকা মুখ্যমন্ত্ৰীয়ে এইবোৰ কথালৈ বিশেষ গুৰুত্ব দিয়া নাই৷ যাৰ ফলত ৰাজ্যবাসীৰ জনমূৰি আয় বৃদ্ধি পোৱা নাই৷ অসমৰ এনে শোচনীয় অৱস্থাৰ বিপৰীতে কিন্তু দেশৰ আন আন ৰাজ্যসমূহৰ জনমূৰি আয় প্ৰতি বছৰে লক্ষণীয়ভাৱে বৃদ্ধি পাইছে৷
Share This