দিল্লীত উজলিল অসমৰ টেৰাকটাৰ প্রতীকপট

dainik janambhumi January 28, 2026

ডিজিটেল ডেস্ক: দিল্লীৰ কৰ্তব্য পথত গণৰাজ্য দিৱসৰ পেৰেডত উজলিল অসমৰ প্রতীকপট। ধুবুৰীৰ আশাৰকান্দিৰ টেৰাকোটা শিল্পৰে নির্মিত অসমৰ প্ৰতীকপটে নয়ন জুৰালে গণৰাজ্য দিৱসৰ পেৰেডত উপস্থিত থকা অভ্যাগতৰ। 

অনাদৃত, অৱহেলিত হৈ থকা আশাৰীকান্দিৰ চহা শিল্পীয়ে নির্মাণ কৰা এই প্রতীকপটত আশাৰীকান্দি গাঁওখন অংকন কৰা হৈছিল। প্রতীকপটৰ সন্মুখত এটা আকর্ষণীয় টেৰাকোটা মূর্তি স্থাপন কৰা হয়, যাৰ চাৰিওফালে আছিল বৃত্তাকাৰ আৰ্হিত সজোৱা একোটাকৈ মাটিৰ চাকি। যিয়ে পোহৰ, ধাৰাবাহিকতা আৰু পৰম্পৰাৰ প্ৰতীক হিচাপে উজলি উঠে। 

আনহাতে, অসমৰ বাঁহ শিল্প আৰু ৰাজ্যৰ গ্ৰাম্য অৰ্থনীতিৰ লগতে বহনক্ষম উন্নয়নৰ কথা সোঁৱৰাই দি প্রতীকপটটোৰ চৌকাষ বাঁহৰ বেৰেৰে সজোৱা হৈছিল। ময়ূৰপংখী আকৃতিৰ নাৱত ছন্দোবদ্ধ গতিৰে আগবাঢ়িছিল অসমৰ মাটিৰ সুগন্ধ। প্রতীকপটৰ কাষতে বিহু গীত গাই অসমীয়া বিহুৱতী আগবাঢ়ি গৈছিল। অসমৰ এই প্রতীকপট আগবাঢ়ি যোৱাৰ লগে লগেই প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ লগতে তেওঁৰ দুয়োকাষে থকা ইউৰোপিয়ান ইউনিয়নৰ প্ৰতিনিধিয়ে হাত চাপৰি বজাই আদৰণি জনোৱা পৰিলক্ষিত হয় ।

Share This