বাজেটক আদৰণি মুখ্যমন্ত্ৰী ড° শৰ্মাৰ, ২০২৬-২৭ বর্ষত অসমে অতিৰিক্তভাৱে পাব ২০০০ কোটি টকা

dainik janambhumi February 02, 2026

ডিজিটেল ডেস্ক: এইবাৰৰ কেন্দ্ৰীয় বাজেটত অসমে কেন্দ্ৰীয় চৰকাৰৰ পৰা যি কৰৰ অংশ লাভ কৰে সেয়া অহা পাঁচ বছৰৰ বাবে ৩.১২ শতাংশৰ পৰা ৩.২৫ শতাংশলৈ বৃদ্ধি কৰিছে। যাৰ ফলত ২০২৬-২৭ বৰ্ষত অসমে অতিৰিক্তভাৱে ২০০০ কোটি টকা লাভ কৰিব। 

কালি দাখিল কৰা কেন্দ্রীয় বাজেটক আদৰণি জনাই এইদৰেই কয় মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। তেওঁ কয় যে অসমে লাভ কৰা কৰৰ হাৰ বৃদ্ধি কৰাৰ কাৰণ হৈছে অসমে দেশৰ জি ডি পিত গুৰুত্বপূর্ণ বৰঙনি আগবঢ়াবলৈ সক্ষম হৈছে। আন এক গুৰুত্বপূর্ণ তথ্য দাঙি ধৰি মুখ্যমন্ত্রীজনে কয় যে অসমৰ কাৰণে ট্রেন্সফাৰ অব্ টেক্স ডি চি আৰৰ ৪৩ হাজাৰ কোটিৰ বিপৰীতে ৪৯,৫০০ কোটি ধাৰ্য কৰা হৈছে। যাৰ বাবে অহা বছৰ অসমে ৫০০০ কোটি টকা বেছিকৈ পাব। 

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কালিৰ বাজেটখনক অসমৰ বাবে অত্যন্ত গুৰুত্বপূর্ণ বাজেট আখ্যা দি কয় যে বাজেটত অসমৰ বাবে টায়াৰ-২, টায়াৰ-৩ চিটি, আৰবান কৰিডৰৰ বাবে ৫০০০ কোটিকে ধৰি বহু বিষয় অন্তর্ভুক্ত কৰা হৈছে আৰু অনাগত সময়ত ৰাজ্যখনে ইয়াৰ সুফল ভোগ কৰিব। ইফালে, বাজেট অধিৱেশন শেষ হোৱাৰ পাছত কালি নতুন দিল্লীত এখন সংবাদমেল সম্বোধন কৰি ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই বাজেটখনক জনমুখী বাজেট আখ্যা দি কয় যে দেশৰ অগ্রণী ৰাজ্যসমূহৰ সৈতে অসমেও বছৰি ০.২ শতাংশ অর্থনৈতিক বৃদ্ধিৰে চামিল হোৱাটো অত্যন্ত গৌৰৱৰ বিষয়।

Share This