ডিজিটেল ডেস্ক : যোৰহাটৰ অসম মহিলা বিশ্ববিদ্যালয়ৰ চৌহদত এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত আজি বিশ্ববিদ্যালয়ৰ দ্বাদশসংখ্যক প্রতিষ্ঠা দিৱস উদযাপন কৰা হয়। অসম মহিলা বিশ্ববিদ্যালয়ৰ উপাচার্য প্রাধ্যাপক অজন্তা বৰগোহাঁই ৰাজকোঁৱৰে বিশ্ববিদ্যালয়ৰ পতাকা উত্তোলনেৰে প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী শুভাৰম্ভ কৰে। ইয়াৰ পিছত বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত প্রতিষ্ঠানটোৰ প্রতিষ্ঠা দিৱসৰ সৈতে জড়িত মূল সভাখন জাতীয় সংগীত আৰু বিশ্ববিদ্যালয়ৰ সংগীতেৰে আৰম্ভণি কৰা হয়। বন্তি প্রজ্বলন কাৰ্যসূচীৰ পাছতে অসম মহিলা বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক তপন কুমাৰ গোহাঁয়ে আদৰণী ভাষণ আগবঢ়ায়। এই অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে উপস্থিত থকা তিতাবৰ আৰু মৰিয়নি মহকুমা লোকনির্মাণ বিভাগৰ টেৰিটৰিয়েল বিল্ডিং শাখাৰ সহকাৰী কাৰ্যবাহী অভিযন্তা ৰুবী ভূঞা সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে। ভাষণত তেওঁ চৰকাৰী আৰু ৰাজহুৱা আন্তঃগাঁথনিৰ কামত নিয়োজিত এগৰাকী মহিলা অভিযন্তা হিচাপে নিজৰ অভিজ্ঞতা আৰু এনে চাকৰিত মহিলাসকলৰ বাবে অন্তর্নিহিত প্রত্যাহ্বানসমূহ ব্যক্ত কৰে।
আত্মনিৰ্ভৰশীলতা আৰু আৰ্থিক স্বাধীনতাৰ প্ৰয়োজনীয়তাৰ বিষয়ত গুৰুত্ব আৰোপ কৰি বিশ্ববিদ্যালয়খনৰ ছাত্র-ছাত্রীসকলক বিভিন্ন ক্ষেত্ৰত চাকৰি ল'বলৈ আহ্বান জনায় আৰু অনুপ্রাণিত কৰে। বিশ্ববিদ্যালয়খনৰ উপাচার্য প্রাধ্যাপক অজন্তা বৰগোহাঁই ৰাজকোঁৱৰে ভাষণত বিশ্ববিদ্যালয়খনৰ একাধিক দিশৰ শেহতীয়া উন্নয়নৰ বিষয়ে আলোচনা কৰে। তদুপৰি ২০১৪ চনৰে পৰা বিশ্ববিদ্যালয়খনৰ লগত জড়িত লোকসকলৰ অৱদানৰ কথাও স্মৰণ কৰে। সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে শিক্ষাবিদ তথা যোৰহাটৰ বাহনা মহাবিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষ ড° সান্ত্বনা শইকীয়া। ড° শইকীয়াই ভাষণত সমাজত মহিলাসকলে সন্মুখীন হোৱা অসংখ্য প্রত্যাহ্বান, সবলীকৰণ আৰু প্ৰগতিৰ মাধ্যম হিচাপে উচ্চ শিক্ষাত অধিক মহিলাৰ প্ৰয়োজনীয়তাৰ বিষয়ত আলোকপাত কৰে। অসম মহিলা বিশ্ববিদ্যালয়ৰ উপাচার্য হিচাপে প্রাধ্যাপক অজন্তা বৰগোহাঁই ৰাজকোঁৱৰৰ দক্ষতা, ব্যক্তিত্ব আৰু শিক্ষানুষ্ঠানটোক আগুৱাই নিয়াৰ ক্ষেত্ৰত যি ভূমিকা পালন কৰি আহিছে তাক প্রশংসা কৰে। এই কাৰ্যসূচীৰ সমন্বয়ক হিচাপে দায়িত্ব পালন কৰে ৰাজনীতি বিজ্ঞান আৰু ফিজিঅ'থেৰাপী বিভাগৰ সহকাৰী অধ্যাপক ড° ছাইস্তা বৰুৱা আৰু বেগম আফ্রিন জামানে।
লগতে এই কাৰ্যসূচীৰ আঁতধৰে বিশ্ববিদ্যালয়খনৰ ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপক মাম্পী চৌধুৰীয়ে। অসম মহিলা বিশ্ববিদ্যালয়ৰ দ্বাদশ প্রতিষ্ঠা দিৱস উপলক্ষে অনুষ্ঠিত সভাত বিশ্ববিদ্যালয়খনৰ সকলো ছাত্ৰী, গৱেষক, সহকাৰী অধ্যাপক-অধ্যাপিকা আৰু কৰ্মচাৰীসকল উপস্থিত থাকে। সভাৰ শেষত মনোবিজ্ঞান বিভাগৰ তৃতীয় যাণ্মাসিকৰ ছাত্ৰী অনন্যা ভৰদ্বাজে 'Natasha Kauthuvam' নৃত্য আৰু পর্যটন আৰু ভ্ৰমণ ব্যৱস্থাপনা বিভাগ (Tourism and Travel Management Department)ৰ তৃতীয় ষাণ্মাসিকৰ ছাত্ৰী বনস্মিতা শইকীয়াই দশাৱতাৰ নৃত্য পৰিৱেশন কৰে। বিশ্ববিদ্যালয়খনৰ ব্যৱসায় ব্যৱস্থাপনা বিভাগৰ সহকাৰী অধ্যাপক ড° কৌশিক সন্দিকৈয়ে প্রদান কৰা শলাগ জ্ঞাপনেৰে সভাখন সামৰণি পৰে।