ডিজিটেল ডেস্ক : 'তেজ আৰু কলিজাত দেশপ্ৰেমৰ অলংকাৰ পিন্ধি লুইত পাৰত স্বৰ্গদেউসকলৰ নেতৃত্বতে লিখা হৈছিল ৬০০ বছৰীয়া গৌৰৱময় ইতিহাস। এই মাটিতে গঢ়া হৈছিল এক বৃহত্তৰ অসমীয়া জাতিৰ পৰিকাঠামো। জীৱনকালত পাৰেমানে ত্যাগ কৰি, সমর্পিত মনেৰে কাম কৰিছিল স্বৰ্গদেউ আৰু তেওঁৰ প্ৰশাসনযন্ত্রই। শত্রুক কচুকটা দি মাতৃভূমিৰ মান ৰাখিবলৈ স্বৰ্গদেউসকলেই শিকাইছিল। কিন্তু দুর্ভাগ্যজনকভাবে সম্প্রতি সেই জাতীয় গৌৰৱক অৱহেলা কৰি, অধিকাৰৰ পৰা বঞ্চিত কৰা হৈছে আহোম জনগোষ্ঠীক।'- এই আহ্বানেৰে কালি সন্ধিয়া চেপন ৰাজহুৱা খেলপথাৰৰ পৰা আটাছুৰ এক বিশাল প্রতিবাদী সমদল বাহিৰ হয়। আহোমসকলৰ হেৰোৱা মৰ্যাদা আৰু অধিকাৰ আঁজুৰি আনি আহোম জনগোষ্ঠীক জনজাতিকৰণ আৰু স্বায়ত্তশাসন প্রদানৰ দাবীত শদিয়াৰ পৰা ধুবুৰীলৈ প্ৰতিবাদৰ ঢৌ উঠিছে।
এই দাবীক অধিক ফলপ্রসূ কৰিবলৈ সদৌ টাই আহোম ছাত্ৰ সন্থাৰ আহ্বান মর্মে কালি চেপন ৰাজহুৱা খেলপথাৰৰ পৰা সন্ধিয়া ৬ বজাত বাহিৰ হোৱা বৃহৎ প্রতিবাদী জোঁৰ সমদলটোত চেপন, পাটসাঁকো, বকতা, খালৈঘোগুৰা, মাহমৰা আদি অঞ্চলৰ দহ সহস্রাধিক ৰাইজে অংশগ্ৰহণ কৰে। 'No ST No Vote', 'আমাক জনজাতি লাগিবই', 'We want ST', 'মৰিলে মৰি যাম জনজাতি লৈ যাম', 'কোনে কয় লাচিত নাই হাজাৰ লাচিত আগুৱাই' আদি শ্ল'গানেৰে বিশাল জোঁৰ সমদলটো চেপন ৰাজহুৱা খেলপথাৰৰ পৰা চেপন বজাৰ হৈ চেপন তিনিআলিলৈ আগুৱাই যায়। সমদলত অংশ লোৱা আটাছুৰ নেতা-কর্মী আৰু ৰাইজক উদ্দেশ্যি আটাছু কেন্দ্ৰীয় সমিতিৰ সভাপতি বসন্ত গগৈয়ে কয় যে পূৰ্বৰ চৰকাৰসমূহ তথা বৰ্তমানৰ চৰকাৰখনে আহোমসকলক জনজাতিকৰণ প্ৰদানৰ ক্ষেত্ৰত সদায় প্ৰৱঞ্চনা কৰি আহিছে। এই প্ৰৱঞ্চনাক কেতিয়াও আহোমসকলে সহজভাবে নলয় আৰু জনগোষ্ঠীটোক জনজাতিকৰণ প্ৰদান নকৰিলে বৰ্তমানৰ চৰকাৰখনে ২০২৬ৰ নিৰ্বাচনত ইয়াৰ ফল ভোগ কৰিব লাগিব। চেপন তিনিআলি হৈ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ঘূৰি অহা জোঁৰ সমদলটোৰ প্ৰতিবাদী কাৰ্যসূচী চেপনস্থিত বীৰ লাচিতৰ প্ৰতিমূৰ্তিৰ সন্মুখত শান্তিপূর্ণভাৱে সামৰণি পৰে।
কাৰ্যসূচীত আটাছু কেন্দ্ৰীয় সমিতিৰ সভাপতি বসন্ত গগৈ, উপ-সভাপতি হৰেকৃষ্ণ ফুকন, কাৰ্যকৰী সভাপতি দেৱজিৎ গগৈ, যুটীয়া সম্পাদক দিগন্ত চাংমাই, শিক্ষা সম্পাদক দয়ানন্দ ফুকন, টাইপা কেন্দ্ৰীয় সমিতিৰ সভাপতি বিজয় ৰাজকোঁৱৰ, আটাছু চৰাইদেউ জিলা সমিতিৰ বিষয়ববীয়া, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ চৰাইদেউ জিলা সমিতিৰ সভাপতি ঝৰণা মহন, আছু চৰাইদেউ জিলা সমিতিৰ সহঃ সম্পাদক সন্তোষ কোঁৱৰ, চেপনৰ সমাজ সংগঠক, প্রাক্তন ছাত্রকর্মী হৰেশ শেনচোৱা, শিৱ বৰুৱা, মহন দেওধাই বাইলুং সম্মিলন অসমৰ সভাপতি মনোৰঞ্জন বৰুৱাসহ অন্যান্য বিষয়ববীয়াসকলৰ উপৰি আটাছুৰ স্থানীয় বহু আঞ্চলিক-শাখাৰ নেতা-কর্মীসকল উপস্থিত থাকে।