ডিজিটেল ডেস্ক : 'এছ টি আমাৰ লিগেল ডিমাণ্ড' 'ন' এছ টি ন' ৰেষ্ট', 'বিজেপি চৰকাৰ হায় হায়' আদি শ্ল'গানেৰে সদৌ টাই আহোম ছাত্ৰ সন্থাৰ শ শ সদস্যই জোঁৰ সমদলেৰে উত্তাল কৰি তোলে মহানগৰীৰ ৰাজপথ। জয়ানগৰত থকা সংগঠনটোৰ কাৰ্যালয়ৰ পৰা ওলাই অহা শ শ প্রতিবাদকাৰীক বুধবাৰে নিৰাপত্তা বাহিনী আৰু আৰক্ষীয়ে বাধা দিবলৈ আপ্রাণ চেষ্টা চলায় যদিও নিৰাপত্তা বাহিনীৰ বেহু ফালি সদস্যসকল ৰাজপথলৈ ওলাই আহে।
প্রতিবাদী আটাছুৰ কৰ্মীসকলে বিজেপি চৰকাৰে জনজাতিকৰণৰ নামত আহোমসকলক চূড়ান্ত প্ৰতাৰণা কৰিছে বুলি উল্লেখ কৰি ২০২৬ চনৰ নিৰ্বাচনত বিজেপিৰ এই প্ৰতাৰণাৰ প্ৰত্যুত্তৰ দিবলৈ পৰিকল্পনা প্ৰস্তুত কৰি ৰাখিছে বুলি হুংকাৰ দিয়ে। জনজাতিকৰণৰ মৰ্যাদা আৰু স্বায়ত্ত শাসনৰ দাবীত বুধবাৰে কৰা এই প্রতিবাদী জোঁৰ সমদল এক প্রতীকী বুলি দাবী কৰি এনেকুৱা একুৰা জুই আহোমসকলৰ অন্তৰত জ্বলি আছে বুলি মন্তব্য কৰে।
প্ৰতিবাদকাৰীসকলে কয় যে ফেব্ৰুৱাৰীত সদৌ টাই আহোম ছাত্ৰ সন্থাই কৰা বিধানসভা ঘেৰাও প্রতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ পাছতে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা এখন পত্ৰ প্ৰেৰণ কৰি এসপ্তাহৰ ভিতৰত জনজাতিকৰণৰ সম্পৰ্কত সংগঠনটোৰ লগত আলোচনা কৰাৰ প্ৰতিশ্রুতি দিছিল। কিন্তু এই প্রতিশ্রুতি এক ললিপপ আছিল বুলি মন্তব্য কৰি প্ৰতিবাদকাৰীসকলে আৰু মুখ্যমন্ত্ৰীৰ পৰা তেনে ধৰণৰ কোনো পত্ৰ গ্ৰহণ নকৰে বুলিও ঘোষণা কৰিছে।