ডিজিটেল ডেস্ক : পৰিশ্ৰমী আৰু নিষ্ঠাৱান সাংবাদিকক অনুপ্ৰেৰণা দিবলৈ আৰু ভৱিষ্যতৰ সফল সাংবাদিক গঢ়াৰ মানসেৰে 'দৈনিক জনমভূমি'য়ে ১৯৯২ চনত প্ৰৱৰ্তন কৰা 'কনক চন্দ্ৰ শৰ্মা সোঁৱৰণী সাংবাদিক বঁটা' ২০২৫ বৰ্ষৰ বাবে সাংবাদিক বুলন চন্দ্র নাথক প্রদান কৰা হয়। দৈনিক জনমভূমি কাকতৰ গুৱাহাটীৰ প্ৰাগ টাৱাৰাত থকা কার্যালয়ত কালি আয়োজন কৰা এক অনুষ্ঠানত বুলন চন্দ্র নাথক এই বঁটা প্রদান কৰা হ'ব। বঁটাত আছে গামোচা, প্রশস্তি-পত্র, এটি স্মাৰক আৰু নগদ ১০,০০০ টকা। বঁটা প্রদান গাম্ভীর্যপূর্ণ অনুষ্ঠানত 'দৈনিক জনমভূমি'ৰ কাৰ্যবাহী সম্পাদক সঞ্জীৱ কুমাৰ ফুকন, জনমভূমি প্ৰেছ প্রাইভেট লিমিটেডৰপৰিচালন সঞ্চালক সুব্রত শর্মা, প্রাগ নিউজৰ গ্ৰুপ প্রেছিডেন্ট ডাঃ অক্ষতা নাৰায়ণ, প্রাগ নিউজৰ মুখ্য প্রবন্ধক তথা জনমভূমিৰ প্ৰকাশক চন্দ্ৰশেখৰ শৰ্মা, প্রাগ নিউজৰ কাৰ্যবাহী সম্পাদক দেৱজিত ভূঞা, প্রাগ নিউজৰ চি ই অ' চিত্ৰৰঞ্জন ডেকা আৰু বঁটাপ্রাপক বুলন চন্দ্ৰ নাথৰ পৰিয়ালবৰ্গকে ধৰি জনমভূমি, প্রাগ পৰিয়ালৰ সদস্যসকল উপস্থিত থাকে।
বঁটা প্ৰদানৰ আগমুহূৰ্তত 'দৈনিক জনমভূমি'ৰ জন্মদাতা জননায়ক দেবেশ্বৰ শৰ্মা আৰু কৰ্মযোগী কনক চন্দ্ৰ শৰ্মাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্রজ্বলন আৰু মাল্যার্পণ কৰা হয়। অনুষ্ঠানত ভাষণ প্রদান কৰি সুব্রত শৰ্মাই এই বঁটা প্ৰদান অনুষ্ঠান অব্যাহত ৰখাৰ বাবে প্ৰাগ পৰিয়ালক ধন্যবাদ জ্ঞাপন কৰি বঁটাপ্ৰাপক বুলন চন্দ্র নাথক অভিনন্দন জনায়। প্রাগ নিউজৰ কাৰ্যবাহী সম্পাদক দেৱজিত ভূঞাই বঁটাপ্রাপকক অভিনন্দন জনাই কয় যে যি মানুহে বেছিকৈ কাম কৰি ভাল পায়, কামত বিশ্বাস কৰে তেওঁ বঁটাৰ বাবে কাম নকৰে। কিন্তু এটা বঁটা, সন্মান আৰু স্বীকৃতিয়ে এজন ব্যক্তিক জীৱনৰ বাটত আগবাঢ়ি যাবলৈ এটা সঞ্জীৱনীৰ ভূমিকা পালন কৰে। আনহাতে, সাংবাদিকতাৰ বৃত্তি আজিৰ সময়ত প্রবল প্রত্যাহ্বানৰ সন্মুখীন হৈছে বুলি উল্লেখ কৰি তেওঁ বঁটাপ্ৰাপক বুলন চন্দ্র নাথক সংবাদজগতৰ বাবে নিষ্ঠাৰে কাম কৰি যাবলৈ আহ্বান জনায়। বঁটা গ্রহণ কৰি সাংবাদিক বুলন চন্দ্ৰ নাথেও তেওঁৰ অনুভৱ ব্যক্ত কৰে। 'দৈনিক জনমভূমি'ৰ জন্মদাতা দেৱেশ্বৰ শৰ্মা আৰু কনক চন্দ্ৰ শৰ্মাৰ অৱদানক সুঁৱৰি কাকতখনৰ লগত জড়িত হোৱাৰ সুখ আৰু সাংবাদিকতা সেৱাৰ সন্দৰ্ভত বক্তব্য ৰাখি এই বঁটা প্ৰদান কৰাৰ বাবে তেওঁ কাকত গোষ্ঠীক ধন্যবাদ জ্ঞাপন কৰে।
উল্লেখযোগ্য যে নগাঁও জিলাৰ ৰহাৰ কলঙৰ পাৰত থকা দীঘলদৰি গাঁৱত ১৯৬৮ চনত জন্মগ্রহণ কৰা বুলন চন্দ্ৰ নাথে ছাত্র অৱস্থাৰ পৰা সদৌ অসম ছাত্ৰ সন্থাৰ লগত জড়িত হৈ ৰহা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি, নগাঁও জিলা ছাত্ৰ সন্থাৰ উপ-সভাপতি হিচাপে কার্যনির্বাহ কৰিছিল। ২০০১ চনৰ পৰা সাংবাদিকতাৰ ক্ষেত্ৰখনত জড়িত হৈ পৰা নাথে ৰাজ্যৰ কেইবাখনো দৈনিক কাকতৰ জৰিয়তে সংবাদসেৱা আগবঢ়োৱাৰ লগতে ২০১৫ চনত 'দৈনিক জনমভূমি' কাকতৰ সৈতে জড়িত হৈ স্থানীয় বা-বাতৰিৰে কাকতখনলৈ নিষ্ঠাপূর্ণ সেৱা আগবঢ়াই আহিছে।