ডিজিটেল ডেস্কঃ বৰপেটা জিলাৰ বাঘবৰ থানাৰ অন্তৰ্গত সত্ৰকণৰা ১৪ নং ছিটৰ বিল্লাল হুছেইনৰ পুত্ৰ আবু বাক্কাৰ ছিদ্দিক (২২) নামৰ যুৱকজন নিৰুদ্দেশ হৈছে।
ইফালে, প্রায় চাৰি দিন ধৰি পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰ-খোঁচাৰ কৰিছে যদিও আজিলৈকে কোনো সম্ভেদ উলিয়াব পৰা নাই । নিৰুদ্দেশ হৈ থকা আবু বাক্কাৰ ছিদ্দিক নামৰ যুৱকজন মানসিকভাৱে বিকাৰগ্ৰস্ত ।
নিৰুদ্দেশ হোৱা যুৱকজনক পৰিয়ালৰ লোকে বিচাৰি নাপাই শোকত ভাগি পৰিছে । সত্ৰকণৰাৰ বজাৰত যোৱাৰ পিছৰ পৰা নিৰুদ্দেশ হোৱা বুলি আবু বাক্কাৰ ছিদ্দিকৰ পৰিয়ালে জানিবলৈ দিয়ে।
এই সন্দৰ্ভত ৫ জুলাই তাৰিখে আবু বাক্কাৰ ছিদ্দিকৰ পিতৃ বিল্লাল হুছেইনৰ লিখিতভাৱে বাঘবৰ আৰক্ষী থানাত অৱগত কৰে যদিও এতিয়ালৈকে আৰক্ষীয়ে কোনো ধৰণৰ সন্ধান লাভ নাই কৰা ।
যুৱকজন প্ৰায় ৫ ফুট ২ ইঞ্চি উচ্চতা মাগুৰ বৰণীয়া আবু বাক্কাৰ ছিদ্দিক কিছু পৰিমাণে মানসিক বিকাৰগ্ৰস্ত বুলি পিতৃৰ লগতে আত্মীয়সকলে জানিবলৈ দিয়ে।
কোনো সদাশয় ব্যক্তিয়ে ছফিজুৰ ইছলাম আলীৰ সম্ভেদ পালে ৭০৯৯৪৬৬৩৯২ অথবা ৯৯৫৭১৬৯৮৭৩ এই দুটা ফ'ন নম্বৰত নাইবা বাঘবৰ আৰক্ষী থানাত খবৰ দিবলৈ পিতৃৰ লগতে আত্মীয়সকলে কাতৰ অনুৰোধ জনাইছে।