বাগুৰুম্বাৰ প্ৰদৰ্শনে বৰ অসমৰ ভেটি সুদৃঢ় কৰিবঃ ড° শৰ্মা

dainik janambhumi January 18, 2026

ডিজিটেল ডেস্ক: সংস্কৃতিয়ে মানুহৰ মাজত সমন্বয়ৰ সৃষ্টি কৰে। বাগুৰুম্বাৰ এই প্রদর্শনে বড়ো জনগোষ্ঠীক ৰাজ্যৰ অন্যান্য জনগোষ্ঠীৰ অধিক কাষ চপাই নিবলৈ সক্ষম হোৱাৰ লগতে এখন বৰ অসম আৰু মহান ভাৰতবৰ্ষৰ ভেটি সুদৃঢ় কৰিব।' এই মন্তব্য মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ। 

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত আয়োজিত বাগুৰুম্বা নৃত্যৰ অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰীগৰাকীয়ে গুৰুদেৱ কালিচৰণ ব্ৰহ্ম, বডোফা উপেন্দ্র নাথ ব্রহ্ম আৰু শিক্ষাবিদ সীতানাথ ব্রহ্ম চৌধুৰীৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিৱেদন কৰে। তদুপৰি, যিকেইগৰাকী মহান ব্যক্তিৰ নিৰ্দেশনাত ১৯৫৭ চনৰ ২৬ জানুৱাৰী তাৰিখে নতুন দিল্লীত পৰিৱেশন হোৱাৰ পাছতে বাগুৰুম্বা নৃত্যই ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছিল, সেই ব্যক্তিকেইগৰাকী ক্রমে সতীশ চন্দ্র বসুমতাৰী, ওস্তাদ কামিনী কুমাৰ নাৰ্জাৰী আৰু মদাৰাম ব্ৰহ্মৰ প্ৰতিও মুখ্যমন্ত্রীয়ে শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে। 

মুখ্যমন্ত্ৰীয়ে কয় যে বড়ো জনগোষ্ঠীৰ স্বাভিমানৰ প্ৰতীক বাগুৰুম্বা নৃত্যই অসমৰ এই মহান জনগোষ্ঠীটোৰ কৃষ্টি-সংস্কৃতিক প্রতিনিধিত্ব কৰে। অসম চৰকাৰৰ উদ্যোগত আৰু বড়োলেও ক্ষেত্ৰীয় পৰিষদ তথা বড়ো জনগোষ্ঠীৰ জাতীয় সংগঠনসমূহৰ সহযোগত প্ৰধানমন্ত্ৰীৰ সন্মুখত ১০ সহস্রাধিক বড়ো শিল্পীৰ নৃত্য পৰিৱেশনৰ জৰিয়তে বাগুৰুম্বাই বিশ্বব্যাপী স্বীকৃতি আৰু সমাদৰৰ দিশে আজি এক সবল খোজ পেলালে। ইয়াৰ পূৰ্বে বাগুৰুম্বাৰ ইমান বিশাল পৰিৱেশন গুৱাহাটীত কেতিয়াও হোৱা নাছিল বুলি মন্তব্য কৰি তেওঁ কয় যে এই পদক্ষেপ ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰত চিৰস্মৰণীয় হৈ ৰ'ব। মুখ্যমন্ত্ৰীয়ে কয় যে সৰুসজাইৰ এই স্থানতে ২০২৩ চনৰ ১৪ এপ্রিলত ১১ সহস্রাধিক বিহুৱা আৰু বিহুৱতীৰ অংশগ্রহণেৰে 'বিহু বিনন্দীয়া' অনুষ্ঠানৰ আয়োজনৰ পাছত যোৱা বছৰ ফেব্ৰুৱাৰী মাহত চাহ জনজাতি-আদিবাসী সম্প্ৰদায়ৰ ৮ হাজাৰৰো অধিক যুৱক-যুৱতীৰ অংশগ্রহণেৰে সম্প্রদায়টোৰ বৈভৱময় সংস্কৃতিৰ প্ৰতীক ঝুমইৰ পৰিৱেশন কৰা হৈছিল। 

কালি পুনৰ সৰুসজাইত বড়ো জনজাতিৰ বাৰেবৰণীয়া কৃষ্টি-সংস্কৃতিৰ প্ৰতীক বাগুৰুম্বা প্ৰদৰ্শনৰ ব্যৱস্থা কৰাটো আমাৰ বাবে অত্যন্ত গৌৰৱৰ ক্ষণ বুলি উল্লেখ কৰি তেওঁ কয় যে প্ৰধানমন্ত্ৰীৰ উপস্থিতিয়ে এই অনুষ্ঠানৰ সৌষ্ঠৱ বহুগুণে বৃদ্ধি কৰিছে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিগত বর্ষত নতুন দিল্লীত বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ প্ৰতিমূর্তি স্থাপন কৰাৰ লগতে নতুন দিল্লীৰ এটা পথ বডোফাৰ নামত উচৰ্গা কৰাৰ কথা উল্লেখ কৰি তেওঁ কয় যে বিটি চিলৈ শান্তি উভতাই আনিবলৈ ২০০৩ চনত প্রাক্তন প্রধানমন্ত্রী অটল বিহাৰী বাজপেয়ীৰ নেতৃত্বত আৰু ২০২০ চনত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত শান্তি চুক্তি স্বাক্ষৰিত হৈছিল। আজি বড়োলেও এক শান্তিপূর্ণ, উন্নত, জীৱন্ত আৰু প্ৰাণৱন্ত অঞ্চললৈ ৰূপান্তৰিত হৈছে। বি টি আৰৰ বাহিৰত বসবাস কৰা বড়ো-কছাৰীসকলৰ বাবে গঠন কৰা বড়ো-কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ যোগেদি সেইসকল লোকৰো আশা-আকাংক্ষা পূৰণৰ বাবে ৰাজ্য চৰকাৰে পদক্ষেপ গ্রহণ কৰিছে। বি টি চি গঠন, বড়ো ভাষাক সংবিধানৰ অষ্টম অনুসূচীত স্বীকৃতি প্রদান, অসমৰ সহযোগী চৰকাৰী ভাষাৰ মৰ্যাদা প্রদান আদি পদক্ষেপেৰে বড়ো ৰাইজৰ কল্যাণৰ বাবে চৰকাৰে গ্ৰহণ কৰা প্রয়াসৰ কথাও তেওঁ উল্লেখ কৰে। 

কালিৰ অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ উপস্থিতিয়ে বড়ো জনগোষ্ঠীৰ সন্মান আৰু স্বাভিমানক এক নতুন পর্যায়লৈ লৈ গ'ল বুলি মন্তব্য কৰি তেওঁ কয় যে আজিৰ এই অনুষ্ঠানে সমন্বয়ৰ ভেটি অধিক সুদৃঢ় কৰি বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ আদৰ্শক বাস্তৱায়িত কৰাত আকৌ এবাৰ প্ৰেৰণা যোগাব। কালিৰ এই উপস্থিতিৰ বাবে তেওঁ ৰাজ্যবাসীৰ হৈ প্রধানমন্ত্রীক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। 

উল্লেখযোগ্য যে কালি নৃত্য পৰিৱেশনৰ অন্তত ৰাজ্যখনৰ সাংস্কৃতিক ঐতিহ্যৰ ওপৰত আধাৰিত এক আকর্ষণীয় লেজাৰ শ্ব'ও প্ৰদৰ্শন কৰা হয়। বড়ো জনগোষ্ঠীৰ চহকী সাংস্কৃতিক পৰম্পৰাক উদ্যাপন কৰাৰ উদ্দেশ্যে অসম চৰকাৰৰ উদ্যোগত আয়োজিত 'বাগুৰুম্বা দহৌ ২০২৬' শীর্ষক এই অনুষ্ঠানত ৰাজ্যৰ ২৩খন জিলাৰ ৮১টা বিধানসভা সমষ্টিৰ পৰা অহা ১০,০০০ৰো অধিক শিল্পীয়ে অংশগ্রহণ কৰে।

কালিৰ এই অনুষ্ঠানত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ দপ্তৰৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰী, বড়োলেও ক্ষেত্রীয় পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্রামা মহিলাৰী, ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা আদি বিভাগৰ মন্ত্ৰী বিমল বড়াকে ধৰি কেইবাগৰাকীও মন্ত্রী, কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্রী পৱিত্ৰ মাৰ্ঘেৰিটা, সাংসদ বিজুলী কলিতা মেধিকে ধৰি কেইবাগৰাকীও সাংসদ আৰু বিধায়ক, বহু গণ্য-মান্য ব্যক্তি আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ পৰা অহা কেইবা সহস্রাধিক দর্শক উপস্থিত থাকে

Share This