ডিজিটেল ডেস্ক : নাই কোনো খোৱাপানীৰ সু-ব্যৱস্থা, নাই কোনো চিকিৎসা সেৱাৰ সু-বন্দৱস্তি। যাতায়াতৰ ব্যৱস্থাও একেবাৰে তথৈবচ। ইপিনে ব্ৰহ্মপুত্ৰৰ খহনীয়াত জাহ যাও যাও অৱস্থা। এনে এক পৰিৱেশৰ মাজতো ঐতিহ্য পৰম্পৰাক জীয়াই ৰখাৰ স্বাৰ্থতে মাত্র ত্রিশটা পৰিয়ালে কোনো মতে খামোচ মাৰি ধৰি ৰাখিছে পূৰ্বপুৰুষৰ ভেটি-মাটিক। মাত্র ত্রিশটা খিলঞ্জীয়া পৰিয়ালে বসবাস কৰা বাঘবৰ গাঁৱৰ বাবে এতিয়া এয়াই চৰম সত্য। বছৰ বছৰ ধৰি ৰাজনৈতিক বঞ্চনাৰ বলি হৈ অহা বাঘবৰ গাঁওবাসীয়ে অনিশ্চয়তাৰ মাজত পাৰ কৰিছে প্রতিটো দিন প্রতিটো ৰাতি। খিলঞ্জীয়া লোকৰ সুৰক্ষাৰ কথা কৈ অহা বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ দিনতে এইদৰে ভয়, শংকা আৰু আতংকৰ মাজতে সময় পাৰ কৰিছে বাঘবৰ গাঁওবাসীয়ে। সমান্তৰালভাৱে অস্তিত্বৰ সংকটতত ভুগিছে এখন ঐতিহ্যমণ্ডিত আৰু ইতিহাসপ্রসিদ্ধ বাঘবৰৰ বৈঠাপুতা সত্ৰ। বাঘবৰ গাঁও আৰু বৈঠাপুতা সত্ৰৰ কাষতে সৃষ্টি হৈছে তীব্ৰ খহনীয়া। মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ স্মৃতি বিজড়িত বাঘবৰৰ ঐতিহাসিক বৈঠাপুতা সত্ৰখনৰ অস্তিত্বৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে ব্ৰহ্মপুত্ৰৰ তীব্র খহনীয়াই। সত্রীয়া সংস্কৃতিৰ ঐতিহ্য আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ একনিষ্ঠ সেৱক তথা প্রিয় শিষ্য মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ স্মৃতি বহন কৰি অহা বাঘবৰৰ ঐতিহ্যমণ্ডিত বৈঠাপুতা সত্ৰ কালৰ বুকুত নিশ্চিহ্ন হৈ যাব নেকি? হেৰাই যাব নেকি বৈঠাপুতা সত্ৰৰ লগতে এসময়ত খিলঞ্জীয়া বসতি প্রধান প্ৰকৃতিৰ বিনন্দীয়া সৃষ্টি বাঘবৰ গাঁও? এই প্রশ্নই এতিয়া খেদি ফুৰিছে বাঘবৰবাসীক।
কিয়নো ইতিহাস প্রসিদ্ধ বাঘবৰৰ বৈঠাপুতা সত্ৰ আৰু সত্ৰৰ কাষেৰে বৈ যোৱা ব্ৰহ্মপুত্ৰ নদীৰ মাজৰ দূৰত্ব এতিয়া প্রায় ২০ মিটাৰ। এটা সৰু ঠেক পকী ৰাস্তাই পৃথক কৰি ৰাখিছে ব্ৰহ্মপুত্ৰ আৰু সত্ৰখনক। সত্ৰখনলৈ অহা-যোৱা কৰিবৰ বাবে আৰু বাঘবৰবাসীৰ যাতায়াতৰ বাবে এই পথটোৱেই হৈছে একমাত্র পথ। সম্প্রতি খহনীয়াৰ কবলত পৰি এই পথটো খহি যাও যাও অৱস্থাৰ সৃষ্টি হৈছে। সম্প্রতি ব্ৰহ্মপুত্ৰৰ খহনীয়াই পুনৰ ভয়াৱহ ৰূপ ধাৰণ কৰিছে। এক গভীৰ শংকাই খেদি ফুৰিছে বাঘবৰ গাঁওবাসীক। সত্ৰ, ৰজাদিনীয়া ঐতিহাসিক বাঘেশ্বৰী মন্দিৰৰ লগতে বাঘবৰ গাঁও নিশ্চিহ্ন হোৱাৰ আশংকাত এতিয়া উদ্বিগ্ন হৈ পৰিছে বাঘবৰ গাঁৱৰ ৰাইজ। পূৰ্বতে ত্রিশটাতকৈও অধিক পৰিয়ালে বাঘবৰত বসবাস কৰিছিল যদিও ইতিমধ্যে খহনীয়াৰ কবলত পৰি নিজৰ ঘৰ-বাৰী, ভূ-সম্পত্তি নৈৰ বুকুত জাহ যাবলৈ এৰি দি গাঁও এৰি অন্য ঠাইলৈ স্থানান্তৰ হৈছে কেইবাটাও পৰিয়াল। বাঘবৰ সমষ্টিৰ অন্তৰ্গত বাঘবৰ গাঁৱত ব্ৰহ্মপুত্র নদীয়ে সত্তৰ দশকত আৰম্ভ কৰিছিল খহনীয়া। প্রায় ৪৫ বছৰ পূৰ্বে আৰম্ভ হোৱা এই খহনীয়াই বিগত বর্ষত ভয়ংকৰ ৰূপ ধাৰণ কৰিছিল। চাৰি দশকৰো অধিক সময় ধৰি চলি থকা খহনীয়াই গাঁওখনৰ বৃহৎ পৰিমাণৰ কৃষিভূমি আৰু বহু খিলঞ্জীয়া পৰিয়ালৰ ঘৰ-বাৰী উছন কৰি পেলাইছে। মন কৰিবলগীয়া যে ৭০ দশকত গাঁওখনত ২০০টা খিলঞ্জীয়া পৰিয়ালে বাস কৰিছিল। কিন্তু এতিয়া গাঁওখনত মাত্র ৩০ঘৰ মানুহহে বাকী ৰৈছেগৈ। গাঁওখনৰ স্থানীয় ৰাইজে আজি এই প্রতিবেদকক জানিবলৈ দিয়া মতে, খহনীয়াত ভেটি-মাটি হেৰুৱাই বহু পৰিয়াল ইতিমধ্যে গাঁও এৰি গুচি গৈছে। ৰাইজে জনোৱা অনুসৰি, প্ৰায় দহ বছৰ পূৰ্বে গাঁওখনত প্রায় ৫৫ ঘৰ খিলঞ্জীয়া অসমীয়া পৰিয়াল আছিল যদিও পাঁচ বছৰৰ ভিতৰত ২০টা পৰিয়াল গাঁও এৰি গুচি যাবলৈ বাধ্য হৈছে। আনহাতে, গাঁওখনত ৬ ঘৰ বড়ো সম্প্ৰদায়ৰ পৰিয়ালে বাস কৰি আছে যদিও এই লোকসকলো নিৰাপদ স্থানলৈ যোৱাৰ বাবে যো-জা চলাই আহিছে।
ৰাইজে জনোৱা মতে, আর্থিকভাবে সচ্ছল লোকসকলে গাঁওখনৰ পৰা গুচি গ'লেও দুখীয়া লোকসকলে গাঁওখনতে খহনীয়াৰ আশংকাত দিন পাৰ কৰিছে। ইপিনে, গাঁওখনৰ একাংশ স্থানীয় লোকে জানিবলৈ দিয়া মতে, বছৰ বছৰ ধৰি ব্ৰহ্মপুত্ৰই খহনীয়াৰ সৃষ্টি কৰি এখন গাঁও নিঃশেষ কৰিবলৈ ওলোৱাৰ পিছতো চৰকাৰীভাৱে কোনো ব্যৱস্থা গ্রহণ নকৰিলে। এখন ঐতিহাসিক সত্ৰ আৰু এটা ঐতিহাসিক মন্দিৰৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰাৰ পিছতো চৰকাৰ অথবা প্রশাসনে কোনোধৰণৰ ফলপ্ৰসূ ব্যৱস্থা গ্রহণ নকৰিলে বুলি অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে। স্থানীয় লোকে জনোৱা অনুসৰি, ২০২২ বৰ্ষৰ ২৪ মে'ত জলসম্পদ মন্ত্রী পীয়ূষ হাজৰিকাই সত্ৰখনৰ লগতে সত্ৰৰ সমীপত চলি থকা খহনীয়া অঞ্চল পৰিদৰ্শন কৰি সত্ৰখনক খহনীয়াৰ পৰা ৰক্ষা কৰাৰ আশ্বাস প্রদান কৰিছিল। কিন্তু সেই আশ্বাস আজিও যেন আশ্বাস হৈয়ে থাকিল। বাঘবৰ পৰিচালনা সমিতিৰ বিষয়ববীয়া আৰু একাংশ স্থানীয় লোকে জানিবলৈ দিয়া মতে, মন্ত্ৰীগৰাকীয়ে পৰিদৰ্শন কৰাৰ পিছতে খহনীয়া প্ৰতিৰোধৰ বাবে জলসম্পদ বিভাগৰ জৰিয়তে এখন আঁচনি যুগুতোৱা হৈছিল। এই আঁচনিৰ বাবে ২০২১-২২ বৰ্ষৰ বিত্তীয় বৰ্ষত এছ ডি আৰ এফ শিতানৰ পৰা ২ কোটি ৩৯ লাখ ১০ হাজাৰ ৫০০ টকা আবণ্টনো দিয়া হৈছিল যদিও এই আবণ্টিত ধনৰাশি সঠিক ৰূপত ব্যৱহাৰ নহ'ল বুলি স্থানীয় কেইবাজনো লোকে এই প্রতিবেদকক জানিবলৈ দিয়ে।
এই ধনৰাশিৰ প্ৰায় সত্তৰ শতাংশহে বর্তমানলৈকে ব্যৱহাৰ কৰা হৈছে বুলি উল্লেখ কৰি স্থানীয় কেইবাজনো লোকে কয় যে জিঅ' বেগৰ ব্যৱস্থা কৰিব লাগিছিল যদিও পার্কিউপাইন পেলাই খহনীয়া প্রতিৰোধৰ ব্যৱস্থা কৰে। সত্ৰৰ পৰা পূবে কিছু দূৰত্বত পেলোৱা পৰ্কিউপাইনসমূহে কোনোধৰণৰ প্ৰতিৰোধৰ ব্যৱস্থা গ্রহণ কৰিব নোৱাৰিলে বুলিও স্থানীয় ৰাইজে মন্তব্য কৰে। ৰাজনৈতিকভাবেও বাঘবৰ গাঁওখন বঞ্চনাৰ বলি হৈ আহিছে বুলি মন্তব্য কৰে স্থানীয় লোকে। স্থানীয় জনপ্রতিনিধি হিচাপে বিধায়ক শ্বেৰমান আলীয়ে বাঘবৰ গাঁৱৰ এই দুখ-দুর্দশাৰ প্ৰতি সম্পূৰ্ণ অৱজ্ঞাসূচক দৃষ্টিভংগী গ্রহণ কৰিছে বুলিও মত প্রকাশ কৰিছে স্থানীয় লোকে। স্থানীয় বহুকেইজন লোকে জানিবলৈ দিয়া মতে, বাঘবৰৰ খিলঞ্জীয়া পৰিয়ালকেইটাই পাহাৰৰ নিজৰাৰ পানীকে খোৱাৰ বাবে ব্যৱহাৰ কৰে। কিন্তু ইয়াক লৈ তেওঁলোকে কোনো আপত্তি কৰা নাই বুলি উল্লেখ কৰি কয়- 'পাহাৰৰ নিজৰাৰ পানীকে খাম, কিন্তু আমাক খহনীয়াৰ পৰা ৰক্ষা কৰক। পিতৃপুৰুষৰ ভেটি-মাটিত আমাক জীয়াই থাকিবলৈ দিয়ক।' বাঘবৰবাসীৰ এই কাতৰ আহ্বানক চৰকাৰে কিমান গুৰুত্ব দিয়ে সেয়া লক্ষণীয় হ'ব।