ডিজিটেল ডেস্কঃ বাক্সা জিলাৰ আল্লিয়াত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ৷ ৰাজীৱ আলী নামৰ এজন ব্যক্তিৰ ঘৰ জ্বলাই দিয়াৰ অভিযোগ এটা বিশেষ সম্প্ৰদায়ৰ লোকৰ।
জানিব পৰা মতে আজি পুৱা বৰবৰী আৰক্ষী থানাৰ নিকটৱৰ্তী আল্লিয়াত সুৰেন বসুমতাৰী নামৰ এজন ব্যক্তিয়ে দহ-বাৰজন যুৱক লগত লৈ ৰাজীৱ আলীৰ ঘৰত উপস্থিত হৈ মাটি দখলৰ চেষ্টা চলায়।আকস্মিকভাৱে পৰিয়ালটোৰ মাটি দখল কৰিব বিচৰাত ৰাজীৱ আলীৰ পত্নীয়ে বাধা প্ৰদান কৰে। তাতে ক্ষুণ্ণ হৈ সুৰেন বসুমতাৰীয়ে পৰিয়ালটোৰ ঘৰ জ্বলাই দিয়াৰ ভাবুকি প্ৰদান কৰে।
কিন্তু কিছু সময় পাছতে পৰিয়ালটোৰ এটা বাসগৃহত অগ্নিকাণ্ড সংঘটিত হৈ সম্পূৰ্ণ ৰূপে ভস্মীভূত হয়।অভিযোগ অনুসৰি সুৰেন বসুমতাৰী নামৰ লোকজনে কোনো আগজাননী নিদিয়াকৈ বলপূৰ্বকভাৱে মাটি দখল কৰিবলৈ চেষ্টা কৰিছিল।
উল্লেখ্য যে বিগত চৈধ্য বছৰ ধৰি উক্ত স্থানত ৰাজীৱ আলীৰ পৰিয়ালটোৱে বসবাস কৰি আছে। অৱশ্যে সুৰেন বসুমতাৰী নামৰ লোকজনে কি কাৰণত পৰিয়ালটোৰ মাটি দখল কৰিবলৈ গৈছিল সেই বিষয়ে এতিয়াও অজ্ঞাত হৈ আছে ভূক্তভোগী পৰিয়ালটোৱে।
উৎস: প্ৰাগ নিউজ ডিজিটেল