বাক্সা ভূটান সীমান্তত বনভোজ দলৰ ভিৰ, পুৰণিক বিদায়, নতুনক আদৰাৰ প্ৰস্তুতি

dainik janambhumi January 01, 2026

ডিজিটেল ডেস্ক : বছৰৰ শেষৰ দিনটোত বনভোজস্থলীত বনভোজকাৰী-সকলৰ ভিৰ পৰিলক্ষিত হৈছে। প্রকৃতিৰ ৰাণী বাক্সাৰ ভাৰত-ভূটান সীমান্তৰ দ্বাৰাগাঁৱত বনভোজকাৰী দলৰ পুৱাৰে পৰা ভিৰ হয়। 

বছৰৰ কালি শেষৰ দিনটোত পৰিয়াল তথা বন্ধুবৰ্গৰ লগত একেলগে মিলি আনন্দ-উল্লাসৰ মাজেৰে এসাঁজ খোৱাৰ বাবে গীতৰ তালে তালে নাচি-বাগি আনন্দ কৰিছে বনভোজকাৰী দলসমূহে। 

কণ-কণ শিশুসকলেও কঁকাল ঘূৰাই ঘূৰাই নাচিছে প্রকৃতিৰ সেউজীয়াৰ মাজত। ভূটান পাহাৰৰ কাষেৰে বৈ যোৱা পাগলদিয়া নৈৰ শীতল পানীত নামি কোনোৱে যদি ছেলফি উঠিছে আকৌ কোনোৱে গা ধুই আনন্দ মনেৰে পুৰণিক বিদায় দি নতুনক আদৰিবলৈ সাজু হৈছে।

Share This