পুনৰ শিক্ষকতা বৃত্তিত কালিমা সানিলে এজন শিক্ষা গুৰুৱে 

Rashmi June 15, 2025

ডিজিটেল ডেস্কঃ এগৰাকী কিশোৰীক ধৰ্ষণ কৰি ৰঙাঘৰৰ আলহী হ'ল শিক্ষক খগেন্দ্র বড়ো ।বাক্সাৰ টিহু - বৰমা প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত মুৰমেলা কুমাৰপাৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক খগেন্দ্র বড়ো। বাক্সা জিলাৰ বৰমা আৰক্ষী থানাৰ অন্তৰ্গত বৰকুছিজাৰত সংঘটিত হয় এই লজ্জাজনক ঘটনাটো। 

জানিব পৰা মতে বিগত ডেৰ বছৰ পূৰ্বে একে গাঁৱৰে এটি দৰিদ্ৰ পৰিয়ালৰ কিশোৰীগৰাকীক পঢ়ুৱাবলৈ নিজৰ ঘৰলৈ নিছিল প্ৰধান শিক্ষকগৰাকীয়ে ।কিন্তু লম্পট চৰিত্ৰৰ শিক্ষক খগেন্দ্ৰই ছেগ বুজি যোৱা ৮ জুনত ধৰ্ষণ কৰে কিশোৰীগৰাকীক। যাৰ ফলত কিশোৰীগৰাকী অসুস্থ হৈ নিজৰ ঘৰলৈ গুচি আহে।

দৰিদ্ৰ পৰিয়ালটোক ধনৰ প্ৰলোভন দি ঘটনাটো গাপ দিবলৈ চেষ্টা কৰিছিল শিক্ষক গৰাকীয়ে। কিন্তু কিশোৰীগৰাকীৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত মুছলপুৰস্থিত ডাঃ ৰবি বড়ো অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাৰ পাছতে পোহৰলৈ আহে কিশোৰীগৰাকীৰ লগত সংঘটিত ঘটনাৰ আচল কাহিনী। 

পিছত চিকিৎসকৰ পৰামৰ্শ অনুসৰি দৰিদ্ৰ পৰিয়ালটোৱে লম্পট চৰিত্ৰৰ খগেন্দ্ৰ বড়োৰ বিৰুদ্ধে এখন এজাহাৰ প্ৰদান কৰে বৰমা আৰক্ষী থানাত। বৰমা আৰক্ষীয়ে এজাহাৰ পোৱাৰ পিছতে তৎপৰতা অৱলম্বন কৰি চৰিত্ৰহীন খগেন্দ্ৰ বড়োক পলাবলৈ চেষ্টা কৰাৰ সময়তে টিহু ৰেল ষ্টেছনৰ পৰা গ্ৰেপ্তাৰ কৰে। 

সম্প্ৰতি বৰমা আৰক্ষী থানাৰ আলহী লম্পট চৰিত্ৰৰ প্ৰধান শিক্ষক খগেন্দ্র বড়ো।

উৎস: প্ৰাগ নিউজ ডিজিটেল

Share This