ডিজিটেল ডেস্ক : সমগ্ৰ দেশৰ লগতে অসমতো জিলাই জিলাই বেংক কৰ্মচাৰীসকলে ধৰ্মঘট পালন কৰিছে। কালি বেংক কৰ্মচাৰীৰ ধৰ্মঘটৰ বাবে প্ৰায় সকলো বেংকৰ কাম-কাজ প্রায় অচল হৈ পৰিছে। ফলত বেংক পৰিসেৱা ব্যাহত হৈ পৰাত বিভিন্ন স্থানত সাধাৰণ জনতাই ব্যাপক সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে।
উল্লেখযোগ্য যে সপ্তাহৰ কৰ্মদিন ৫ দিনলৈ হ্রাস কৰাৰ দাবীৰে বেংক কৰ্মচাৰীসকলে দেশজুৰি এই ধৰ্মঘট আৰম্ভ কৰিছে। প্রতিবাদী বেংক কৰ্মচাৰীসকলে শনিবাৰেও ছুটীৰ দিন ঘোষণা কৰিবলৈ দাবী জনাইছে। বেংক কৰ্মচাৰী সংগঠন ফ'ৰাম অব্ বেংক ইউনিয়নৰ আহ্বানক্রমে এই ধৰ্মঘটত দেশৰ অন্য প্রান্তৰ কৰ্মচাৰীসকলৰ লগতে অসমৰ বেংক কৰ্মচাৰীসকলেও অংশগ্রহণ কৰে। উল্লেখযোগ্য যে ২০১৫ চনৰ পৰা বেংক কৰ্মচাৰীৰ বাবে সপ্তাহত পাঁচদিন কৰ্মদিন কৰাৰ দাবী উঠি আহিছে।
তাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰে ২০২৪ চনত বেংক এছ'চিয়েশ্যনৰ সৈতে এক চুক্তি কৰি শনিবাৰে ছুটীৰ দিন হিচাপে ধার্য কৰিছিল। এই দিনটোৰ ছুটীৰ বিনিময়ত সোমবাৰৰ পৰা শুকুৰবাৰলৈ প্ৰতিদিনে ৪০ মিনিটকৈ অতিৰিক্ত সময় কাম কৰিবলৈ বেংক কৰ্মচাৰীক দিয়া হৈছিল। এই চুক্তিৰ দুবছৰ অতিক্ৰম কৰাৰ পাছতো চুক্তিখন কাৰ্যকৰী নোহোৱাৰ বাবেই আজি দেশজুৰি ধৰ্মঘট পালন কৰে বেংক কৰ্মচাৰীসকলে।