বৰপানাৰা, খৰিকটা, বাথানত জৰাজীৰ্ণ বাট-পথ

dainik janambhumi August 17, 2025

ডিজিটেল ডেস্ক : এজাক বৰষুণ দিলেই কমলপুৰ সমষ্টিৰ বিভিন্ন ঠাইৰ বাট-পথ বোকা-পানীৰে একাকাৰ হৈ পৰে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই যি সময়ত ৰাজ্যত উন্নয়নৰ হকে দিনে-নিশাই পৰিশ্ৰম কৰি আহিছে, একেটা সময়ত বিধায়ক দিগন্ত কলিতাৰ কমলপুৰ সমষ্টিত বোকা-পানীৰে ভৰা পথেৰে চলাচল কৰি আহিছে সাধাৰণ জনতাই। যোৱা কেইবাদিনো ধৰি মজলীয়া আকাৰৰ বৰষুণতে নৱগঠিত কমলপুৰ সমষ্টিৰ বিভিন্ন গাঁৱৰ বাট-পথ বোকা-পানীৰে ভৰি পৰাত ক্ষুব্ধ হৈছে স্থানীয় ৰাইজ। উল্লেখযোগ্য যে অসম আন্দোলনৰ পাছৰ পৰা অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টিৰ বিধায়কে কমলপুৰ বিধানসভা সমষ্টিত অধিক সময় শাসনৰ বাঘজৰী হাতৰ মুঠিত ৰাখিছে। তথাপি ৰাইজে ভবা ধৰণে উন্নয়ন নোহোৱাৰ অভিযোগ উঠিছে। 

প্রয়াত তৰুণ গগৈৰ ১৫ বছৰীয়া শাসনকালতো কমলপুৰ সমষ্টিত ভাৰতীয় জনতা পাৰ্টিৰ বিধায়ক আছিল। গুৱাহাটী চহৰৰ পৰা নাতিদূৰৈত অৱস্থিত কমলপুৰ সমষ্টিৰ ৰাইজে বিগত সময়ত ভবা ধৰণে উন্নয়ন নোহোৱা বুলি দাবী কৰি আহিছে। আন নহ'লেও কমলপুৰ সমষ্টিৰ অধিকাংশ গাঁৱৰ বাট-পথ এতিয়াও জৰাজীৰ্ণ অৱস্থাত আছে। এজাক বৰষুণ দিলেই বোকা-পানীৰ মাজত কক্ককাই থাকে অঞ্চলৰ ৰাইজ। এনেকুৱা কিছুমান অঞ্চল আছে, বৰষুণ দিলে মানুহ বাহিৰত ওলাব নোৱাৰে। চাইকেল, মটৰ চাইকেলেই নহয়, খোজকাঢ়িও আহিব নোৱাৰে। ৰোগীক নিবলৈ আহিব নোখোজে এম্বুলেন্স। মুমূর্ষু অৱস্থাত থকা ৰোগীক ঠেলাত নিয়াৰ উদাহৰণ দাঙি ধৰে কমলপুৰ সমষ্টিৰ একাংশ এলেকাৰ ৰাইজে। এই প্রতিবেদকৰ হাতত আহি পৰা তথ্য অনুসৰি কমলপুৰ সমষ্টিৰ বিহদিয়া-জাজিকোণা উন্নয়ন খণ্ডৰ অন্তৰ্গত মুক্তাপুৰ, শিঙাৰপাৰা, তিতকুছি পঞ্চায়তৰ বিভিন্ন গাঁৱৰ বাট-পথৰ অৱস্থা একেবাৰে জৰাজীৰ্ণ। যোৱা তিনিটা দিনত দি থকা বৰষুণত বোকা-পানীৰে একাকাৰ হৈছে বাট-পথবিলাক। বিশেষকৈ বৰপানাৰা, বৰগাঁও, খৰিকটা, বাথান আদি গাঁৱৰ কেইটামান পথ বোকা-পানীৰে ভৰি আছে। জৰাজীৰ্ণ পথৰ অৱস্থাত অতিষ্ঠ হৈ পৰিছে গাঁওবাসী। স্বাধীনতাৰ ৭৮ বছৰ পাছত এই পথবিলাকত এচপৰা মাটি আৰু এটা শিলগুটি নপৰিল বুলি ৰাইজে অভিযোগ তুলিছে। আন একাংশ পথ খণ্ড-খণ্ডকৈ নিৰ্মাণ কৰাৰ বাবে তথৈবচ ৰূপ লয়। 

এই বিষয়ে বৰ্তমানৰ বিধায়ক দিগন্ত কলিতাক ৰাইজে জৰাজীৰ্ণ পথৰ নিৰ্মাণ কৰিবলৈ অৱগত কৰে। বিহদিয়া-জাজিকোণা উন্নয়ন খণ্ডৰ বিষয়া-কৰ্মচাৰীসকলৰ হাতত লিখিত আবেদন কৰা হৈছিল। খণ্ড উন্নয়ন বিষয়াই ৰাইজৰ আৱেদনৰ কোনো কথাতে গুৰুত্ব দিয়া নাই। বাট-পথৰ উন্নয়নৰ বাবে বিধায়ক দিগন্ত কলিতাক গুৰুত্ব দিয়াৰ দাবী জনায় স্থানীয় লোকসকলে। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা দ্রুত গতিত আগবাঢ়ি যোৱাৰ সময়তে বাইহাটা চাৰিআলি-গোৰেশ্বৰ পথৰ সৈতে সংযোগ থকা গ্রাম্য পথসমূহৰ জৰাজীৰ্ণ অৱস্থাই তীব্র প্রতিক্ৰিয়াৰ সৃষ্টি কৰে ৰাইজৰ মাজত। ২০২৬-ৰ বিধানসভাৰ নিৰ্বাচনৰ আগে আগে প্রতিটো জৰাজীৰ্ণ বাট-পথ পুনৰ নিৰ্মাণ কৰি উন্নত কৰিবলৈ দাবী জনায় কমলপুৰ সমষ্টিৰ ৰাইজে।

Share This