গাড়ী বিক্ৰীৰ নামত বৰপেটাত প্ৰৱঞ্চনা 

Rashmi April 05, 2025

ডিজিটেল ডেস্ক : গাড়ী বিক্ৰী কৰিম বুলি সৰকালে ৬০ হাজাৰ টকা। ভুক্তভোগীয়ে দাখিল কৰিলে বৰপেটা সদৰ থানাত এজাহাৰ।

বৰপেটা মাছকুছিৰ ছাদ্দাম আলী আৰু মমিনুল আলীয়ে গাড়ী বিক্ৰী কৰিম বুলি সৰকালে ৬০ হাজাৰ টকা। ধৃত ছাদ্দাম আলী আৰু মমিনুল আলীয়ে হাজো চৰাবৰীৰ ৰফিকুল ইছলামৰ পৰা AS-25-DC-1004 নম্বৰৰ বলেৰো পিক আপ বাহনখন বিক্ৰী কৰিম বুলি আগধন হিচাপে ৬০ হাজাৰ টকা লৈছিল।

টকা লৈ প্ৰায় এবছৰ ধৰি গাড়ীও নিদিয়া আৰু টকাও ঘুৰাই নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে ভূক্তভোগী ৰফিকুল ইছলামে। ৰফিকুল ইছলাম, তেওঁৰ পত্নী আৰু পৰিয়ালৰ লোকে  টকা বিচাৰি যোৱাত ছাদ্দাম আলী, মমিনুল আলী, ৰমজান আলী আৰু জফাই তেওঁলোকক মাৰধৰ কৰাৰ অভিযোগ কৰে।

উক্ত ঘটনা সন্দৰ্ভত শনিবাৰে ৰফিকুল ইছলামে বৰপেটা সদৰ থানাত এজাহাৰ দাখিল কৰাৰ লগতে অপৰাধীকেইজনক আইনৰ আওতাত আনি শাস্তি বিহিবলৈ দাবী জনায়।

উৎস: প্ৰাগ নিউজ ডিজিটেল

 

Share This