বৰপেটাৰ সন্ধানহীন ছাত্ৰ পল্লৱজ্যোতিৰ মৃতদেহ নদীত উদ্ধাৰ 

Kakali Deka April 26, 2025

ডিজিটেল ডেস্কঃ কালিৰে পৰা সন্ধানহীন হৈ থকা বৰপেটাৰ ছাত্ৰ পল্লৱজ্যোতিৰ মৃতদেহ উদ্ধাৰ।

আজি কিছু সময়ৰ পূৰ্বে নখান্দা নদীত উদ্ধাৰ সন্ধানহীন হৈ থকা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ পল্লৱজ্যোতিৰ।

কালি দুপৰীয়াৰ পৰা সন্ধানহীন হৈ আছিল পল্লৱজ্যোতি।

 

জানিব পৰা মতে , লগৰ বন্ধুৰ লগত নদীত গা ধুবলৈ যাওঁতে পিছলি উটি গৈছিল পল্লৱজ্যোতি।

SDRFয়ে অভিযান চলাই নখান্দা নদীৰ পৰা উদ্ধাৰ কৰিছে পল্লৱজ্যোতিৰ মৃতদেহ।

মৰণোত্তৰ পৰীক্ষা কৰিবলৈ ইতিমধ্যে বৰপেটা মেডিকেল কলেজলৈ প্ৰেৰণ কৰিছে পল্লৱজ্যোতিৰ মৃতদেহ।

ঘটনাটোৱে সমগ্ৰ অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে

 

 

উৎস প্ৰাগ নিউজ ডিজিটেল

Share This