ডিজিটেল ডেস্ক : অপৰাধীৰ ঘাটিত পৰিণত বৰপেটা ৰোড চহৰ। একে নিশাই তিনিটা পৰিয়ালত চুৰিৰ ঘটনা সংঘটিত হোৱাৰ লগতে পুৱাই ঘৰৰ সন্মুখৰ পৰাই দুৰ্বৃত্তই কাঢ়ি নিলে মহিলাৰ ডিঙিৰ চেইন।
বৰপেটাৰোড চহৰৰ মাজ মজিয়াৰ মিলন নগৰৰ গৌতম চৌধুৰী, চন্দন নাথ, অৰূপ দাসৰ ঘৰত নিশা চুৰিকাণ্ড। আনহাতে দেওবাৰে পুৱা একেটা ৱাৰ্ডতে ঘৰৰ সন্মুখৰ পৰাই মহিলাৰ ডিঙিৰ চেইন কাঢ়ি নিলে দূৰ্বৃত্তই ।
পুৱা গে'টৰ তলা খুলিবলৈ যোৱা ডাঃ অঞ্জন চৌধুৰীৰ মাতৃৰ ডিঙিৰ পৰা মটৰচাইকেলত অহা দুই দুৰ্বৃত্তই কাঢ়ি নিয়ে অকাল সোণৰ চেইন । শনিবাৰে নিশা গৌতম চৌধুৰীৰ ঘৰত চুৰিকাণ্ড । নিশা গৃহস্থক অজ্ঞান কৰি লুটি নিলে প্ৰায় ৫০ হাজাৰ টকাসহ কেইবা তোলা সোণৰ অলংকাৰ।
ইপিনে মিলন নগৰৰ চন্দন নাথ আৰু অৰূপ দাসৰ ঘৰতো চুৰি কাণ্ড সংঘটিত হয় যদিও চোৰে বিশেষ সামগ্ৰী লুট কৰিবলৈ সক্ষম নহ'ল । গৌতম চৌধুৰীৰ ঘৰৰ তিনিটাকৈ গডৰেজৰ তলা ভাগি চোৰে লুটি নিলে ধন-সোণ।
দুদিন পূৰ্বেও শিমলাগুৰিত সংঘটিত হৈছিল এক ডকাইতি ঘটনা। বৰপেটাৰোডত বিগত কেইবামাহো ধৰি আৰক্ষীৰ নিষ্ক্ৰিয়তাৰ সুযোগ লৈ চুৰি, ডকাইতি, পথচাৰীৰ পৰা সোণৰ গহনা আদি কাঢ়ি নিয়া আদি ব্যাপক হাৰত অপৰাধজনিত ঘটনা বৃদ্ধি পাইছে। বৰপেটাৰোড চহৰত প্ৰতিদিনে বৃদ্ধি পোৱা অপৰাধজনিত ঘটনাক লৈ উদ্বিগ্ন আৰু সন্তস্ত্ৰ হৈ পৰিছে বৰপেটাৰোড চহৰবাসী ।
উৎস: প্ৰাগ নিউজ ডিজিটেল