ডিজিটেল ডেস্ক : মহানগৰীৰ বশিষ্ঠত ভয়ংকৰ কাণ্ড । নিচাযুক্ত দ্রব্য খুৱাই চোৰৰ লুটপাত বশিষ্ঠত । বশিষ্ঠ চাৰিআলিৰ ওচৰত এগৰাকী মহিলাক ঘৰতে নিচাযুক্ত দ্রব্য খুৱাই লুটপাত কৰিলে চোৰে ।
যোৱা ৬ মে'ত সংঘটিত হৈছিল এই ঘটনা । ৰেণুকা নামৰ মহিলাগৰাকীৰ লগত সংঘটিত হৈছিল এই ঘটনাটো । মহিলাগৰাকীক অচেতন কৰি ঘৰৰ পৰা লুটি নিছিল সোণৰ গহনা, ম'বাইল ফ'ন ।অৱশেষত বশিষ্ঠ আৰক্ষীৰ তদন্তত জালত পৰিল হাজোৰ গভাইত চোৰ হৰণ আলী ।
হৰণ আলীক চুৰিকাৰ্যত সহায় কৰা হাজোৰ ফাকৰুল হককো গ্ৰেপ্তাৰ কৰে বশিষ্ঠ আৰক্ষীয়ে । বৰ্তমান বশিষ্ঠ থানাত জেৰা কৰি থকা হৈছে গভাইত চোৰ দুটাক । চোৰটোৱে চুৰি সামগ্ৰীখিনি বিক্ৰী কৰিছিল হাজোত ।
ইতিমধ্যে বশিষ্ঠ আৰক্ষীয়ে ধৃত চোৰটোৰ পৰা উদ্ধাৰ কৰিছে চুৰি হোৱা সোণৰ গহনাসমূহ আৰু লগতে উদ্ধাৰ কৰিছে চুৰিকাৰ্যত ব্যৱহৃত ৫০ টা নিচাযুক্ত টেবলেট, ATM কাৰ্ড, এখন ৰয়েল এনফিল্ড আৰু বহুকেইটা ম'বাইল ফ'ন ।
উল্লেখ্য যে এই গভাইত চোৰটোৱে গুৱাহাটীৰ লগতে অসমৰ বিভিন্ন স্থানত চুৰিকাৰ্য সংঘটিত কৰি আহিছে ।
উৎস: প্ৰাগ নিউজ ডিজিটেল