ডিজিটেল ডেস্কঃ বেলতলাৰ আই আই চি আই বেংকৰ সমীপৰ পৰা বিগত ৯ জুনত কাহিলীপুৱাতে খোজকাঢ়ি গৈ থকা এগৰাকী মহিলাৰ হাতৰ পৰা দুই স্কুটী আৰোহীয়ে থপিয়াই লৈ উধাও হৈছিল বেগ, য'ত আছিল ম'বাইল ফোনকে ধৰি আন বহুতো গুৰুত্বপূৰ্ণ নথি।
মাইনু বৰুৱা নামৰ ভুক্তভোগী মহিলাগৰাকীৰ অভিযোগৰ ভিত্তিত অভিযানত আটক হয় দুই দুৰ্ধৰ্ষ চিলনী চোৰ । ধৃত দুই চোৰ কুণ্ডন কুমাৰ আৰু ইনছ আলী
দুই চিলনী চোৰৰ পৰা আৰক্ষীয়ে এখন স্কুটী জব্দ কৰাৰ লগতে অন্য এখন নম্বৰ প্লেটো উদ্ধাৰ কৰিবলৈ সক্ষম হয।
আনহাতে দুই চিলনী চোৰে দিয়া স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে আটক কৰে পাপু বিশ্বাস নামৰ আন এজন লোকক য'ত দুই চোৰে বিক্ৰী কৰিছিল সামগ্ৰী খিনি। আৰক্ষীয়ে পাপু বিশ্বাসৰ পৰা উদ্ধাৰ কৰে মহিলাগৰাকীৰ চুৰি হোৱা ম'বাইল ফোনৰ লাগতে আন এটা ম'বাইল আৰু আন বহুতো চুৰি সামগ্ৰী ।
উৎস: প্ৰাগ নিউজ ডিজিটেল