বাউসীয়াপাৰা গাঁওবাসীৰ ভোগালীক আদৰাৰ প্ৰস্তুতি , সাজিছে ৩০ ফুট উচ্চতাৰ জুবিনৰ গীটাৰ

dainik janambhumi January 03, 2026

ডিজিটেল ডেস্ক: ভোগৰ উৎসৱ ভোগালী বিহুলৈ মাজত আৰু কেইটামান দিনহে বাকী। এনে এক মুহূর্তত হেঁপাহৰ ভোগালীক আদৰিবলৈ আৰু উৰুকাৰ নিশা লগে-ভাগে, হাঁহে-মাহে এসাঁজ খাবলৈ গাঁৱে গাঁৱে চলিছে এতিয়া ব্যাপক প্রস্তুতি। নলবাৰী জিলাৰ বাউসীয়াপাৰাৰ বৈশ্য চুবুৰিৰ ডেকা-বুঢ়া মেথাও এতিয়া ব্যস্ত হৈ পৰিছে ভোগৰ উৎসৱ ভোগালীক আদৰাৰ বাবে। 

গাঁওখনৰ যুৱক-যুৱতীসকলৰ লগতে গঞাই সমূহীয়াভাৱে পথাৰত নৰা কাটি নিৰ্মাণ কৰি তুলিছে ভেলাঘৰ আৰু মেজি। তেওঁলোকে সংগীতৰ ৰাজপুত্ৰ জুবিন গাৰ্গৰ প্রিয় বাদ্য গীটাৰ এখনো প্রতীকী ৰূপত তৈয়াৰ কৰি উলিয়াইছে। বাঁহ আৰু নৰা ব্যৱহাৰ কৰি নিৰ্মাণ কৰা এই গীটাৰৰ উচ্চতা ৩০ ফুট। এই কার্যত জড়িত হৈ আছে গাঁওখনৰ যুৱক-যুৱতী ক্ৰমে পূৰ্ণৰাম বৈশ্য, কমল বৈশ্য, তৰুণ বৈশ্য, পৰমেশ বৈশ্য, গোপাল, দীপজ্যোতি, দ্বীপেন, মানসজ্যোতি, বুদ্ধদেৱ, নৱজিৎ, প্রিয়ংকা, মধুস্মিতা, বনস্মিতা, পূজা, জুমি, জয়শ্রী, কাকলি, হীৰামণি, হৰ্ষিতা, পম্পী। এওঁলোকে দেহে-কেহে লাগি গীটাৰ, ভেলাঘৰ, মেজি আদি নির্মাণ কৰি তুলিছে। লগতে জুবিনৰ প্ৰতিচ্ছবি স্থাপন কৰি পথাৰৰ মাজতেই দৈনিক শ্রদ্ধাঞ্জলি নিৱেদিছে। 

মন কৰিব লগা যে যি সময়ত এচাম লোকে কংক্রিটলৈ ঢাপলি মেলিছে, যাৰ ফলত যান্ত্রিকতাৰ পৃথিৱীত গাঁৱৰ পুৰণি পৰম্পৰা আৰু লোকাচাৰসমূহ ক্ৰমাৎ হেৰাই যাবলৈ ধৰিছে, সেই সময়তে এই বৈশ্য চুবুৰিৰ যুৱক-যুৱতী আৰু ৰাইজে হাতে হাত ধৰি এই সংস্কৃতি আৰু শিপাক ধৰি ৰাখি এক ৰক্ষণশীল সমাজৰ দৃষ্টান্ত দাঙি ধৰিছে। সম্প্রীতি আৰু সমন্বয়ৰ বাৰ্তা বৰ্তাই ৰখা এই গাঁওবাসীয়ে মাঘৰ মেজিৰ উম লৈ সমাজৰ পৰা হিংসা আঁতৰ কৰি সকলোৰে মাজত ভ্ৰাতৃত্বৰ বান্ধোন যুগমীয়া কৰাৰো পণ গ্রহণ কৰিছে। উল্লেখযোগ্য যে যোৱা বছৰো এই গাঁওবাসীয়ে ভেলাঘৰ আকৃতিৰ এখন বৃহৎ বাছ তৈয়াৰ কৰি সকলোৰে দৃষ্টি আকর্ষণ কৰিছিল।

Share This