নেট পৰীক্ষাৰ দিনটোতে অনুষ্ঠিত কৰিব বি এড পৰীক্ষা

dainik janambhumi December 18, 2025

ডিজিটেল ডেস্কঃ গুৱাহাটী বিশ্ববিদ্যালয় কর্তৃপক্ষই ছাত্ৰ-ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলাৰ অভিযোগ উঠিছে। জানি-বুজিও বিশ্ববিদ্যালয় কর্তৃপক্ষই নেট পৰীক্ষাৰ দিনটোতে অনুষ্ঠিত কৰিবলৈ ওলাইছে বি এড পৰীক্ষা। যাৰ ফলত বহু ছাত্র-ছাত্রী এতিয়া ভীষণ সমস্যাৰ সন্মুখীন হৈছে। 

আশ্চর্যজনক কথা যে এই সন্দৰ্ভত ভুক্তভোগী ছাত্র-ছাত্রীসকলে সমগ্র বিষয়টো বিশ্ববিদ্যালয় কৃর্তপক্ষক অৱগত কৰিছে যদিও নাও বুৰিলেও টিঙৰ পৰা ননমা কর্তৃপক্ষই কোনো গুৰুত্ব দিয়া নাই। উল্লেখযোগ্য যে সদায়ে বিতৰ্কৰ মাজত সোমাই থকা বিশ্ববিদ্যালয় কর্তৃপক্ষই কোনো পৰিকল্পনা নকৰাকৈয়ে এইবাৰ ১৮ ডিচেম্বৰত বি এডৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লৈছে। আনকি আজি পর্যন্ত পৰীক্ষাৰ প্ৰ-পত্ৰ পূৰণৰ কাম চলাই নি আজি দুপৰীয়াৰ পৰা দিয়া হৈছে পৰীক্ষাৰ এডমিট কার্ড। ইফালে ছমাহৰ পৰিৱৰ্তে মাত্র তিনি মাহতে পাঠ্যক্রম সমাপ্ত কৰি পৰীক্ষা অনুষ্ঠিত কৰা হৈছে। যাৰ ফলত বহু মহাবিদ্যালয়ত পাঠ্যক্রম এতিয়াও সম্পূৰ্ণ হোৱাই নাই। 

এনে পৰিস্থিতিত ছাত্ৰ-ছাত্ৰীসকলে ভয়ংকৰ সমস্যাৰ সন্মুখীন হৈছে। বহু ছাত্র- ছাত্রীয়ে ছ'চিয়েল মিডিয়া যোগে এই কথা বিশ্ববিদ্যালয় কর্তৃপক্ষক অৱগত কৰিছে। কিয়নো একে দিনাই দুটাকৈ গুৰুত্বপূৰ্ণ পৰীক্ষা বি এড আৰু নেট অনুষ্ঠিত হ'লে ছাত্র -ছাত্রীসকলে যিকোনো এটা পৰীক্ষাহে দিব পাৰিব। যাৰ বাবে তেওঁলোকে বিশ্ববিদ্যালয়ে অনুষ্ঠিত কৰা বি এড পৰীক্ষা পিছুৱাই দিয়াৰ বাবে আহ্বান জনাইছে। কিন্তু এতিয়ালৈকে ছাত্র-ছাত্রীসকলক এই আহ্বানৰ প্ৰতি বিশ্ববিদ্যালয় কর্তৃপক্ষই সঁহাৰি নিদিয়াত শিক্ষার্থীসকল হতাশ হৈ পৰিছে।

Share This