নগাঁৱৰ কেইবাখনো হোটেলত উদ্ধাৰ গো-মাংস

Kakali Deka July 01, 2025

ডিজিটেল ডেস্ক : ৰাজ্যৰ বিভিন্ন প্ৰান্তত গো মাংস উদ্ধাৰ হৈ থকা ঘটনাক  লৈ ৰাজ্যজুৰি তীব্র প্ৰতিক্ৰিয়া অব্যাহত আছে। অসম চৰকাৰে শেহতীয়াকৈ ৰেষ্টুৰেণ্ট আৰু অনুষ্ঠানকে ধৰি ৰাজহুৱা স্থানত গো-মাংস গ্ৰহণ কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে কিন্তু তাৰপাছতো ৰাজ্যৰ ঠায়ে ঠায়ে উদ্ধাৰ হৈয়ে আছে গো-মাংস।

মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে গো-মাংসৰ বিৰুদ্ধে একছন মুডত অসম আৰক্ষী৷ এইবাৰ  গো-মাংসৰ বিৰুদ্ধে নগাঁও আৰক্ষীৰ অভিযান।


নগাঁৱৰ বৰবজাৰ, ঢাকাপট্টিত আৰক্ষীৰ অভিযান। নগাঁৱৰ হোটেল তাজ, হোটেল আয়ুব, হোটেল আল্লাৰাখাত উদ্ধাৰ হৈছে গো-মাংস।


প্ৰশাসনৰ নিষেধাজ্ঞাৰ পিছতো গো-মাংস বিক্ৰী কৰিছিল হোটেলকেইখনে। নগাঁও সদৰ অ'চি দেৱজিৎ দাসৰ নেতৃত্বত চলিছে অভিযান।


আৰক্ষীৰ তদন্ত অব্যাহত।

Share This