ডিজিটেল ডেস্কঃ জনপ্ৰিয় অসমীয়া ধাৰাবাহিক 'বেহাৰবাৰী আউটপ'ষ্ট'ৰ জনপ্ৰিয় অভিনেতা ফৈলাও বসুমতাৰী ওৰফে বসুদাৰ বাকসা জিলাৰ নিজ বাসগৃহ বাঘাজানীত আজি দিনজোৰা কাৰ্যসূচীৰে ৰাজহুৱা আদ্যশ্ৰাদ্ধ অনুষ্ঠিত হয়।
জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপʼষ্টৰ অভিনেতাগৰাকীৰ যোৱা ২২ এপ্ৰিলত মৃত্যু হৈছিল। আজি জনপ্ৰিয় অভিনেতা ফৈলাও বসুমতাৰীৰ নিজ বাসগৃহ বাঘাজানীত ৰাজহুৱাভাৱে অনুষ্ঠিত কৰা হয় আদ্যশ্ৰাদ্ধ অনুষ্ঠান। অনুষ্ঠানটোত উপস্থিত থাকে বি টি চিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো, কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী, বি টি চি পৰিষদৰ অধ্যক্ষ কাতিৰাম বড়ো, বিধায়ক লৰেন্স ইছলাৰী, কোকৰাঝাৰ লোক সভা সমষ্টিৰ সাংসদ জয়ন্ত বসুমতাৰীকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি।
বসুমতাৰীৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধৰ সৈতে সংগতি ৰাখি "ৰুংসাৰি ফৈলাও বসুমতাৰীনি আগান" শীৰ্ষক এখন মুকলি আলোচনা সভা অনুষ্ঠিত হয়। বি টি চিৰ ককলাবাৰী পৰিষদীয় সমষ্টিৰ পাৰিষদ মণ্টু বড়োৱে প্ৰয়াত জনপ্ৰিয় অভিনেতা ফৈলাও বসুমতাৰীৰ ৰুংসাৰি ফৈলাও বসুমতাৰীনি আগানৰ "বিসম্বি" শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন কৰে।
ককলাবাৰী চাপাগুৰি শিমলা সংগীত বিদ্যালয়ৰ অধ্যক্ষ চানচুমা(চন্তছ) গয়াৰীৰ কন্ঠৰে আৰম্ভ হোৱা এক বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানত জনপ্ৰিয় শিল্পী সুলেখা বসুমতাৰী, বিগ্ৰায় ব্ৰহ্ম, গৌতম ব্ৰহ্ম, ফুংজা মহিলাৰী, আলায়ৰণ বোলছবিৰ পৰিচালক জৌংদাও বডোছাকে ধৰি কেইবাগৰাকী জনপ্ৰিয় শিল্পীয়ে অংশগ্ৰহণ কৰে।