সিন্ধু জলচুক্তি বাতিলৰ প্রতিশোধ ল'ব বেইজিঙে!

dainik janambhumi June 03, 2025

ডিজিটেল ডেস্কঃ চীনে ভাৰতলৈ ব্ৰহ্মপুত্ৰ নদীৰ পানীৰ প্ৰৱাহ বন্ধ কৰাৰ ভাবুকি দিছে। পহলগামত সন্ত্রাসবাদীয়ে কৰা আক্ৰমণৰ পাছত ভাৰতে পাকিস্তানৰ সৈতে থকা সিন্ধু জলচুক্তি বাতিল কৰাৰ লগতে পাকিস্তানলৈ পানীৰ প্ৰৱাহ বন্ধ কৰাৰ সময়তে এই ভাবুকি দিছে বেইজিঙে। চীনে নিজৰ বন্ধু ৰাষ্ট্ৰ পাকিস্তানৰ বিৰুদ্ধে ভাৰতে গ্রহণ কৰা এই সিদ্ধান্তক সমালোচনা কৰি ভাৰতৰ বিৰুদ্ধেও একেধৰণৰ ব্যৱস্থা গ্ৰহণৰ ভাবুকি দিয়ে।

বেইজিংস্থিত চেণ্টাৰ ফৰ চাইনা এণ্ড গ্ল'বেলাইজেশ্যনৰ উপাধ্যক্ষ ভিক্তৰ ঝিকাও গাওৱে ভাৰতলৈ ব্ৰহ্মপুত্ৰৰ পানীৰ প্ৰৱাহ বন্ধ কৰাৰ ভাবুকি দিয়ে। তেওঁ 'ইণ্ডিয়া টুডে'ক দিয়া এটা সাক্ষাৎকাৰত ভাৰতে সিন্ধু জলচুক্তিৰ প্ৰসংগত গ্ৰহণ কৰা স্থিতিত ক্ষোভ প্রকাশ কৰে আৰু কয়, 'আপোনালোকে আনৰ ক্ষেত্ৰত এনেকুৱা ব্যৱহাৰ নকৰিব, যিটো নিজৰ ক্ষেত্ৰত হোৱাটো নিবিচাৰে।' ইয়াৰ জৰিয়তে তেওঁ এই ইংগিত দিয়ে যে যদি চীনৰ বন্ধু ৰাষ্ট্ৰ পাকিস্তানলৈ ভাৰতে নদীৰ পানীৰ প্ৰৱাহ বন্ধ কৰিব পাৰে, তেতিয়া চীনেও ভাৰতৰ বিৰুদ্ধে একে ধৰণৰ ব্যৱস্থা গ্রহণ কৰিব পাৰে। সাক্ষাৎকাৰটোত তেওঁ ব্ৰহ্মপুত্র নদীত চীনৰ কৌশলগত নিয়ন্ত্রণত অধিক গুৰুত্ব আৰোপ কৰে।

 উল্লেখযোগ্য যে ব্ৰহ্মপুত্ৰৰ পানী ভাৰতৰ জল সুৰক্ষাৰ দিশৰ পৰা গুৰুত্বপূৰ্ণ। ভাৰতে সিন্ধু জলচুক্তি বাতিল কৰাৰ প্ৰসংগত গাওৱে কয় যে যেনেকৈ নদীৰ পানী ভাৰত হৈ পাকিস্তানলৈ বৈ যায়, ঠিক তেনেদৰে তেওঁৰ দেশৰ পৰাও নদীৰ পানী ভাৰতলৈ বৈ যায়। এইবুলি ইংগিত দিয়ে যে চীনে নিজৰ 'পৰম বন্ধু দেশ' পাকিস্তানৰ সমৰ্থনত ব্ৰহ্মপুত্ৰ নদীৰ পানীক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিব পাৰে। ভাৰতক এক মধ্যৱৰ্তী ৰাষ্ট্ৰ বুলি উল্লেখ কৰি তেওঁ কয় যে যদিহে দিল্লীৰ বিৰুদ্ধে একেধৰণৰ ব্যৱস্থা গ্রহণ কৰা হয় তেতিয়া তেওঁলোক বিভিন্ন ধৰণৰ কঠিন পৰিস্থিতিৰ সন্মুখীন হ'ব। 

উল্লেখযোগ্য যে চীনে ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ দৰে নদীৰ জল বিজ্ঞান সম্পৰ্কীয় তথ্য ভাৰতক দিয়াটো বন্ধ কৰিছে। ইয়াৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ বান্ধ নির্মাণ কৰি ভাৰতলৈ পানীৰ প্ৰৱাহ বন্ধ কৰাৰ ক্ষমতা লাভ কৰিছে। ব্ৰহ্মপুত্ৰৰ পানী চীনে নিয়ন্ত্ৰণ কৰিলে উত্তৰ-পূর্বাঞ্চল অর্থনৈতিক আৰু কৌশলগতভাৱে জটিতাৰ সন্মুখীন হোৱাৰ আশংকা কৰা হৈছে। 

উল্লেখযোগ্য যে চীনে ভাৰতীয় সীমাৰ কাষতে ব্ৰহ্মপুত্ৰত সৰ্ববৃহৎ জলবিদ্যুৎ প্রকল্প নিৰ্মাণ কৰাৰ তথ্য প্রকাশ কৰে। চীনৰ মতে, এই বান্ধে ভৈয়ামৰ দেশবোৰৰ বাবে সমস্যাৰ সৃষ্টি নকৰে, কিন্তু উত্তৰ-পূৰ্বাঞ্চলৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে। ইফালে, বিশেষজ্ঞসকলে, এই বুলি মত প্রকাশ কৰিছে যে চীনৰ এই ভাবুকিৰ মোকবিলা কৰাৰ বাবে ভাৰতে এতিয়াই প্রস্তুতি আৰম্ভকৰিব লাগে। একাংশ বিশেষজ্ঞই এই বুলিও মত প্রকাশ কৰিছে যে চীনে দিয়া এই ভাবুকি কাৰ্যকৰী হোৱাৰ সম্ভাৱনা কম, কিয়নো চীনৰ মাজেৰে প্ৰৱাহিত হোৱা ব্ৰহ্মপুত্ৰৰ লগতে শতদ্রু নদীৰ পানীৰ প্ৰৱাহ যদি দেশখনে বন্ধ কৰে, তেতিয়া ইয়াৰ ফল পাকিস্তান আৰু বাংলাদেশেও ভোগ কৰিব। ভাৰতলৈ পানীৰ প্ৰৱাহ বন্ধ কৰিলে পাকিস্তান আৰু বাংলাদেশ খৰাং পৰিস্থিতিৰ সন্মুখীন হ'ব। 

আনহাতে, ব্ৰহ্মপুত্ৰৰ ৩০-২০% পানীহে চীনৰ মাজেৰে প্ৰৱাহিত হৈ আহে। ব্ৰহ্মপুত্ৰৰ বাকী ৭০-৮০% পানী বাৰিষাৰ বৰষুণে দিয়ে। উল্লেখযোগ্য যে চীনে ব্রহ্মপুত্রত বান্ধ নিৰ্মাণ কৰি পানীৰ প্ৰৱাহ নিয়ন্ত্ৰণ কৰিবলৈ বিচাৰিছে যদিও ভাৰতে ইয়াক ব্যর্থ কৰাৰ উপায় বিচাৰি উলিয়াইছে। অৰুণাচল প্ৰদেশৰ দিবাঙত নির্মীয়মাণ জলবিদ্যুৎ প্রকল্পত ৩০০০ মেগাৱাট বিদ্যুৎ উৎপাদন কৰাৰ লগতে চীনে জলপ্ৰৱাহ বন্ধ কৰি অৰুণাচলক খৰাং কৰাৰ আৰু অত্যধিক পানী এৰি ৰাজ্যখনত বিভীষিকাৰ সৃষ্টি কৰাৰ চক্রান্তক ব্যর্থ কৰিব। প্রায় ২৮৮ মটাৰ উচ্চতাৰ এই বান্ধে বৃহৎ পৰিমাণৰ পানী ধৰি ৰাখিব পাৰিব। ইয়াৰ বিপৰীতে চীনৰ অধিকাংশ বান্ধ 'ৰান অব দ্য ৰিভাৰ' জলবিদ্যুৎ প্রকল্প। সেয়েহে এই বান্ধবোৰৰ দীৰ্ঘ দিন পানীৰ প্ৰৱাহ বন্ধ কৰি ৰখাৰ ক্ষমতা সীমিত। এই বান্ধবোৰত পানীৰ প্ৰৱাহ জলবিদ্যুৎ উৎপাদনৰ বাবে ব্যৱহাৰ কৰা হয়।

Share This