ডিজিটেল ডেস্ক : ধুবুৰীৰ ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী অঞ্চলত ভাৰতীয় জালনোটসহ এজন যুৱক আটক । ধুবুৰী সদৰ থানাৰ অন্তৰ্গত ভাৰত-বাংলাদেশ সীমান্তৰ ধৰ্মশালা আৰক্ষী চকীৰ আৰক্ষী আৰু সীমান্ত সুৰক্ষা বাহিনীৰ অভিযানত ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী অঞ্চলত প্ৰায় ৭৯ হাজাৰ ভাৰতীয় জালনোটসহ এজন যুৱকক আটক কৰে।
আটকাধীন যুৱকজন ৰোৱাৰকুটিৰ আব্দুল মতালেব বুলি জানিব পৰা গৈছে।
যোৱা নিশা ৭৯ হাজাৰ জালনোট লৈ আব্দুল মতালেবে ৰাস্তাৰে গৈ থকা অৱস্থাত ধৰ্মশালা আৰক্ষী আৰু সীমান্ত সুৰক্ষা বাহিনীৰ এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই আটক কৰে ধৃত জালনোট ব্যৱসায়ীক।
আটকাধীন যুৱকজনক পিছত ধুবুৰী সদৰ আৰক্ষী থানালৈ লৈ গৈ আৰক্ষীয়ে সোধা-পোছা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।
উৎস : প্ৰাগ নিউজ ডিজিটেল