ডিজিটেল ডেস্কঃ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত দক্ষিণ বেলতলা উচ্চ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষৰ মঙলবাৰে শুভাৰম্ভণী অনুষ্ঠান দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয়। পুৱা গছপুলি ৰোপণ, পতাকা উত্তোলন, স্মৃতি তর্পণ আদি বিভিন্ন কাৰ্যসূচীৰ পাছত এটা সাংস্কৃতিক শোভাযাত্রা উলিওৱা হয়।
এই শোভাযাত্রাত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্রী, প্রাক্তন শিক্ষার্থী আৰু স্থানীয় ৰাইজৰ সহযোগিতাত বিভিন্ন জাতি-জনগোষ্ঠীৰ সাংস্কৃতিক পৰম্পৰাক প্ৰতিফলিত কৰে। ইয়াৰ পাছতে উখল-মাখল বিদ্যালয়ৰ চৌহদত অনুষ্ঠিত মুকলি সভাত অসমৰ বহুকেইগৰাকী বিশিষ্ট ব্যক্তিৰ লগতে প্ৰাগ নিউজৰ চি এম ডি ড° সঞ্জীৱ নাৰায়ণ মুখ্য অতিথি হিচাপে উপস্থিত থাকে। অনুষ্ঠানত ড° নাৰায়ণক মানপত্ৰ, গামোচা, ফুলাম জাপি আৰু এটা গছপুলিৰে সম্বৰ্ধনা জনায়।
সম্বর্ধনা গ্রহণ কৰি ড° নাৰায়ণে কয় যে এই বিদ্যালয়খনৰ গৌৰৱময় ক্ষণত মোক আমন্ত্রণ জনোৱাৰ বাবে মই কৃতজ্ঞ। মোৰ এই বিদ্যালয়খনৰ লগত বহু পুৰণি স্মৃতি জড়িত হৈ আছে। পূর্বে অঞ্চলটোৰ জৰাজীৰ্ণ পথ, বিদ্যালয় গৃহৰ এতিয়া বহু উন্নত হোৱা বুলি উল্লেখ কৰে। অনুষ্ঠানত অৱসৰপ্ৰাপ্ত শিক্ষক, প্রাক্তন শিক্ষার্থীসকলেও স্মৃতি ৰোমন্থন কৰে। ইফালে সোণালী জয়ন্তীৰ এই অনুষ্ঠানত ধৰিত্ৰী দিৱস উপলক্ষে উদ্যোক্তাসকলে গছপুলি বিতৰণ কৰে।