বেদখলমুক্ত নহ'ল ভৰলু, বাহিনী নৈ

dainik janambhumi June 23, 2025

ডিজিটেল ডেস্ক : গুৱাহাটীত এজাক বৰষুণৰ পাছতে কৃত্রিম বানত বুৰ যোৱাৰ লগে লগে ৰাইজৰ হাহাকাৰ লাগে। বাকী সময়ত পাহৰি থকা চৰকাৰ-প্রশাসনেও কৃত্রিম বান হ'লেহে ইয়াৰ সমাধান তথা নিয়ন্ত্ৰণৰ বিষয়ে চিন্তা কৰে। বিগত বহু দশক ধৰি গুৱাহাটীত কৃত্ৰিম বান নিয়ন্ত্ৰণৰ নামত এনে এখন নাটকেই চলি আহিছে। 

উল্লেখযোগ্য যে ২০২৩ চনতে মিছন বানমুক্ত গুৱাহাটীৰ অধীনত বাহিনী নৈৰ লগতে ভৰলু নৈৰ দুয়োপাৰে বেদখলমুক্ত কৰিবলৈ ৰাজ্য চৰকাৰে বৃহৎ উচ্ছেদ চলোৱাৰ কথা ঘোষণা কৰিছিল। লগতে চৰকাৰে বাহিনী নদীৰ বুকুৰ আৱৰ্জনা পৰিষ্কৰণৰ স্বাৰ্থত নৈখনৰ পাৰৰ ৩৯টা বিভিন্ন স্থান বেদখলমুক্ত কৰাৰ বাবে গুৱাহাটী পৌৰ নিগমক দায়িত্ব দিছিল। জু-ৰ'ডৰ পৰা ৰাজগড় ৰ'ডলৈকে ভৰলু নদীৰ দুয়োপাৰে হোৱা সকলো অবৈধ বেদখলকৃত অঞ্চলত ব্যাপক উচ্ছেদ অভিযান আৰম্ভ কৰিবলৈ স্থানীয় চক্র বিষয়া তথা গুৱাহাটী পৌৰ নিগমক নির্দেশ দিছিল। কিন্তু পৰৱৰ্তী সময়ত তেনে কোনো উচ্ছেদ দেখা নগ'ল। পাছত চৰকাৰে শিলসাঁকো বিলত উচ্ছেদ কৰিক গুৱাহাটীৰ কৃত্রিম বান সমাধানৰ কথা ক'লে। উচ্ছেদ হ'ল যদিও কাৰ্যতঃ কৃত্রিম বানৰ কোনো সমাধান নহ'ল। 

বিভিন্ন সময়ত গুৱাহাটীত বাহিনী, ভৰলুৰ ওপৰত থকা অবৈধ নির্মাণকার্য উচ্ছেদৰ প্ৰসংগও উল্লেখ কৰে। কিন্তু এই সকলো ঘোষণাতেই থাকি যায়। উল্লেখযোগ্য যে মিছন বানমুক্ত গুৱাহাটীৰ অধীনত মহানগৰীৰ বিভিন্ন নদী তথা নলা-নর্দমা পৰিষ্কৰণৰ বাবে গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণ, জলসম্পদ বিভাগ, লোকনির্মাণ বিভাগ, গুৱাহাটী পৌৰ নিগম আদিক সুকীয়া সুকীয়াকৈ বিভিন্ন দায়িত্ব অর্পণ কৰে। ইয়াৰ বাবে প্ৰত্যেক বছৰে কোটি কোটি টকা আবণ্টন হয়। ইয়াৰ পাছতো বহু নলা-নর্দমাৰ লগতে ভৰলু-বাহিনীৰ কেতবোৰ ঠাই পৰিষ্কাৰ হৈ নুঠে। ফলত একাজ বৰষুণৰ পাছতে গুৱাহাটীবাসীয়ে জীয়াতু ভুগিবলগীয়া হয়।

Share This