কলকাতাত ভোগালী উৎসৱ আৰু শিল্পী দিৱস উদযাপন;  বিভিন্ন কাৰ্যসূচী ৰূপায়ণ

Nikimoni Kachari January 18, 2026

ডিজিটেল ডেস্ক : কলকাতাত উদযাপন কৰা হয় ভোগালী উৎসৱ আৰু শিল্পী দিৱস। কলকাতাৰ অসমীয়া মহিলা কল্যাণ সংস্থাৰ উদ্যোগত শনিবাৰে অসম ভৱন প্ৰাংগণত অনুষ্ঠিত কৰা হয় ভোগালী উৎসৱ আৰু শিল্পী দিৱস। ভোগালী উৎসৱত বিহুৰ কুইজকে আদি কৰি বিভিন্ন খেল-ধেমালিৰ অয়োজন কৰা হয় । 

সমান্তৰালকৈ মহিলা কল্যাণ সংস্থাৰ সদস্যাসকলে শিল্পী দিৱস উপলক্ষে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰে। ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ গীত-মাত , কবিতাৰে এখনি আটকধুনীয়া সংগীতালেখ্য মনস্থ কৰে। 

লগতে ৰূপকোঁৱৰৰ নৃত্য নাট্য, সংগীত আৰু কবিতাৰ সমাহাৰেৰে অসম ভৱন প্ৰাংগণ মুখৰিত হৈ পৰে। ১৯৭১ চনতে জন্ম লাভ কৰা এই সংস্থাটিয়ে প্ৰতি বছৰে মাঘ বিহু, বহাগ বিহু, জ্যোতি দিৱস, ৰাভা দিৱস, শংকদেৱৰ তিথি, জন্মাষ্টমী ইত্যাদি উৎসৱ-পাৰ্বণ পালন কৰি আহিছে।

অসমৰ কৃষ্টি-সংস্কৃতিক অসমৰ বাহিৰতো প্ৰচাৰ কৰি যোৱাটোৱেই সংস্থাটিৰ উদ্দেশ্য।

 

উৎস: প্ৰাগ নিউজ ডিজিটেল

Share This