বেদখলকাৰীৰ কবলত টোকোলাই ভোগদৈ নদী

dainik janambhumi June 04, 2025

ডিজিটেল ডেস্কঃ যোৰহাট পৌৰসভাই বিতর্কিত ঠিকাদাৰ আজাদ চৌধুৰীৰ বাসগৃহত আজি উচ্ছেদ চলাই পৌৰভূমিত অবৈধ দখলদাৰীৰ বিৰুদ্ধে হুংকাৰ দিয়াৰ পাছত যোৰহাটৰ সচেতন বাইজে জিলাখনৰ সকলো বেদখল উচ্ছেদ কৰিবলৈ যোৰহাট জিলা প্রশাসনক আহ্বান জনাইছে। অকল আজাদ চৌধুৰীৰ বাসগৃহই নহয়, পৌৰসভাখনৰ ভৌগোলিক পৰিসীমাৰ ভিতৰত থকা দীর্ঘদিনে অবৈধভাবে দখল কৰি খুটি পুতি বহি লোৱা সকলো বেদখলকাৰীক উচ্ছেদ কৰি নগৰখনত সুস্থ পৰিৱেশ গঢ়ি তুলিবলৈ যোৰহাট প্ৰশাসনক আহ্বান জনাইছে।

যোৰহাট নগৰৰ মাজেৰে বৈ যোৱা টোকোলাই নৈ বেদখলকাৰী কৱলত পৰি সংকুচিত হৈ আহিছে। এসময়ত যোৰহাট নগৰৰ বাবে সৌন্দর্য বহনকাৰী নৈখন এতিয়া পুতিগন্ধময় অৱস্থালৈ পৰিণত হৈছে। যোৰহাট পৌৰসভা এলেকাৰ মাৰোৱাৰী পট্টি, মাছৰহাট, ৰজামৈদাম আদি অঞ্চলত বেদখলকাৰীয়ে কিছু কিছু ঠাইত নৈৰ পৰা খাললৈ ৰূপান্তৰিত কৰিছে। বছৰ বছৰ ধৰি টোকোলাইখন বেদখলকাৰীৰ কৱলত পৰি মৃতপ্রায় হৈ পৰিছে যদিও যোৰহাট পৌৰসভা তথা জিলা প্রশাসনে আজিকোপতি ফলপ্রসূ ব্যৱস্থা গ্রহণ নকৰিলে। কেইবাবছৰো পূর্বে টোকোলাই নৈখনৰ দুয়োপাৰে প্রশাসনে উচ্ছেদৰ ব্যৱস্থা গ্রহণ কৰিছিল যদিও ৰাজনৈতিক মেৰপাকত সোমাই সেই কাৰ্য সম্পূর্ণ নহ'ল।

যোৰহাট নগৰত টোকোলাই নৈখনে নগৰখনৰ সৌন্দৰ্যবৰ্ধনত গুৰুত্বপূৰ্ণ ভূমিকা গ্রহণ কৰি আহিছিল। কিন্তু বিগত বৰ্ষসমূহত পৌৰসভাৰ জ্ঞাতসাৰে অথবা অজ্ঞাতসাৰে নৈখনৰ দুয়োপাৰে এনেধৰণে অবৈধ নির্মাণ চলিল যে নৈখনৰ ভৌগোলিক পৰিসীমা নির্ধাৰণ কৰিবলৈ অসুবিধাৰ সন্মুখীন হ'ল। বিশেষকৈ নগৰখনৰ পৰিসীমাতে টোকোলাই অস্তিত্ব আটাইতকৈ বিপন্ন হৈ পৰিল। অবৈধভাৱে দখল কৰাটো বাদেই, নৈখনৰ গাতে লাগি থকা একাংশ লোকে নৈখনৰ মাটিত অবৈধ নিৰ্মাণ কৰাৰ অভিযোগ পূৰ্বৰে পৰা উঠি আহিছে যদিও ৰাজনৈতিক আশিসধন্য একাংশ লোকৰ বাবে এতিয়াও টোকোলাই নৈত উচ্ছেদ হোৱা নাই। অৱশ্যে টোকোলাই পানী বোৱাই নিবলৈ পূৰ্বতে কেইবাবাৰো পৰিষ্কাৰকৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছিল যদিও সেয়া পর্যাপ্ত নহয়।

সেয়েহে যোৰহাট জিলা প্রশাসনে অনতি পলমে টোকোলাই নৈৰ দুয়োকাষে উচ্ছেদ কৰি বেদখলকাৰী আঁতৰাই চৰকাৰী ভূমি মুক্ত কৰাৰ আহ্বান জনাইছে যোৰহাটৰ সচেতন ৰাইজে। যোৰহাটৰ আয়ুস ৰেখাস্বৰূপ আহোম ৰাজত্বৰ সাক্ষীস্বৰূপ ভোগদৈ নদীৰ দুয়োপাৰে এতিয়া অবাধভাৱে বেদখলকাৰীৰ পয়োভৰ ঘটিছে। গোজেই গজালি মেলি ভোগদৈ নদী দখলকাৰীৰ চাকনৈয়াত নদীখনৰ অস্তিত্বৰ প্ৰতি ভাবুকি আহিছে। যোৰহাট নগৰৰ পৌৰসভাৰ অন্তৰ্গত পূজাডুবিৰ পৰা বাইপাছৰ ভোগদৈ নদীৰ সমীপলৈকে দুয়োপাৰে অবৈধভাৱে নদীখনৰ মাটি দখল কৰিছে। পৌৰসভাৰ অন্তৰ্গত এলেকাটোত ভোগদৈৰ নদীৰ বেদখলকাৰীৰ বিৰুদ্ধে আজিলৈকে পৌৰসভাখনে মাত মতা নাই। পূজাডুবি, শুৱনি গাঁও, ৰজামৈদাম আদি অঞ্চলত ভোগদৈৰ মাটি বেদখল কৰিছে একাংশই। বিশেষকৈ ভোগদৈ নদীৰ কাষত বহুলোকে অবৈধ নিৰ্মাণৰ অভিযোগ পূৰ্বৰে পৰা উঠি আহিছে। অতি পৰিতাপৰ কথা যে ভোগদৈ নদীৰ বাই পাছৰ দলঙৰ পৰা উত্তৰ দিশে যোৱা ১০ বছৰমানৰ পৰা নদীখনৰ পাৰতে অবৈধ দখলকাৰীয়ে ঘৰ সাজি বসবাস কৰিছে যদিও যোৰহাট জিলা প্ৰশাসনৰ কাণসাৰ নাই। দিচৈ নগৰৰ সমীপতে প্রায় দুই কিল'মিটাৰজোৰা এলেকাত ঘৰ সাজি বসবাস কৰিছে বহু লোকে। অভিযোগ অনুসৰি, কেইবাগৰাকীও দখলকাৰীয়ে ভোগদৈৰ মাটি অন্য লোকক বিক্ৰী কৰিছে। সেই মাটিত অবৈধভাৱে ঘৰ নিৰ্মাণ কৰি বসবাস কৰিছে। বিশেষকৈ নদীখনৰ পাৰত বাসগৃহ সাজি ভোগদৈৰ অস্তিত্ব বিপন্ন কৰি তুলিছে।

এনে এক সন্ধিক্ষণত যোৰহাটৰ ভোগদৈ নদী আৰু টোকোলাই নৈৰ বেদখলমুক্ত নকৰিলে যোৰহাট জিলা প্ৰশাসনক ইতিহাসে ক্ষমা নকৰিব। সেয়েহে বেদখলৰ বিৰুদ্ধে প্রশাসনে গ্রহণ কৰা স্থিতি মজবুত কৰি ভোগদৈ আৰু টোকোলাই নদীৰ লগতে নগৰৰ যিসমূহ ঠাইত চৰকাৰী ভূমিত বেদখল কৰি আছে, সেইসমূহ উচ্ছেদ কৰি নগৰৰ লগতে উপকণ্ঠ এলেকা বেদখলমুক্ত কৰিবলৈ প্ৰশাসনক ৰাইজে অনুৰোধ জনাইছে।

Share This